Logo
image

যন্তৰ মন্তৰ নিষিদ্ধ, প্ৰতিবাদী মল্লযোদ্ধা এতিয়াও আৰক্ষীৰ বেহুত

আমাৰ অসম, ৩০ মে’: যৌন নিগ্ৰহ চলোৱাৰ ভয়ংকৰ অভিযোগত অভিযুক্ত বিজেপিৰ পাঁচবাৰৰ সাংসদ [মুঠ ৬ বাৰৰ লোকসভাৰ সাংসদ] তথা ভাৰতীয় ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰীজভূষণ চাৰণ সিঙক গ্ৰেপ্তাৰ কিম্বা সোধা পোছা কৰিবলৈ সাহস গোটাব নোৱাৰা দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰী মল্লযোদ্ধাৰ বিৰুদ্ধে আইন ভংগৰ অভিযোগত এজাহাৰ ৰুজু কৰিছে৷ দিল্লী আৰক্ষীয়ে প্ৰতিবাদী আৰু যৌন নিগ্ৰহৰ বলি হোৱা মল্লযোদ্ধাৰ বিৰুদ্ধে সংঘৰ্ষ সৃষ্টিৰ অভিযোগ আনি দেওবাৰেই গোচৰ ৰুজু কৰে আৰু আটক কৰা প্ৰত্যেককে গ্ৰেপ্তাৰ কৰে৷ দেশৰ হৈ অলিম্পিকৰ  পদক অনা সাক্ষী মালিক, বজৰং পুনিয়া, এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী ৱিনেশ ফোগাট, সংগীতা ফোগাট আৰু অন্যান্য প্ৰতিবাদকাৰীক থানাৰ লকআপত বন্দী কৰি ৰাখিছে৷ একে সময়তে দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰত প্ৰতিবাদ নিষিদ্ধ কৰিছে৷ দেওবাৰে নিশা আৰু সোমবাৰে যন্তৰ মন্তৰলৈ বহু প্ৰতিবাদকাৰী আহিলেও তেওঁলোকক আৰক্ষীয়ে তাৰ পৰা খেদি পঠিয়াই সম্পূৰ্ণ যন্তৰ মন্তৰ ঘেৰি ৰাখে৷ প্ৰসংগতঃ নতুন দিল্লীৰ যন্তৰ মন্তৰ হৈছে গণতান্ত্ৰিক আন্দোলনৰ আনুষ্ঠানিক প্ৰতিবাদস্থলী৷ ইপিনে অমিত শ্বাহৰ গৃহ মন্ত্ৰণালয়ৰ অধীনৰ দিল্লী আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ স্বত্বেও গোচৰ ৰুজু কৰিবলৈ তিনি দিনৰো অধিক সময় লৈছিল৷ কিন্তু যৌন আতিশয্যৰ বলি মল্লযোদ্ধাৰ বিৰুদ্ধে আইন ভংগ আৰু সংঘৰ্ষ সৃষ্টিৰ অভিযোগত গোচৰ ৰুজু কৰিবলৈ পাঁচ ঘণ্টা সময়ৰো প্ৰয়োজন নহ’ল৷ অভিযুক্ত বিজেপি সাংসদ ব্ৰীজভূষণ চাৰণ সিঙক যে মোদী চৰকাৰে ৰক্ষণাবেক্ষণ দি আছে সেয়া এতিয়া আৰু লুকাই থকা নাই৷ উল্লেখ্য, যোৱা ২৩ এপ্ৰিলৰ পৰা যৌন নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি থকা দেশৰ চেম্পিয়ন মহিলা মল্লযোদ্ধাক আক্ষৰিক অৰ্থত দিল্লী আৰক্ষীয়ে দেওবাৰে ধৰাশায়ী কৰি আটক কৰাৰ লগতে প্ৰতিবাদস্থলী যন্তৰ মন্তৰৰ পৰা উৎখাত কৰি গণতান্ত্ৰিক প্ৰতিবাদক মষিমুৰ কৰি দিয়ে৷ দেওবাৰে যন্তৰ মন্তৰৰ পৰা ২ কিলোমিটাৰ নিলগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিছিল৷ প্ৰতিবাদকাৰী মল্লযোদ্ধাই নতুন সংসদ ভৱনৰ সমীপত ‘মহিলা সন্মান মহাপঞ্চায়ত’ অনুষ্ঠিত কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু তেওঁলোকৰ সমৰ্থকে যন্তৰ মন্তৰৰ পৰা যাত্ৰা আৰম্ভ কৰিবলৈ লওতেই বিশাল দিল্লী আৰক্ষী বাহিনী আৰু নিৰাপত্তাবাহিনীয়ে প্ৰতিবাদকাৰীক আগবঢ়াত বাধা দিয়ে৷ তেতিয়া অলিম্পিকৰ পদকবিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া, এছিয়ান গেমছৰ পদক বিজয়ী ৱিনেশ ফোগাট, সংগীতা ফোগাট আদিয়ে বলপূৰ্বক আগবাঢ়িবলৈ চেষ্টা কৰে৷ লগে লগে দিল্লী আৰক্ষীয়ে তেওঁলোকক মাটিত বগৰাই, চোচোৰাই প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই নি বাছত উঠাই অজ্ঞাত স্থানলৈ লৈ যায়৷ সাক্ষী মালিক, বজৰং পুনিয়া, ৱিনেশ ফোগাট, সংগীতা ফোগাটকে ধৰি সকলো প্ৰতিবাদকাৰীয়ে আৰক্ষী আৰু নিৰাপত্তাবাহিনীক তেনেদৰে বলপূৰ্বক নিয়াত প্ৰবল বাধা প্ৰদান কৰিছিল৷ কিন্তু বিশাল বাহিনীৰ সন্মুখত তেওঁলোকে অৱশেষত হাৰ মানিবলৈ বাধ্য হয়৷

