Logo
image

প্ৰথম মহিলা উপৰাষ্ট্ৰপতি ৰূপে কমলা হেৰিছৰ শপতগ্ৰহণ

আমাৰ অসম, ২১ জানুৱাৰীঃ  গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ ২০০ বছৰৰ পাছত বিশ্বৰ প্ৰাচীনতম গণতন্ত্ৰৰ দেশ আমেৰিকাত প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰি ভাৰতীয় মূলৰ কমলা হেৰিছে নতুন ইতিহাস লিখিলে৷ ভাৰতীয় বিদুষী মহিলা শ্যামলা গোপালন আৰু জামাইকান পিতৃৰ কন্যা কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য পাঠ কৰায় আমেৰিকাৰ উচ্ছতম ন্যায়ালয়ৰ প্ৰথমগৰাকী লেটিন আমেৰিকান ন্যায়াধীশ ছোনিয়া ছট’মেয়াৰে৷ ৰাষ্ট্ৰপতি জো বাইডেনৰ পাছতে কমলা হেৰিছে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে৷ তেওঁ আমেৰিকাৰ প্ৰথম কৃষ্ণাংগ আৰু প্ৰথম এছিয়ান-আমেৰিকান মহিলা উপ-ৰাষ্ট্ৰপতি৷ উল্লেখ্য, প্ৰথম অৱস্থাত কমলা হেৰিছ আছিল জো বাইডেনৰ প্ৰতিদ্বন্দ্বী, অৰ্থাৎ ডেম’ক্ৰেট দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ দাবীদাৰ৷ প্ৰাৰ্থিত্বৰ যুঁজত উভয়ৰ মাজত তিক্ততাপূৰ্ণ বিবাদ হৈছিল৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় পুঁজি সংগ্ৰহ কৰিব নোৱাৰি পৰৱৰ্তী সময়ত তেওঁ প্ৰাৰ্থিত্বৰ যুঁজৰ পৰা আঁতৰি পৰাত বাইডেনৰ পথ সুগম হয়৷ একেটা দলৰে কমলা হেৰিছক অৱশেষত জো বাইডেনে তেওঁৰ ‘ৰানিং মেট’ অৰ্থাৎ উপ-ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী বিচাপে ঘোষণা কৰে৷

জো বাইডেনৰ বাবে কমলা হেৰিছক ৰানিং মেট ঘোষণা কৰাতো আছিল বিচক্ষণ পদক্ষেপ৷ কিয়নো মহিলা হিচাপে ৰাজনীতিক কমলা হেৰিছ আছিল যোগ্য প্ৰাৰ্থী৷ তদুপৰি কৃষ্ণাংগ হিচাপে আৰু ভাৰতীয় বংশোদ্ভব হোৱাৰ বাবে তেওঁ বাইডেনৰ পক্ষে আফ্ৰিকান আমেৰিকান আৰু এছিয়ান-আমেৰিকানৰ ভোট আনিবলৈ সক্ষম হৈছিল৷ সেয়ে বাইডেন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত কমলা হেৰিছৰ অৱদান আছিল প্ৰভূত৷ নিৰ্বাচনত বিজয়ৰ পাছৰ পৰা প্ৰায় নীৰৱে থকা কমলা হেৰিছে তেওঁলোকৰ সন্মুখৰ পথ অতি কঠিন বুলি মন্তব্য কৰিছে৷