Logo
image

অশান্ত মণিপুৰত উপস্থিত অমিত শ্বাহ

আমাৰ অসম, ৩০ মে’: কৰ্ণাটকৰ নিৰ্বাচন আৰু দেওবাৰে নতুন সংসদ ভৱন উদ্বোধনৰ পাছত ব্যস্ততা শেষ হোৱাত সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অশান্ত মণিপুৰ পৰিদৰ্শনৰ বাবে উপস্থিত হৈছে৷ যোৱা ৩ মে’ত সংঘৰ্ষ আৰম্ভ হোৱা  মণিপুৰত ২৭ দিনত ৪ শতাধিকৰ মৃত্যু হৈছে আৰু প্ৰায় এমাহ ধৰি এৰাধৰাকৈ গোষ্ঠী সংঘৰ্ষ অব্যাহত আছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৪ দিনীয়া ভ্ৰমণসূচী লৈ সোমবাৰে মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বেই সংঘটিত এক সংঘৰ্ষত আৰক্ষীসহ পাঁচজন নিহত হৈছে৷ আহতৰ সংখ্যা ১২ জনৰো অধিক৷  আৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীৰ সৈতে সোমবাৰে হোৱা সশস্ত্ৰ প্ৰতিবাদকাৰীৰ সংঘৰ্ষত ৪ প্ৰতিবাদকাৰী আৰু এজন আৰক্ষী নিহত হয়৷ এই তথ্য মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে নিজেই প্ৰকাশ কৰিছে৷ ইপিনে সেনাবাহিনী আৰু আছাম ৰাইফলছে চলোৱা অভিযানত দেওবাৰে ৪০ সন্ত্ৰাসবাদী নিহত হৈছে৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জনোৱা মতে কুকি সশস্ত্ৰ বাহিনীয়ে এ কে-৪৭ আৰু এম ১৮ ৰ দৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰি ৰাজ্যৰ বাসিন্দাৰ ওপৰত আক্ৰমণ চলাইছে৷ ৰাজ্যৰ কেইবাশ গাঁও কুকি সশস্ত্ৰ বাহিনীয়ে জ্বলাই ভস্মীভূত কৰিছে৷ তদুপৰি আজি সোমবাৰেও সপ্তম মণিপুৰ ৰাইফলছ আৰু দ্বিতীয় মণিপুৰ ৰাইফলছৰ পৰা খাবেইছৈ আৰু দেউলাহানে অঞ্চলৰ পৰা কুকি সশস্ত্ৰ বাহিনীয়ে বিশাল পৰিমাণৰ অস্ত্ৰ লুট কৰি নিছে৷ সোমবাৰে মণিপুৰৰ অধিকাংশ অঞ্চল সান্ধ্য আইনৰ কবলত আছে৷ ইণ্টাৰনেট সেৱাও সম্পূৰ্ণভাৱে ব্যাহত কৰি ৰখা হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী উপস্থিত হোৱাৰ দিনটোত সামগ্ৰিকভাৱে মণিপুৰ অগ্নিগৰ্ভা৷