Logo
image

খিতাপৰ যুঁজত আজি গুজৰাট টাইটানছৰ সন্মুখত চেন্নাই ছুপাৰ কিংছ

আমাৰ অসম, ২৮ মে’: এইবাৰৰ আই পি এলত তিনিটাকৈ শতকীয় ইনিংছ খেলি ‘ৰান মেচিন’ৰ আখ্যা পাইছে গুজৰাট টাইটানছৰ শুভম গীলে৷ দেওবাৰে চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে হ’বলগীয়া খিতাপৰ যুঁজতো সকলোৰে দৃষ্টি থাকিব গীলৰ ওপৰত৷ আনহাতে, পঞ্চমটো খিতাপ জয়েৰে কেৰিয়াৰৰ অন্তিমবাৰৰ আই পি এল স্মৰণীয় কৰি ৰাখিব বিচাৰিব চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে৷ ধোনিয়ে যদিও নিজৰ ভৱিষ্যৎ সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো মন্তব্য কৰা নাই,তথাপি তেওঁক যে অন্তিমবাৰৰ বাবে যে চেন্নাই ছুপাৰ কিংছৰ জাৰ্ছীত দেখা যাব সেই বিষয়ে অনুৰাগীসকলে ধাৰণা কৰি লৈছে৷ উল্লেখ্য, কোৱালিফায়াৰ ‘এক’ত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ১৫ ৰানত পৰাস্ত কৰিছিল আৰু দলটোৱে ফাইনেলতো সেই প্ৰদৰ্শনৰ পুনৰাবৃত্তি বিচাৰিব৷ কিন্তু গুজৰাট টাইটানছক আকৌ এবাৰ পৰাস্ত কৰিবলৈ হ’লে ছুপাৰ কিংছে সকলো বিভাগতে প্ৰদৰ্শন উন্নত কৰিব লাগিব৷ গুজৰাট দলটো বেটিং আৰু বলিং দুয়োটা বিভাগতে শক্তিশালী৷ এই কথা দলটোৱে লীগ পৰ্যায়ৰ খেলতে প্ৰমাণ কৰিছে৷ বেটিঙত শুভমন গীলৰ লগতে গুজৰাট টাইটানছৰ  আছে ডেভিদ মিলাৰ, অধিনায়ক হাৰ্দিক পাণ্ডিয়া, ৰাহুল টেৱাটিয়া, বিজয় শংকৰৰ দৰে বেটাৰ৷ তেনেদৰে বলিঙতো মহম্মদ ছামি, ৰছিদ খান আৰু মোহিত শৰ্মাই সকলো দলৰ বেটাৰক সমস্যাত পেলাবলৈ সক্ষম হৈছে৷ গুজৰাট টাইটানছৰ শুভমন গীলে এতিয়ালৈকে তিনিটা শতকৰ সহায়েৰে সংগ্ৰহ কৰিছে ৮৫১ ৰান৷ ফাইনেলত চেন্নাই ছুপাৰ কিংছৰ প্ৰধান লক্ষ্য হ’ব গীলক বশ কৰাটো৷ তাৰ বাবে ধোনিয়ে তেওঁৰ দলৰ বলাৰক কেনেদৰে ব্যৱহাৰ কৰে সেয়া হ’ব লক্ষ্যণীয়৷  চেন্নাই ছুপাৰ কিংছৰ বেটিং বহু পৰিমাণে নিৰ্ভৰ কৰিব ঋতুৰাজ গায়কোৱাড়, ডেভ’ন কনৱে’, অজিংক্য ৰাহানে আৰু শিৱম ডুবেৰ ওপৰত৷ এইবাৰৰ আই পি এলত ডুবেই৩৩টা ছিক্সাৰ কোবাইছে৷ আনহাতে, শ্ৰীলংকাৰ মহীশ পাথিৰানাৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷ পাথিৰানাই এতিয়ালৈকে ১৭টা আৰু তুষাৰ দেশপাণ্ডেই ২১টা উইকেট দখল কৰিছে৷