Logo
image

বাইডেনক শুভেচ্ছা জনাই হোৱাইট হাউছ এৰিলে ট্ৰাম্পে

৪৬সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত জো বাইডেনৰ

আমাৰ অসম, ২১ জানুৱাৰীঃ সংঘাত, বৰ্ণ-বৈষম্য আৰু ভেদাভেদৰ ৰাজনীতিৰে ভৰা ট্ৰাম্প-যুগৰ অৱসান ঘটাই বুধবাৰে জো বাইডেনে আমেৰিকাৰ ৪৬সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰিলে৷ বৰ্ণবৈষম্যই অতি লজ্জাজনকভাৱে মূৰ দাঙি উঠাৰ সময়ত ডেম’ক্ৰেট দলৰ নতুন ৰাষ্ট্ৰপতি জো বাইডেনে শপত গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত দেশবাসীক একে সুৰেৰে গাঠি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য, ৰাষ্ট্ৰপতি হিচাপে বাইডেনৰ প্ৰথম ভাষণ লিখি দিয়ে বিনয় ৰেড্ডী নামৰ ভাৰতীয় বংশোদ্ভৱ যুৱক এজনে৷ অহায়’ৰ ডেইটন নিবাসী প্ৰবাসী ভাৰতীয় বিনয় ৰেড্ডীয়ে ২০১৩-২০১৭ চনত বাইডেন উপ-ৰাষ্ট্ৰপতি হৈ থাকোতে প্ৰত্যেকটো ভাষণ প্ৰস্তুত কৰি দিছিল৷ ‘আই ডু ছ’লেম্‌লি ছুৱেৰ ডেট উইল...’ বুলি ১২৭ বছৰীয়া পুৰণি বাইবেলত হাত থৈ শপত লোৱা জো বাইডেনক শপতবাক্য পাঠ কৰায় দেশৰ মুখ্য ন্যায়াধীশ জন জি ৰবাৰ্টে৷ আনহাতে, বাইডেনৰ ‘ৰানিং মেট’ ভাৰতীয় মূলৰ কমলা হেৰিছে ৰাষ্ট্ৰপতিৰ পাছতে আমেৰিকাৰ প্ৰথম মহিলা, প্ৰথম কৃষ্ণাংগ আৰু প্ৰথম এছিয়ান-আমেৰিকান মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে৷ কমলা হেৰিছক শপত বাক্য পাঠ কৰায় আমেৰিকাৰ উচ্ছতম ন্যায়ালয়ৰ প্ৰথমগৰাকী লেটিন আমেৰিকান ন্যায়াধীশ ছোনিয়া ছট’মেয়ৰে৷ জো বাইডেনে শপত গ্ৰহণ কৰাৰ পাছতে তেওঁৰ হাতলৈ দেশৰ সামৰিক বাহিনীৰ ‘কামাণ্ডাৰ ইন চিফ’ হিচাপে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ কৰা হয়৷ শপতবাক্য পাঠ কৰাৰ পাছতে এয়া আছিল আমেৰিকাৰ ক্ষমতা হস্তান্তৰৰ অতিশয় গুৰুত্বপূৰ্ণ অংশ৷ কিয়নো চি ইন চি-ৰ ক্ষমতা হস্তান্তৰ হোৱাৰ লগে লগে জো বাইডেন হৈ পৰিল দেশৰ তিনিওটা বাহিনীৰ মুৰব্বী, যাৰ হাতত আজিৰ পৰা চাৰি বছৰ ধৰি থাকিব সমগ্ৰ বিশ্বক কেইবাবাৰো ধবংস কৰিব পৰা পৰমাণু অস্ত্ৰৰ ভাণ্ডাৰৰ বুটামৰ লগতে সকলো অস্ত্ৰৰ নিয়ন্ত্ৰণ৷ বাইডেনে শপত গ্ৰহণ আৰু ক্ষমতা হাতত তুলি লোৱাৰ দুটা অনুষ্ঠানৰ মাজতে দেশবাসীক উদ্দেশ্যি অতিশয় উজ্জীৱিত ভাষণ প্ৰদান কৰে আৰু বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে সকলোকে আমেৰিকাৰ শীৰ্ষস্থান দৃঢ় কৰি ৰখাৰ বাবে সংকল্প ল’বলৈ আহ্বান জনায়৷ শপত গ্ৰহণ অনুষ্ঠানত জাতীয় সংগীত পৰিৱেশন কৰে লেডী গাগাই আৰু সংগীতানুষ্ঠান পৰিৱেশন কৰি জেনিফাৰ লোপেজে৷ যোৱা ছয় জানুৱাৰীত কেপিটলত বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকৰ ৰক্তক্ষয়ী আক্ৰমণৰ পাছত শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বেই সমগ্ৰ কেপিটল হিলৰ নিয়ন্ত্ৰন ২৫,০০০ নেচনেল গাৰ্ডৰ হাতত তুলি দিয়া হৈছিল৷ ফলত কেইবাদিনৰে পৰা কেপিটল প্ৰাংগনে যুদ্ধক্ষেত্ৰৰ চেহেৰা লৈছিল৷ শপতগ্ৰহণ অনুষ্ঠানো অভূতপূৰ্বভাৱে কঠোৰ নিৰাপত্তাৰ বেষ্টনীত অনুষ্ঠিত হয়৷ জো বাইজেনৰ শপত গ্ৰহণ অনুষ্ঠানৰ চাৰি ঘণ্টা পূৰ্বেই বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মেৰীলেণ্ডৰ ‘ইউ এছ এয়াৰ বেছ’ত সামৰিক অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰপতি আৰু ‘কমাণ্ডাৰ ইন চিফ’ হিচাপে শেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ বিদায়ী ৰাষ্ট্ৰপতিৰ শেষ সূচী হ’ব লাগিছিল শপত গ্ৰহণ অনুষ্ঠান৷ কিন্তু তেওঁ ২০০ বছৰীয়া পুৰণি পৰম্পৰা ভংগ কৰি শপত গ্ৰহণ অনুষ্ঠানত অনুপস্থিত থাকে৷ আমেৰিকাৰ ইতিহাসত এয়া দ্বিতীয় ঘটনা৷ ইয়াৰ পূৰ্বে ১৮০১ চনত বিদায়ী ৰাষ্ট্ৰপতি জন আদামছ উত্তৰসূৰী থমাছ জেফাৰছনৰ শপতগ্ৰহণত অনুষ্ঠিত থকাৰ বাহিৰে বিগত ২২০ বছৰত প্ৰত্যেকটো শপতগ্ৰহণ অনুষ্ঠানত বিদায়ী ৰাষ্ট্ৰপতিয়ে নতুন ৰাষ্ট্ৰপতিলৈ ক্ষমতা হস্তান্তৰ কৰিছিল৷ ট্ৰাম্পে মেৰীলেণ্ডৰ ‘ইউ এছ এয়াৰ বেছ’ৰ পৰা ভাষণ প্ৰদান কৰি নতুন চৰকাৰখনলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ ভাষণত তেওঁ এবাৰো বাইডেনৰ নাম উচ্ছাৰণ নকৰিলে৷ তাৰ পৰা তেওঁ শেষবাৰৰ বাবে ‘এয়াৰ ফৰ্চ ৱান’ত উঠি উৰা মাৰে ১৬০০ কিলোমিটাৰ দূৰৰ নিজাববীয়া ৰিছৰ্টলৈ৷ ফ্লৰিডাৰ পাম বীচ্ছত থকা মাৰ-লা-লাগ’ ৰিছৰ্টেই হ’ব বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰৱৰ্তী কিছুদিনৰ ঠিকনা৷ তাৎপৰ্যপূৰ্ণ যে, ড’নাল্ড ট্ৰাম্পে ‘দ্য পেট্ৰিয়ট’ নামৰ এটা নতুন ৰাজনৈতিক দল গঠনৰ প্ৰায় চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে৷