Logo
image

হাগ্ৰামাক মহাজোঁটত যোগ দিয়াৰ আহ্বান

আমাৰ অসম, ২০ জানুৱাৰীঃ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন আঞ্চলিক দল বি পি এফক কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা নৱগঠিত মহাজোঁটত চামিল হোৱাৰ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷ মঙলবাৰে ইউ ডি এফ, আঞ্চলিক গণ মৰ্চা, তিনি বামপন্থী দলৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ মহাজোঁটে চূড়ান্তৰূপে লোৱাৰ পাছত মহাজোঁটত চামিল হ’বলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই হাগ্ৰামা মহিলাৰীক আহ্বান জনায়৷ উল্লেখ্য বি টি চিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰে বি পি এফৰ মিত্ৰতাৰ ফাট মেলিছিল৷ ২০১৬ চনত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰে মিত্ৰতা হৈছিল৷ ইয়াৰ পূৰ্বে তিনিটা কাৰ্যকালত বিধানসভা নিৰ্বাচনত বি পি এফে কংগ্ৰেছেৰ মিলি চৰকাৰ গঠন কৰিছিল৷ ক্ষমতাৰ লোভত বিজেপিয়ে বিপিএফক প্ৰত্যাখ্যান কৰি ইউ পি পি এলৰ সৈতে মিলি বি টি চি পৰিষদ গঠন কৰিছিল৷ উল্লেখ্য, শেহতীয়াভাৱে বি পি এফৰ সৈতে মিত্ৰতা হ’ব বুলি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে পৃথকে পৃথকে ঘোষণা কৰিছে৷ স্মৰ্তব্য ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাই ইতিমধ্যে ৰূপ লাভ কৰিছে৷ ইপিনে চূড়ান্ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নৱগঠিত আঞ্চলিক দল দুটাক কটাক্ষ কৰি কয়–অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ‘জিৰ পাৰ্টি’৷ ভোটৰ পাছতে এই দল দুটাৰ কাৰ্যালয় বন্ধ হ’ব৷