Logo
image

অৰুণাচলত চীনৰ আগ্ৰাসন লৈ নৰম দিল্লী

আমাৰ অসম, ২০ জানুৱাৰীঃ ভাৰতীয় ভূমিখণ্ডৰ ভিতৰত অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা ৪.৫ কিলোমিটাৰ ভিতৰলৈ সোমাই চীনে এখন গাঁও নিৰ্মাণ কৰাৰ ঘটনাত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ে৷ বৈদেশিক মন্ত্ৰণালয়ে এটা বিবৃতিত কৈছে যে তেওঁলোকে সীমান্তৱৰ্তী অঞ্চলত সংঘটিত সকলো কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ কেন্দ্ৰই দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে কৰণীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব৷ তদুপৰি ভাৰতেও সীমান্তৱৰ্তী অঞ্চলত পথ, আন্তগাঠনি নিৰ্মাণ কৰি যোগাযোগ ব্যৱস্থা উন্নত কৰা বুলি বিবৃতিটোত কোৱা হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ সাৰ্বভৌমত্ব বিনষ্ট কৰি ভাৰতীয় ভূখণ্ডত চীনে এখন গাঁও নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ঘটনাত বৈদেশিক মন্ত্ৰী কিম্বা কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে মুকলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷

উল্লেখ্য, আমেৰিকাস্থিত ‘প্লেনেট লেবে’ সোমবাৰে এখন উপগ্ৰহ চিত্ৰ প্ৰকাশ কৰিছিল, য’ত অৰুণাচল সীমান্তৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা এখন গাঁও স্পষ্টৰূপত প্ৰকাশ পাইছিল৷ প্লেনেট লেবৰ দাবী আৰু ভূ বিজ্ঞানীৰ বিশ্লেষণ অনুসৰি ১০১টা সম্পূৰ্ণ পকীঘৰ থকা এই অঞ্চলটো ছাৰি চ্যু নদীৰ পাৰত আৰু ভাৰত-চীন সীমান্তৰ পৰা ৪.৫ কিলোমিটাৰ ভাৰতীয় ভূখণ্ডৰ ভিতৰত৷ এই ‘ছেটেলাইট ইমেজ’ বা কৃত্ৰিম উপগ্ৰহৰ ফটোখন ২০২০ চনৰ নৱেম্বৰৰ৷ একেটা ‘প্লেনেট লেবে’ একেখন স্থানৰ ২০১৯ চনৰ আগষ্টৰ এখন ফটোও লগতে প্ৰকাশ কৰিছে, য’ত কেৱল ছাৰি চ্যু নদীখন আৰু ঘন অৰণ্যহে আছে, কোনো নিৰ্মাণ বা অৰ্ধনিৰ্মাণ নাই৷ এই ফটোখনৰৰ সত্যতা কেন্দ্ৰীয় চৰকাৰ অথবা বৈদেশিক মন্ত্ৰণালয়ে বিশ্লেষণ কৰিছে নে নাই সেই বিষয়ে মন্ত্ৰণালয়ৰ বিবৃতিত একো জনোৱা নাই৷

দেশৰ সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি যি সময়ত লাডাখত চীন আৰু ভাৰতৰ সেনাৰ মাজত ভয়ংকৰ সংঘাতৰ উদ্ভব হৈছিল, সেই সময়তে চীনৰ সেনা বাহিনীয়ে ভাৰতীয় ভূখণ্ডৰ ভিতৰত অৰুণাচল প্ৰদেশত এই গাঁওখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল৷ ২০২০ চনৰ মে’ৰ পৰা লাডাখৰ সীমান্তত আৰম্ভ হোৱা সংঘাতৰ এতিয়াও সম্পূৰ্ণ অৱসান ঘটা নাই৷ বিবদমান গালৱান অঞ্চলত নিজৰ নিজৰ দাবী অনুসৰি অৱস্থান গ্ৰহণ কৰি আছে চীন আৰু ভাৰতৰ সেনাই৷ হিমাংকৰ বহু তললৈ নামি যোৱা তাপমাত্ৰাত বৰফ গোট খাই যোৱাৰ বাবেই উভয় পক্ষৰ সেনাই সংঘাতৰ পৰা আঁতৰি নিজৰ দখল দৃঢ় কৰি অৱস্থান গ্ৰহণ কৰি আছে৷ সামৰিক পৰ্যায়ৰ সকলো আলোচনা ব্যৰ্থ হৈছে আৰু চীনে দখল কৰি লোৱা ভাৰতীয় ভূমিখণ্ডৰ পৰা চীনৰ সেনা আঁতৰি যোৱা নাই৷ শেহতীয়া এই সংঘাতৰ সময়ত গালবান উপত্যকাৰ পেংগং চ্যু হৃদৰ পাৰত ১৫ জুনত ভাৰত আৰু চীনৰ সেনাৰ মাজত ভয়ংকৰ সংঘৰ্ষ হৈছিল৷ সেই সংঘৰ্ষত লোহাৰ গজাল পুতি লোৱা লাঠীৰে কোবাই চীনৰ সেনা বাহিনীয়ে এজন মেজৰসহ ২০ জন ভাৰতীয় সেনাক হত্যা কৰিছিল আৰু ৭৬ জনক আহত কৰিছিল, য’ৰ ১৮জনৰ আঘাত আছিল গুৰুতৰ৷ সেই তথ্য ভাৰতে চৰকাৰীভাৱে স্বীকাৰ কৰিছে৷ ভাৰতৰ প্ৰত্যাক্ৰমণত চীনৰো বহু সংখ্যক সেনাৰ প্ৰাণহানি ঘটা বুলি ভাৰতে দাবী কৰিছে, কিন্তু নিহতৰ সংখ্যা প্ৰকাশ কৰা নাই৷ সেই দীঘলীয়া সময়চোৱাত অৰ্থাৎ ৫ মে’ৰ পৰা আৰম্ভ হোৱা সংঘাতত ভাৰতীয় সেনাৰ আৰু চৰকাৰৰ দৃষ্টি সম্পূৰ্ণৰূপে লাডাখত নিবদ্ধ হৈছিল আৰু তাৰে সুযোগ লৈ অৰুণাচল প্ৰদেশত খৰটকীয়াকৈ চীনে গাঁওখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ সেই দিশৰ পৰা লাডাখৰ সংঘাত চীনৰ সেনাৰ অতিশয় কৌশলী পদক্ষেপ আছিল বুলি সমৰবিদে বিশ্লেষণ কৰিছে৷ অৰুণাচলৰ সীমাতে চীনে শেহতীয়াকৈ আৰু দুখন গাঁও নিৰ্মাণ কৰিলেও তাৰ অৱস্থিতি চীনৰ ভূখণ্ডৰ ভিতৰত তিব্বতত৷ লাডাখ সংঘাতৰ মাজতে আৰু এখোজ আগুৱাই চীনে ভাৰতৰ ভিতৰত গাঁও নিৰ্মাণ কৰি এইবাৰ অধিক আগ্ৰাসী মূৰ্তি ধাৰণ কৰিছে৷