Logo
image

ক্ষমা খোজাৰ নাটক সাংবাদিক আক্ৰমণকাৰীৰ

আমাৰ অসম, ২১ জানুৱাৰীঃ উমাশংকৰ শ্বাহ নামৰ বহুবিতৰ্কিত ‘চিনেমা পৰিচালক’জনে পৰিকল্পিত ‘নাটকৰ অভিনেতা’ হিচাপে ইতিমধ্যে ‘সফলতা’ অৰ্জন কৰিছে৷ তেওঁৰ এই উদ্দেশ্যপ্ৰণোদিত নাটকত অভিনয়ৰ ক্ষেত্ৰত তেওঁক সহায় কৰিছে তেওঁৰ প্ৰডাকশ্বন মেনেজাৰ প্ৰাঞ্জল কুমাৰ গগৈয়ে৷ কোনো সুখ্যাতিৰ বাবে নহয়, গুৱাহাটী প্ৰেছ ক্লাবত মহিলা সাংবাদিকক অশালীন ব্যৱহাৰ কৰা আৰু আক্ৰমণ কৰা ঘটনাৰ বাবে এতিয়া সৰ্বত্ৰ কুখ্যাতি অৰ্জন কৰিছে উমাশংকৰ আৰু প্ৰাঞ্জলে৷ দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু দুয়ো জামিনত মুক্তি লাভ কৰিছে৷ আৰক্ষী সূত্ৰই জনোৱা মতে, দুই-এদিনৰ ভিতৰতে এই গোচৰৰ অভিযোগনামা দাখিল কৰা হ’ব৷ আইনী দৃষ্টিকোণৰ পৰা ঘটনাটো ঠিকেই আছে যদিও উমাশংকৰ আৰু প্ৰাঞ্জলে ‘আমাৰ অসম’ৰ সাংবাদিক নিপা কাকতিক কৰা আক্ৰমণ আৰু দুৰ্ব্যৱহাৰৰ ঘটনাৰ পৰা নিস্তাৰ পাবৰ বাবে এইবাৰ এখন নাটক ৰচনা কৰিছে৷ সেইবাবে কোনেও গম নোপোৱাকৈ নিপা কাকতিৰ ওচৰত ক্ষমা খুজিছে তেওঁলোকে৷ আশ্চৰ্যজনক কথা এয়ে যে তেওঁলোকে যে নিপা কাকতিক ক্ষমা খুজিছে, সেই কথা স্বয়ং নিপা কাকতিয়েই নাজানে৷ আৰক্ষীৰ সূত্ৰৰ পৰাহে অভিযোগকাৰী নিপা কাকতিয়ে এই বিষয়ে জানিব পাৰিলে যে ইতিমধ্যে হেনো অভিযুক্তই লিখিতভাৱে ক্ষমা খুজিছে৷ ঘটনাৰ অনুসন্ধান কৰি গম পোৱা গ’ল যে গুৱাহাটী প্ৰেছ ক্লাবৰ এজন কৰ্মচাৰীক উমাশংকৰ আৰু প্ৰাঞ্জলে এখন লিখিত ক্ষমাপত্ৰ দি থৈ গৈছে দিনচেৰেক পূৰ্বে৷ কিন্তু সেই ক্ষমাপত্ৰত কি আছে সেই বিষয়ে কোনেও নাজানে৷ স্বয়ং নিপা কাকতিকো ক্ষমাপত্ৰখন দেখুৱাবলৈ সন্মত নহ’ল গুৱাহাটী প্ৰেছ ক্লাবৰ কৰ্মচাৰী৷ লক্ষণীয়ভাৱে প্ৰেছ ক্লাবৰ কৰ্মচাৰীৰ হাতত ক্ষমাপত্ৰ দি থৈ যোৱা বুলি আৰক্ষী সূত্ৰ আৰু প্ৰেছ ক্লাবৰ কৰ্মচাৰীজনে দাবী কৰিছে যদিও এই বিষয়ে এতিয়ালৈকে নিপা কাকতিক একো জনোৱা হোৱা নাই৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়েও নিপা কাকতিক এতিয়ালৈকে এই বিষয়ে একো জনোৱা নাই৷ অথচ ঘটনাটো সংঘটিত হৈছিল গুৱাহাটী প্ৰেছ ক্লাবতেই৷ সেইসূত্ৰে এই ঘটনাটোৰ দায়িত্বৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকল হাতসাৰি থাকিব নোৱাৰে৷ অভিযোগকাৰী নিপা