ইপিনে প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু তেওঁলোকৰ সমৰ্থকক আটক কৰি বাছত তোলাৰ পাছতে দিল্লী আৰক্ষীৰ এটা বৃহৎ দলে যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীৰ পৰা কালিয়েই প্ৰতিবাদকাৰীয়ে ব্যৱহাৰ কৰি থকা মেট্ৰেচ, ক’টছ, কুলাৰ, ফেন, টাৰ্পুলিনৰ ঢাকনি আৰু মল্লযোদ্ধা তথা সমৰ্থকৰ সকলো ব্যক্তিগত বস্তু-বাাহনি ট্ৰাকত তুলি আঁতৰাই সম্পূৰ্ণ যন্তৰ-মন্তৰ খালি কৰি পৰিষ্কাৰ কৰি পেলায়৷ উল্লেখ্য, ভাৰতীয় ৰেছলিং ফেডাৰচনৰ সভাপতি ব্ৰীজভূষণ চাৰণ সিঙে মহিলা মল্লযোদ্ধাক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাইছিল৷ তাৰে এগৰাকী মল্লযোদ্ধা সেই সময়ত নাবালিকা আছিল৷ ব্ৰীজভূষণ চাৰণ সিং বিজেপিৰ ৫ বাৰৰ সাংসদ৷ উত্তৰ প্ৰদেশৰ এই বাহুবলী সাংসদজনক মোদী চৰকাৰে এই পৰ্যন্ত ৰক্ষণাবেক্ষণ দি আছে৷ দেওবাৰে ব্ৰীজভূষণ নতুন সংসদ ভৱনৰ উদ্বোধন অনুষ্ঠানত উপস্থিত আছিল৷ উল্লেখ্য, মল্লযোদ্ধাৰ যৌন নিৰ্যাতনৰ অভিযোগৰ বিৰুদ্ধে ভাৰতীয় অলিম্পিক সংস্থাৰ দ্বাৰা গঠিত এখন কমিটীয়ে অনুসন্ধান চলালেও তাত ব্ৰীজভূষণক ক্লিনশ্বিট দিয়া বুলি অভিযোগ উঠিছে৷ তদন্তৰ প্ৰতিবেদন এতিয়াও প্ৰকাশ কৰা নাই৷ ইপিনে বিজেপিৰ সমৰ্থনত বলীয়ান মুঠ ৬ বাৰৰ সাংসদ ব্ৰীজভূষণে পদত্যাগ নকৰে বুলি দম্ভ মাৰিছে৷ দেওবাৰে দিল্লী আৰক্ষীয়ে দেশৰ সন্মান কঢ়িয়াই অনা মল্লযোদ্ধা আৰু নিৰ্যাতিতাক এনেদৰে ভূলুণ্ঠিত কৰি অত্যাচাৰ কৰাৰ ঘটনাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি বহুতে নিন্দা কৰিছে আৰু দেশজুৰি প্ৰতিবাদৰ সৃষ্টি হৈছে৷

