Logo
image

১৫ দিন সময় বিচাৰিলে শ্বাহে

আমাৰ অসম, ৩১ মে’: সোমবাৰে অশান্ত মণিপুৰত গৈ উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ১৫ দিনৰ ভিতৰত চিন-কুফি-মিজো সম্প্ৰদায়ৰ সমস্যা ৰাজনৈতিক উপায়েৰে সমাধান হ’ব বুলি আজি ঘোষণা কৰিছে৷ গোষ্ঠী সংঘৰ্ষত জৰ্জৰ ৰাজ্যখনলৈ ৪ দিনৰ ভ্ৰমণসূচী লৈ যোৱা অমিত শ্বাহে মঙলবাৰে মেইটেই সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে ইম্ফলত বৈঠক অনুষ্ঠিত কৰে৷ তাৰ পৰা তেওঁ চূড়াচান্দপুৰ জিলালৈ ৰাওনা হয়  আৰু কুকি বিধায়ক তথা আইটিএলএফৰ প্ৰতিনিধি তথা বিভিন্ন সংগঠনৰ সৈতে বৈঠক অনুষ্ঠিত কৰে৷ এই একাধিক বৈঠকৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মণিপুৰৰ গোষ্ঠীগত সমস্যাৰ সমাধান এপষেকৰ ভিতৰত কৰিব বুলি ঘোষণা কৰিছে৷ চূড়াচান্দপুৰ জিলাত গৃহমন্ত্ৰীয়ে তুইবঙৰ ২৭ ছেক্টবৰত থকা আছাম ৰাইফল্‌ছৰ কেন্দ্ৰত বিভিন্ন জাতি-উপজাতিৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ প্ৰকৃত সমস্যাৰ উমান লয়৷ দেশৰ চোৰাংচোৱা প্ৰধান আৰু কেন্দ্ৰীয় গৃহসচিবৰ সৈতে একেলগে গৈ তেওঁ কুকি সম্প্ৰদায়ৰ বুদ্ধিজীৱীসকলৰ সৈতে সাক্ষাৎ কৰে৷ আইটিএলফৰ মুখপাত্ৰ গিঞ্জা ভূৱালজঙে জনোৱা অনুসৰি তেওঁলোকে অমিত শ্বাহক পৃথক প্ৰশাসন আৰু মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰিসহ মুঠ ১১ দফাৰ দাবী সম্বলিত প্ৰস্তাৱ অৰ্পণ কৰে৷ অমিত শ্বাহে সকলোকে অহা ১৫ দিনৰ বাবে শান্তি বৰ্তাই ৰখাৰ আহ্বান জনায়৷ উল্লেখ্য, যোৱা ৩ মে’ৰ পৰা মণিপুৰত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত গোষ্ঠী সংঘৰ্ষ চলি আছে৷ এই সংঘৰ্ষত ইতিমধ্যে বেচৰকাৰী তথ্যঅনুসৰি ৪ শতাধিকৰ মৃত্যু হৈছে৷ পিছে কৰ্ণাটকৰ নিৰ্বাচনত ব্যস্ত থকাৰ বাবে ইমানদিনে মণিপুৰলৈ কোনো কেন্দ্ৰীয় মন্ত্ৰী আহিব পৰা নাছিল৷ তাৰ পাছতে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীমণ্ডলী নতুন সংসদ ভৱন উদ্বোধনৰ কামত ব্যস্ত আছিল৷ সেই ব্যস্ততা শেষ হোৱাৰ পাছতে সোমবাৰে অমিত শ্বাহ মণিপুৰত উপস্থিত হয়৷