Logo
image

সাধাৰণ পাছপ’ৰ্ট লৈ দুঘণ্টা শাৰী পাতিলে বিমানবন্দৰত

‘আমাৰ অসম’, ১ জুনঃ মঙলবাৰে আমেৰিকালৈ ৰাওনা হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে ভাৰতীয় সময় মতে নিশা ছানফ্ৰান্সিচকো বিমান বন্দৰত উপস্থিত হয়৷ স্বাভাৱিকতে সাংসদ পদ খাৰিজৰ পাছত প্ৰথমটো বিদেশ ভ্ৰমণত ব্যাপক বিড়ম্বনাৰ সন্মুখীন হয় ৰাহুল গান্ধী৷ কিয়নো সাংসদ পদ খাৰিজ হোৱাৰ ৰাহুল গান্ধীৰ ডিপ্লোম্যোটিক পাছপ’ৰ্টৰ সুবিধাও বাতিল হয়৷ ফলত সাধাৰণ পাছপ’ৰ্ট লৈয়ে ৰাহুল গান্ধীয়ে আন যাত্ৰীৰ দৰে প্ৰায় দুঘণ্টা শাৰী পাতি ইমিগ্ৰেশ্বন আৰু  কাষ্টম চেকিং সম্পূৰ্ণ কৰিবলগীয়া হয়৷ অৱশ্যে ৰাহুলৰ এই দশা দেখি অনেক যাত্ৰীয়ে ছেলফি উঠিবলৈ হেতাওপৰা লগোৱাৰ লগতে অনেকে আকৌ কিয় এনে হৈছে সুধিলে৷ ইয়াৰ প্ৰত্যুত্তৰত ৰাহুল গান্ধীয়ে হাস্যবদনে ক’লে–‘মই এতিয়া আম আদমী৷’ ইফালে ৰাহুল গান্ধীক আঁতৰিবৰ বাবে হাতত ফুলৰ থোপা লৈ ছানফ্ৰান্সিচকো বিমান বন্দৰত প্ৰায় দুঘণ্টা অপেক্ষা ধৰি অপেক্ষা কৰিবলগীয়া হয় অভাৰচিজ কংগ্ৰেছৰ সভাপতি শ্যাম পেট্ৰোদাসহ প্ৰবাসী কংগ্ৰেছীয়ে৷ উল্লেখ্য যে এসপ্তাহজোৰা কাৰ্যসূচীৰে আজি আমেৰিকালৈ যোৱা ৰাহুল গান্ধীয়ে আজি প্ৰথমখন সভাতে খালিস্তানীৰ প্ৰতিবাদৰ সন্মুখীন হয়৷ ভাষণৰ মাজতে ৰাহুল গান্ধীয়ে ‘নফৰটত কে বাজাৰ মে মোহাৱট কী দোকান’ শীৰ্ষক মন্তব্য কৰাত একাংশ খালিস্তানী সমৰ্থিত লোকে ইন্দিৰা গান্ধীয়ে চলোৱা শিখ গণহত্যাৰ প্ৰসংগ উত্থাপন কৰি ‘নচলখুচি কী ব্যাপাৰী’, খালিস্তান জিন্দাবাদ ধবনি দিয়ে৷ লগতে তেওঁলোকে ‘ইন্দিৰা গান্ধীৰ পৰিয়াল, ৱাপছ যাও ধবনিও দিয়ে৷ উল্লেখ্য আজিৰ ভাষণত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি কয় যে তেওঁ ভগৱানকৈ বেছি জ্ঞানী৷