Logo
image

স্পেনিছ লীগৰ সৰ্বাধিক গ’লদাতাৰ ৰূপত এজন অসমীয়া ফুটবলাৰ

আমাৰ অসম, ২৮ মে’:  ইউৰোপৰ ক্লাব ফুটবল খেলাৰ সুযোগ পোৱা অসমৰ প্ৰথমজন খেলুৱৈ কবীৰ বৰুৱা নাথ শেহতীয়াকৈ উজলি উঠিছে স্পেনিছ  ফুটবল লীগত৷ স্পেইনৰ টাৰ্চেৰা ডিভিজনত টেৰাগ’না ফুটবল ক্লাবক প্ৰতিনিধিত্ব কৰা ২২ বছৰীয়া কবীৰে লীগৰ ১৪খন খেলত কৰিছে ১৩টা গ’ল আৰু এইদৰে তেওঁ লীগৰ সৰ্বাধিক গ’লদাতাত পৰিণত হোৱাৰ দিশত আগবাঢ়িছে৷ বিগত কেইবা বছৰৰ পৰা তেওঁ স্পেইনত খেলি আছে৷ উল্লেখ্য, কবীৰৰ চিকিৎসক পিতৃ-মাতৃ কল্পজিৎ নাথ আৰু মাতৃ গীতা বৰুৱা¸কৰ্মসূত্ৰে থাকে গুৰগ্ৰামত৷ ছবছৰৰ পৰা ফুটবল খেলিবলৈ আৰম্ভ কৰা কবীৰে  হাৰিয়ানা আৰু গুৰগ্ৰামত বয়স গ্ৰুপৰ প্ৰতিযোগিতাত খেলি বিশেষ পাৰদৰ্শিতা দেখুৱাইছিল৷ অনূধবৰ্ ১৭বছৰৰ প্ৰতিযোগিতাত তেওঁ সৰ্বাধিক গ’লদাতাৰো সন্মান লাভ কৰিছিল৷ তেনেদৰেই তেওঁ ফুটবল বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ স্পেইনৰ ফুটবল ক্লাব এটাই ভাৰতত অনুষ্ঠিত কৰা প্ৰতিভা সন্ধানী প্ৰতিযোগিতা এখনত ভাগ লৈ কবীৰে খেলুৱৈ নিৰ্বাচনৰ দায়িত্বত থকাসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ তেনেদৰেই তেওঁ স্পেইনত খেলাৰ সুযোগ পায়৷ ভৱিষ্যতলৈ লা লীগাত খেলাৰ সপোন পুহি ৰখা কবিৰে স্পেইনৰ লগতে ফ্ৰান্স আৰু ব্ৰাজিলতো খেলাৰ সুযোগ লাভ কৰিছে৷ এতিয়ালৈকে নিজৰ প্ৰদৰ্শনত যথেষ্ট সন্তুষ্ট কবিৰৰ লক্ষ্য হৈছে সফলতাৰ এই ধাৰা অব্যাহত ৰাখি ইউৰোপৰ  আগশাৰীৰ ক্লাবত চুক্তিবদ্ধ হোৱা৷