Logo
image

এতিয়াও অগ্নিগৰ্ভা হৈ আছে মণিপুৰ

আমাৰ অসম, ২৮ মে’:  গোষ্ঠীসংঘৰ্ষত জৰ্জৰিত মণিপুৰত সেনাবাহিনী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযান আৰম্ভ হৈছে৷ শুকুৰবাৰে নিশাৰ পৰা মণিপুৰৰ কাংছুক, মটবুং, ছাইকুল, পুখাও, ছাংগলমাং অঞ্চলত সশস্ত্ৰ  কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে সেনাবাহিনী আৰু আছাম ৰাইফলছক নমোৱা হয়৷ এতিয়াও অগ্নিগৰ্ভ হৈ থকা মণিপুৰত শনিবাৰে এই অভিযান অধিক ব্যাপক হৈছে আৰু সেনা তথা আছাম ৰাইফলছৰ ১৩০ টা ‘কলম’ক অভিযানত নিয়োগ কৰা হৈছে৷ যোৱা ৩ মে’ৰ পৰা ৰাজ্যখনত হোৱা ভয়ংকৰ গোষ্ঠীসংঘৰ্ষত সশস্ত্ৰ কুকি উগ্ৰপন্থীয়ে লোৱা  হিংসাত্মক পন্থাৰ বিষয়ে জ্ঞাত হোৱাৰ পাছত দেৰিকৈ  হ’লেও ৰাজ্যখনত সেনাৰ অভিযান আৰম্ভ হয়৷ এই পৰিস্থিতিত শনিবাৰে সেনাবাহিনীৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডে শনিবাৰে গৈ মণিপুৰত উপস্থিত হৈছে৷ পৰিস্থিতিৰ সবিশেষ প্ৰত্যক্ষ কৰাৰ বাবেই সেনাপ্ৰধান মণিপুৰলৈ গৈছে আৰু তেওঁৰ তত্বাৱধানতে সেনাৰ প্ৰাৰম্ভিক অভিযান আৰম্ভ হৈছে৷ ইপিনে, হিংসাজৰ্জৰ মণিপুৰত ৰক্ষকেই ভক্ষকৰ ৰূপ লৈছে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় নিৰাপত্তাবাহিনীৰ তিনিজন জোৱানে নিউ চেককনত এখন দোকান জ্বলাই দিওতেই মণিপুৰ আৰক্ষীয়ে তিনিওকে হাতেলোটে ধৰে৷  ‘ৰাফ’ৰ এই তিনি জোৱান ক্ৰমে কুলদীপ সিং, প্ৰদীপ কুমাৰ আৰু সোমদেব আৰ্যক এই অপৰাধত চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে৷