কাকতিৰ ভাষ্য– কেৱল এটা ৰেডিমেড বিবৃতি দিলেই দায়িত্ব শেষ হোৱা নুবুজায়৷ সকলোৱে আশা কৰিছিল যে গুৱাহাটী প্ৰেছ ক্লাবে এইক্ষেত্ৰত এটা কঠোৰ স্থিতি গ্ৰহণ কৰিব আৰু ভৱিষ্যতে যাতে এনে অবাঞ্ছিত ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে এটা ইতিবাচক পৰিৱেশ ৰচনা কৰিব৷ নিপা কাকতিয়ে এই উদ্বেগজনক ঘটনাটোৰ বিষয়ে প্ৰথমেই অৱগত কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতিক৷ কিন্তু পৰৱৰ্তী সময়ছোৱাত এতিয়ালৈকে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি বা সাধাৰণ সম্পাদকে এই সন্দৰ্ভত নিপা কাকতিৰ সৈতে কোনো যোগাযোগ কৰা নাই৷ ঘটনাটো অত্যন্ত গুৰুতৰ৷ সাংবাদিকক আক্ৰমণ৷ তাতে কৰ্মৰত মহিলা সাংবাদিক৷ ঘটনাটো ঘটিছে গুৱাহাটী প্ৰেছ ক্লাবৰ ভিতৰত৷ ১৬ জানুৱাৰীত বলীউডৰ তথাকথিত পৰিচালক উমাশংকৰ শ্বাহৰ নতুন হিন্দী ছবি সন্দৰ্ভত অৱগত কৰিবৰ বাবে আয়োজন কৰা হৈছিল সংবাদমেলৰ৷ তাতেই স্বাভাৱিকধৰণে প্ৰশ্ন সুধিছিল সাংবাদিক নিপা কাকতিয়ে৷ সেয়াই আছিল নিপাৰ ‘অপৰাধ’৷ উমাশংকৰ শ্বাহ এণ্ড কোম্পানীয়ে হিংস্ৰ জন্তুৰ দৰে আচৰণ কৰিবলৈ ধৰিলে৷ যেন সাংবাদিকে প্ৰশ্ন সোধাটোৱেই এটা জামিনবিহীন অপৰাধ৷ ঘটনাৰ আকস্মিকতাত হতভম্ব ‘আমাৰ অসম’ৰ সাংবাদিকগৰাকীয়ে মুহূৰ্তৰ ব্যৱধানত পৰিস্থিতি চম্ভালি লৈ সাহসেৰে দুবৃৰ্ত্তসকলৰে মোকাবিলা কৰিলে আৰু পৰৱৰ্তী সময়ত ‘আমাৰ অসম’ পৰিয়ালৰ সহযোগত গোচৰ ৰুজু কৰিলে৷ প্ৰশ্ন হয়, যদিহে অভিযুক্ত পক্ষ ক্ষমা খুজিবলৈ আগ্ৰহী, তেন্তে ক্ষমা খুজিব লাগিব নিপা কাকতিক পোনপটীয়াকৈ– লিখিতভাৱে, ৰাজহুৱাভাৱে৷ ঘটনাটো সংঘটিত হৈছিল ৰাজহুৱাভাৱে৷ ইতিমধ্যে বিষয়টো বিচাৰাধীন৷ গতিকে নিপা কাকতিক লিখিতভাৱে আৰু ৰাজহুৱা মঞ্চত অভিযুক্তই ক্ষমা খোজাৰ সময়ত তাত আৰক্ষীৰ উপস্থিতিও বাঞ্ছনীয়৷ নিপা কাকতিৰ দৰে জ্যেষ্ঠ মহিলা সাংবাদিকৰ ওপৰত চলা আক্ৰমণৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে কেনেদৰে সম্পন্ন কৰে তাৰ প্ৰতিও সংবাদ মাধ্যমে চোকা দৃষ্টি ৰাখিছে৷ ইতিমধ্যে এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষী আৰু অসম আৰক্ষীৰ ঊধবৰ্তন মহলক অৱগত কৰা হৈছে৷ গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হৈছে পাণবজাৰৰ সমূহ মহিলা থানাৰ বিষয়া পল্লৱী শইকীয়াক৷ ইফালে, এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰা প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে দেশৰ সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে স্বয়ং প্ৰেছ ক্লাবত সাংবাদিক মেলত মহিলা সাংবাদিকক আক্ৰমণ কৰা ঘটনাটোৱে৷ সৰ্বভাৰতীয় সাংবাদিক সংগঠন ইণ্ডিয়ান ফেডাৰেশ্বন অৱ ৱৰ্কিং জাৰ্নেলিষ্টৰ সভাপতি কে বিক্ৰম ৰাওৱে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ গুৱাহাটী প্ৰেছ ক্লাবৰ দৰে সম্ভ্ৰান্ত ঠাইত ‘আমাৰ অসম’ৰ মহিলা সাংবাদিক নিপা কাকতিক আক্ৰমণ কৰাৰ ঘটনা গুৰুত্বসহকাৰে ল’বৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰক আহ্বান জনাইছে ৰাওৱে৷ যিহেতু মুখ্যমন্ত্ৰী সোণোৱালে গৃহ দপ্তৰো দায়িত্ব চম্ভালি আছে, গতিকে এই ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাটো সোণোৱালৰ কৰ্তব্য বুলিও ৰাওৱে স্পষ্ট কৰি দিয়ে৷ আৰক্ষীয়ে ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা সংগ্ৰহ কৰা চিচি টিভি ফুটেজত উমাশংকৰ শ্বাহ নেতৃত্বাধীন দুৰ্বৃত্ত বাহিনীৰ সকলো দুষ্কাৰ্য স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰি ৰাওৱে কয় যে ইমানৰ পাছতো আইনৰ সুৰুঙাৰে তেওঁলোকে জামিন পোৱাটো দুৰ্ভাগ্যজনক৷ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিও ৰাওৰ প্ৰশ্ন– আপোনালোকে কেৱল এটা বিবৃতি দিয়েই দায়িত্ব শেষ হোৱা বুলি ভাবিলে নেকি? মুখ্যমন্ত্ৰী সোণোৱালক এইক্ষেত্ৰত ব্যক্তিগতভাৱে গুৰুত্ব দিবলৈ আহ্বান জনাই ৰাওৱে কয় যে যদি এনে ধৰণৰ সমস্যা আদিতেই সমাধান কৰা নাযায়, তেতিয়াহ’লে এয়া নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব৷ আৰু তেতিয়া চৰকাৰো বিপদত পৰিব৷ এই সকলো ঘটনাক সামৰি বিক্ৰম ৰাওৱে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ইফালে, সাংবাদিক আক্ৰমণকাৰী উমাশংকৰ শ্বাহৰ ক্ষমা খোজাৰ নাটকৰ আঁৰত ৰহস্য থকা বুলি সদৰী কৰিছে আৰক্ষীৰে এটা সূত্ৰই৷ সূত্ৰটোৰ মতে, উমাশংকৰ শ্বাহৰ সৈতে বিশেষ ৰাজনৈতিক শক্তিৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু তেওঁলোকৰ ছত্ৰছায়াতে জামিনৰ পাছতো একপ্ৰকাৰে আত্মগোপন কৰি আছে সাংবাদিক আক্ৰমণকাৰীয়ে৷