Logo
image

দ্বিতীয় ইনিংছৰ বাবে সাজু ছানিয়া

বিশ্ব টেনিছত ভাৰতক এক সুকীয়া স্থান দিয়া ছানিয়া মিৰ্জা বৰ্তমান এগৰাকী প্ৰাক্তন খেলুৱৈ৷ চলিত বছৰৰ ফেব্ৰুৱাৰীত খেলুৱৈগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় টেনিছৰ পৰা অৱসৰৰ ঘোষণা কৰিছিল৷ পৰৱৰ্তী সময়ত আন কোনো গ্ৰেণ্ড শ্লেমত দেখা নাযাব ছানিয়াক৷ খেলুৱৈ হিচাপে দেখা নগ’লেও বছৰৰ দ্বিতীয়খন গ্ৰেণ্ড শ্লেম ফ্ৰেন্স অ’পেনত ৩৬ বছৰীয়া ছানিয়াক দেখা যাব এক অন্য ভূমিকাত৷ নিজেই এই কথা প্ৰকাশ কৰি ছানিয়াই কয় যে অনুৰাগীয়ে এইবাৰ তেওঁক দেখিব আন ভূমিকাত৷ ‘এতিয়ালৈকে টেনিছপ্ৰেমীয়ে মোক কেৱল খেলুৱৈ হিচাপে দেখি আহিছে৷ অৱসৰৰ পাছত এইবাৰ তেওঁলোকে মোক দেখিব অন্য ভূমিকাত৷ টেনিছ খেলাটো সকলো সময়তে এটা ডাঙৰ প্ৰত্যাহ্বান৷ কিন্তু টেনিছৰ ধাৰাভাষ্য দিয়াটো আছে এক বিশেষ উত্তেজনা৷ মই টেনিছৰ ধাৰাভাষ্যকাৰৰ ৰূপত অৱতীৰ্ণ হ’লে তৰুণ খেলুৱৈসকল টেনিছৰ প্ৰতি বেছিকৈ আগ্ৰহী হ’ব বুলি মই  আশাবাদী৷’– কয় ছানিয়াই৷ উল্লেখ্য, মিহলাৰ টেনিছত এটা সময়ত  ডাবলছৰ শীৰ্ষস্থানত আছিল ছানিয়া৷ এটা সাক্ষাৎকাৰত প্ৰাক্তন খেলুৱৈগৰাকীয়ে কয় যে ভাৰতত টেনিছৰ প্ৰতি আগ্ৰহ থকা লোকৰ সংখ্যা কম নহয়৷ গ্ৰেণ্ড শ্লেম টেনিছো বহু সংখ্যক ভাৰতীয়ই উপভোগ কৰে৷ তেওঁ ফ্ৰেন্স অ’পেনৰ সৈতে জড়িত হোৱাৰ পাছত আৰু অধিক ভাৰতীয়ই টেনিছ চাব আৰু খেলবিধৰ প্ৰতি আগ্ৰহী হ’ব বুলি তেওঁ আশাবাদী৷

উল্লেখ্য, চলিত বৰ্ষতে লাল বাহাদুৰ ষ্টেডিয়ামত খেলি ছানিয়া মিৰ্জাই অৱসৰ লৈছিল৷ প্ৰায় ২০ বছৰ পূৰ্বে এই লাল বাহাদুৰ ষ্টেডিয়ামতে কেৰিয়াৰৰ প্ৰথমটো ডব্লিউ টি এ খিতাপ জয় কৰিছিল ছানিয়াই৷ তেতিয়াই খেলুৱৈগৰাকীৰ প্ৰতিভাৰ পৰিচয় পোৱা গৈছিল৷ সেই ষ্টেডিয়ামতে প্ৰদৰ্শনীমূলক খেল এখনত ভাগ লৈ অৱসৰ লৈছিল ছানিয়াই৷