Logo
image

ইঞ্জিনিয়াৰিং কলেজৰ পৰিৱেশ কি? চৰকাৰে কৰিব তদন্ত

‘আমাৰ অসম’, ১ জুনঃ  গুৱাহাটীৰ জালুকবাৰীত সোমবাৰে পুৱতি নিশা সংঘটিত অভিশপ্ত পথ দুৰ্ঘটনাটোত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সাত ছাত্ৰৰ কৰুণ মৃত্যুৰ ঘটনাৰ পাছতেই কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ এই দুৰ্ঘটনাৰ পাছতেই ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকসমূহৰ সামগ্ৰিক পৰিৱেশ অধ্যয়নৰ বাবে উচ্ছ শিক্ষা বিভাগে গঠন কৰিছে ৰাজ্যিক পৰ্যায়ৰ তদন্ত কমিটী৷ বুধবাৰে জালুকবাৰীৰ এইচিত উপস্থিত হৈ  উচ্ছ শিক্ষা বিভাগৰ তদন্তৰ কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ এইচিৰ ছাত্ৰৰ এই দুৰ্ঘটনাটোৰ পাছতেই অভিযান্ত্ৰিক প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি উন্মোচন হৈছিল৷ হোষ্টেলৰ আৱাসিক ছাত্ৰই মাজনিশা সুৰাপান কৰি গাড়ী লৈ ওলাই যাবলৈ সক্ষম হোৱা কাৰ্যই ৱাৰ্ডেন তথা কৰ্তৃপক্ষৰ চৰম দায়িত্বহীনতাও পোহৰলৈ আহিছিল৷ আনকি শৈক্ষিক প্ৰতিষ্ঠানখনত কেম্পাছত গেটৰ ব্যৱস্থা নথকা আৰু সুৰক্ষাকৰ্মীক নিয়োগ কৰিব নোৱৰা ব্যৰ্থতাও চৰ্চা হৈছিল৷ যাৰ পৰিপ্ৰেক্ষিততে উচ্ছ শিক্ষা বিভাগে কাৰিকৰী শিক্ষা সঞ্চালকক সকলো অভিযান্ত্ৰিক মহাবিদ্যালয় তথা পলিটেকনিকৰ সামগ্ৰিক বিষয়সমূহ অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ লক্ষণীয়ভাৱে সোমবাৰৰ নিশা দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰাও ডিচিপি পৰ্যায়ৰ বিষয়াই তদন্ত কৰিব৷ উচ্ছ শিক্ষা বিভাগে ঘটনাৰ তদন্ত ঘোষণা কৰাৰ পাছতেই বুধবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত হয়৷ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে মহাবিদ্যালয়খনত উপস্থিত হৈ দুৰ্ঘটনাটোৰ সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু হোষ্টেলৰ ৱাৰ্ডেনৰ সৈতে আলোচনাত মিলিত হয়৷ মন্ত্ৰীজনে মহাবিদ্যালয়খনৰ সমগ্ৰ চৌহদ পৰিদৰ্শন কৰি সামগ্ৰিক পৰিৱেশৰ বুজ লয়৷ সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে চৰকাৰে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে৷ এই অনুসন্ধানৰ প্ৰক্ৰিয়াই ৰাজ্যখনৰ আন অভিযান্ত্ৰিক মহাবিদ্যালয়কো সামৰি ল’ব৷ কাৰিকৰী শিক্ষা সঞ্চালকালয়ে বুধবাৰে ঘটনাটোৰ প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিব৷ আনহাতে আগন্তুক ১৫ দিনৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব৷ কি ধৰণে ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহ চলি আছে তাৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব ৰাজ্যৰ কাৰিকৰী শিক্ষা বিভাগে৷ মন্ত্ৰী পেগুৱে লগতে কয় যে কি পৰিস্থিতিত দুৰ্ঘটনাত পতিত হৈ সাতজনকৈ ছাত্ৰই মৃত্যুক সাবটি ল’বলগা হ’ল সেই সন্দৰ্ভতো মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে হোষ্টেলৰ ৱাৰ্ডেনৰ সৈতে আলোচনা কৰা হৈছে৷ ইতিমধ্যে উচ্ছ শিক্ষা বিভাগে সমগ্ৰ ঘটনাটোৰ তদন্ত দিছে৷ ইয়াৰ লগতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ তথা ছাত্ৰীনিবাসসমূহত কি ব্যৱস্থাপনা আছে সেই সন্দৰ্ভতো অনুসন্ধান কৰাৰ বাবে চৰকাৰে কমিটীখনক দায়িত্ব প্ৰদান কৰিছে৷ এই ঘটনাক চৰকাৰে সহজভাৱে লোৱা নাই বুলিও উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ কথা ব্যক্ত কৰে৷ ইফালে শিক্ষামন্ত্ৰীয়ে এইচিৰ ছাত্ৰই ডাম্পাৰৰ পৰা ধন দাবী কৰা ভাইৰেল এটা ভিডিঅ’ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিব বুলিও জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে সোমবাৰৰ দুৰ্ঘটনাৰ পাছতেই মহাবিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলৰ বাকীসকলৰ বাবে নতুনকৈ কঠোৰ নিয়ম জাৰি কৰিছে৷ বুধবাৰে প্ৰকাশ পোৱা এই নতুন নিয়ম অনুসৰি নিৰ্ধাৰিত সময়ৰ বিপৰীতে অনুমতি অবিহনে কেম্পাছৰ বাহিৰত থকা হোষ্টেল আৱাসীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক কৰ্তৃত্ব প্ৰদান কৰা হৈছে৷ হোষ্টেল আৱাসীৰ বাবে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে নিৰ্ধাৰণ কৰা নতুন নিয়মসমূহ হৈছে– কলেজ কৰ্তৃপক্ষই গঠন কৰা বিশেষ দলৰ দ্বাৰা কৰ্তৃত্বশীল ব্যক্তি আৰু নিষিদ্ধ সামগ্ৰীৰ উপস্থিতি নিয়মীয়াকৈ পৰীক্ষা কৰা হ’ব৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল বা কেম্পাছৰ ভিতৰত মদ বা যিকোনো নিচাযুক্ত দ্ৰব্য সেৱন নিষিদ্ধ৷ যদি কোনো ছাত্ৰই এনে কাণ্ড সংঘটিত কৰে তেন্তে তেওঁক হোষ্টেল, কলেজৰ পৰা বহিষ্কাৰ কৰা হ’ব৷ তদুপৰি আৰক্ষীক গতাই দিয়াৰ লগতে উত্তীৰ্ণৰ প্ৰমাণপত্ৰতো সেই কথা উল্লেখ থাকিব৷ কলেজৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেল বা কলেজ কেম্পাছত মটৰ চাইকেল বা গাড়ী ৰখাব নোৱাৰিব৷ আৰক্ষী প্ৰশাসনৰ সহযোগত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ইয়াৰ আশে-পাশে মদ আৰু অন্যান্য নিচাযুক্ত সামগ্ৰী বিক্ৰী বন্ধ কৰা হ’ব৷