Logo
image

গণতন্ত্ৰ উদ্‌যাপন, গণতন্ত্ৰ ধৰাশায়ী

আমাৰ অসম, ২৯ মে’:  দেশৰ নতুন সংসদ ভৱন উদ্বোধন কৰি দেশত গণতন্ত্ৰ উদযাপন কৰাৰ দিনটোতে সংসদ ভৱনৰ ২ কিলোমিটাৰ নিলগত ধৰাশায়ী হ’ল গণতান্ত্ৰিক প্ৰতিবাদ৷ যোৱা ২৩ এপ্ৰিলৰ পৰা যৌন নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি থকা দেশৰ চেম্পিয়ন মহিলা মল্লযোদ্ধাক আক্ষৰিক অৰ্থত দিল্লী আৰক্ষীয়ে ধৰাশায়ী কৰি আটক কৰাৰ লগতে     প্ৰতিবাদস্থলী যন্তৰ মন্তৰৰ পৰা উৎখাত কৰি গণতান্ত্ৰিক প্ৰতিবাদক মষিমুৰ কৰিছে৷ দেওবাৰে যন্তৰ মন্তৰৰ পৰা ২ কিলোমিটাৰ নিলগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে৷ প্ৰতিবাদকাৰী মল্লযোদ্ধাই নতুন সংসদ ভৱনৰ সমীপত ‘মহিলা সন্মান মহাপঞ্চায়ত’ অনুষ্ঠিত কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু তেওঁলোকৰ সমৰ্থকে যন্তৰ মন্তৰৰ পৰা যাত্ৰা আৰম্ভ কৰিবলৈ লওতেই বিশাল দিল্লী আৰক্ষী বাহিনী আৰু নিৰাপত্তাবাহিনীয়ে প্ৰতিবাদকাৰীক আগবঢ়াত বাধা দিয়ে৷ তেতিয়া অলিম্পিকৰ পদকবিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া, এছিয়ান গেমছৰ পদক বিজয়ী ৱিনেশ ফোগাট, সংগীতা ফোগাট আদিয়ে বলপূৰ্বক আগবাঢ়িবলৈ চেষ্টা কৰে৷ লগে লগে দিল্লী আৰক্ষীয়ে তেওঁলোকক মাটিত বগৰাই, চোচোৰাই প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই নি বাছত উঠোৱাৰ চেষ্টা কৰে৷ মহিলা হ’লেও শক্তিশালী মল্লযোদ্ধাক কাবু কৰাত দিল্লী আৰক্ষীয়ে অশোষ শ্ৰম কৰিবলগীয়া হয়৷ কেইমিনিটমান সময়ৰ সেই স্থান যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত হয় আৰু নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশেষত কেইবাগৰাকী মহিলা আৰক্ষীয়ে এগৰাকী এগৰাকীকৈ মল্লযোদ্ধাক মাটিত বগৰাই, টানি চোচোৰাই নি বাছত তোলে৷ সাক্ষী মালিক, বজৰং পুনিয়া, ৱিনেশ ফোগাট, সংগীতা ফোগাটকে ধৰি সকলো প্ৰতিবাদকাৰীয়ে আৰক্ষী আৰু নিৰাপত্তাবাহিনীক তেনেদৰে বলপূৰ্বক নিয়াত প্ৰবল বাধা প্ৰদান কৰে৷ কিন্তু বিশাল বাহিনীৰ সন্মুখত তেওঁলোকে অৱশেষত হাৰ মানিবলৈ বাধ্য হয়৷ আৰক্ষীয়ে সকলো প্ৰতিবাদকাৰীক বাছত তুলি অজ্ঞাত স্থানলৈ লৈ যায়৷ প্ৰতিবাদী মল্লযোদ্ধাক ক’ত ৰাখিছে সেই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে কোনো বক্তব্য প্ৰকাশ কৰা নাই৷ কেৱল তেওঁলোকে আইন উলংঘা কৰাৰ বাবে প্ৰতিবাদকাৰীক আটক কৰা বুলি প্ৰকাশ কৰিছে৷ আটকাধীন এগৰাকী মল্লযোদ্ধাই ছ’চিয়েল মিডিয়াত আপলোড কৰা এটা ভিডিঅ’ত দেখা গৈছে, সকলোকে দিল্লীৰ টিক্ৰি সীমান্তৰ দিশে লৈ যোৱা হৈছে৷

ইপিনে প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু তেওঁলোকৰ সমৰ্থকক আটক কৰি বাছত তোলাৰ পাছতে দিল্লী আৰক্ষীৰ এটা বৃহৎ দলে যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীয়ে ব্যৱহাৰ কৰি থকা মেট্ৰেচ, ক’টছ, কুলাৰ, ফেন, টাৰ্পুলিনৰ ঢাকনি আৰু মল্লযোদ্ধা তথা সমৰ্থকৰ সকলো ব্যক্তিগত বস্তু-বাাহনি ট্ৰাকত তুলি আঁতৰাই সম্পূৰ্ণ যন্তৰ-মন্তৰ খালি কৰি পৰিষ্কাৰ কৰি পেলায়৷ আৰক্ষী বাহিনীয়ে ঘেৰি থকা যন্তৰ মন্তৰ দেখিলে এতিয়া সেই ঠাইত কেইঘণ্টামান পূৰ্বে প্ৰতিবাদ হৈ থকাৰ কোনো চিন মোকাম দেখিবলৈ নাপায়৷ উল্লেখ্য, ভাৰতীয় ৰেছলিং ফেডাৰচনৰ সভাপতি ব্ৰীজভূষণ চাৰণ সিঙে মহিলা মল্লযোদ্ধাক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাইছিল৷ তাৰে এগৰাকী মল্লযোদ্ধা সেই সময়ত নাবালিকা আছিল৷ ব্ৰীজভূষণ চাৰণ সিং বিজেপিৰ প্ত বাৰৰ সাংসদ৷ উত্তৰ প্ৰদেশৰ এই বাহুবলী সাংসদজনক মোদী চৰকাৰে এই পৰ্যন্ত ৰক্ষণাবেক্ষণ দি আছে৷ দেওবাৰে ব্ৰীজভূষণ নতুন সংসদ ভৱনৰ উদ্বোধন অনুষ্ঠানত উপস্থিত আছিল৷ উল্লেখ্য, মল্লযোদ্ধাৰ যৌন নিৰ্যাতনৰ অভিযোগৰ বিৰুদ্ধে ভাৰতীয় অলিম্পিক সংস্থাৰ দ্বাৰা গঠিত এখন কমিটীয়ে অনুসন্ধান চলালেও তাত ব্ৰীজভূষণক ক্লিনশ্বিট দিয়া বুলি অভিযোগ উঠিছে৷ তদন্তৰ প্ৰতিবেদন এতিয়াও প্ৰকাশ কৰা নাই৷ ইপিনে বিজেপিৰ সমৰ্থনত বলীয়ান মুঠ ৬ বাৰৰ সাংসদ ব্ৰীজভূষণে পদত্যাগ নকৰে বুলি দম্ভ মাৰিছে৷ দেওবাৰে দিল্লী আৰক্ষীয়ে দেশৰ সন্মান কঢ়িয়াই অনা মল্লযোদ্ধা আৰু নিৰ্যাতিতাক এনেদৰে ভূলুণ্ঠিত কৰি অত্যাচাৰ কৰাৰ ঘটনাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি বহুতে নিন্দা কৰিছে৷