মল্লযোদ্ধাৰ আন্দোলনৰ সমৰ্থনত নলবাৰীত ক’লা দিৱস

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ যৌন নিৰ্যাতনকাৰী বিজেপি সাংসদ ব্ৰীজভূষণ চাৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে নতুন দিল্লীত আন্দোলনৰত মহিলা মল্লযুঁজাৰু আৰু তেওঁলোকৰ সমৰ্থনত আন্দোলনত চামিল হোৱাসকলক কেন্দ্ৰীয় চৰকাৰৰ মদতপুষ্ট দিল্লী পুলিচে গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ জনাই আজি বিভিন্ন ঠাইৰ লগতে নলবাৰীতো এ আই এম এছ এছ, এ আই ডি ৱাই অ’ আৰু এ আই ডি এছ অ’ৰ যৌথ উদ্যোগত ‘সৰ্বভাৰতীয় ক’লা দিৱস’ পালন কৰা হয়৷ নলবাৰী চহৰৰ মাজত অৱস্থিত ড॰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত প্ৰতিবাদকাৰীসকল সমবেত হৈ মহিলা মল্লযোদ্ধাসকলক যৌন নিৰ্যাতন চলোৱা বিজেপি সাংসদ ব্ৰীজভূষণ চাৰণ সিঙক অবিলম্বে গ্ৰেপ্তাৰ কৰক, গণতন্ত্ৰক হত্যা কৰা নচলিব, মল্লযোদ্ধাসকলৰ ন্যায্য দাবী অতিশীঘ্ৰে মানি লওক, ন্যায়সংগত আন্দোলনত পুলিচী হস্তক্ষেপ বন্ধ কৰক, দিল্লী পুলিচৰ বৰ্বৰতাক আমি জনাওঁ ধিক্কাৰ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে৷ প্ৰতিবাদস্থলীত ছাত্ৰ সংগঠন এ আই ডি এছৰ অসম ৰাজ্যিক কমিটীৰ সদস্য মুনীন্দ্ৰ দলেই মল্লযোদ্ধাসকলৰ ন্যায্য দাবী চৰকাৰে অতিশীঘ্ৰে মানি ল’ব লাগিবই বুলি দাবী জনাই কয় অন্যথা ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে৷ তেওঁ কেন্দ্ৰীয় চৰকাৰে অতি নিৰ্লজ্জভাৱে নিজ দলৰ সাংসদ হোৱা বাবেই যৌন নিৰ্যাতনকাৰী অপৰাধী এজনক ৰক্ষণাৱেক্ষণ দি আছে বুলি অভিযোগ কৰি কয় যে গণতান্ত্ৰিক আন্দোলনক ধবংস কৰাৰ উদ্দেশ্যেৰে ষড়যন্ত্ৰমূলকভাৱে আন্দোলনকাৰীসকলক গ্ৰেপ্তাৰ কৰা হৈছে৷