Logo
image

বালাছ’ৰৰ তদন্ত চিবিআইক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ জুনঃ দেওবাৰে পুৱা ওড়িশাৰ বালাছ’ৰৰ বাহানাগা বাজাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ দুৰ্ঘটনাস্থলত থিয় হৈ চৰকাৰী সংবাদমাধ্যম দূৰদৰ্শনক দিয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণবে এই ভয়ংকৰ দুৰ্ঘটনাৰ কাৰণ আৰু দোষী চিনাক্ত হৈ গৈছে বুলি মন্তব্য কৰি বিয়লি ঘটনাৰ তদন্ত চি বি আইৰ হাতত তুলি দিয়া হ’ব বুলি ‘ইউ টাৰ্ণ’ মাৰিছে৷ ১২ ঘণ্টাৰো কম সময়ত সম্পূৰ্ণ ওলোটা দিশে ১৮০ ডিগ্ৰী ঘূৰি বিয়লি অশ্বিনী বৈষ্ণৱে কৈছে যে, কেন্দ্ৰীয় ৰে’ল ব’ৰ্ডে এই বৃহৎ  দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিবলৈ চুপাৰিশ কৰিছে৷ তেওঁ কয়–‘দুৰ্ঘটনা সন্দৰ্ভত যিসমূহ তথ্য পোৱা গৈছে, সেই সকলো বিষয় চিন্তা কৰিয়েই ৰে’ল ব’ৰ্ডে চিবিআই তদন্তৰ পোষকতা কৰি তেনে পৰামৰ্শ আগবঢ়াইছে৷ সম্ভৱতঃ সেই পৰামৰ্শ গ্ৰহণ কৰা হ’ব৷’ প্ৰসংগত, ঘটনাৰ পিছদিনা অৰ্থাৎ শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও বালাছ’ৰৰ এই দুৰ্ঘটনাৰ তদন্ত চিবিআইক দিয়াৰ ইংগিত দিছিল৷ 
এই একেজন কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণবে পুৱা বাহানাগাৰ ঘটনাস্থলত দাবী কৰিছিল যে, ইতিমধ্যে ঘটনাৰ দোষী চিহ্নিত হৈ গৈছে৷ তেওঁ কৈছিল–‘ৰে’লৰ নিৰাপত্তা সংক্ৰান্ত কমিছনাৰ (চি আৰ এছ) দুৰ্ঘটনাস্থলত আছিল৷ তেওঁ সকলোৰে সৈতে কথা পাতিছে আৰু দ্ৰুত তদন্ত কৰিছে৷ ঘটনাৰ মূল কাৰণ চিহ্নিত কৰা হৈছে৷ যি এই কাম যি সংঘটিত কৰিছে, তেওঁলোকক চিহ্নিত কৰা হৈছে৷ অচিৰেই সেই তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰা হ’ব৷’ তাৎপৰ্যপূৰ্ণভাৱে অশ্বিনী বৈষ্ণৱে এই ঘটনা যান্ত্ৰিক ত্ৰুটি নহয় বুলি ইংগিত দিছিল৷ তেওঁ মূলতঃ ঘটনাৰ আঁৰত কোনো ব্যক্তি জড়িত থকা বুলিয়েই বুজাবলৈ প্ৰয়াস কৰিছিল৷ কিন্তু ইমানলৈকে আগবাঢ়িও হঠাতে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীয়ে ‘ইউ টাৰ্ণ’ লৈ তদন্ত চিবিআইৰ হাতলৈ দিয়াৰ পোষকতা কৰে৷ 
তাৎপৰ্যপূৰ্ণ এয়াই যে, ইতিমধ্যে মোদী চৰকাৰৰ কাৰ্যকালত ‘কবচ’ নামৰ সুৰক্ষা ব্যৱস্থা বহুল প্ৰচাৰেৰে ৰে’লত সংস্থাপন কৰিও দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰা বিষয়ক লৈ কংগ্ৰেছে মোদী চৰকাৰক আক্ৰমণ কৰিছে৷ সেই আক্ৰমণ চম্ভালিবলৈ এই ঘটনাৰ কাৰণ যান্ত্ৰিক ত্ৰুটিৰ সলনি মানৱসৃষ্ট বুলি প্ৰচাৰ কৰাৰ চেষ্টা চলাৰ অভিযোগ উঠিছে৷ তদুপৰি তদন্ত  চিবিআইৰ হাতলৈ দিলে বিৰোধীৰ এই দুৰ্ঘটনাক লৈ আক্ৰমণৰ চোক কমিব৷ কিয়নো চিবিআইৰ তদন্ত লেহেমীয়া হ’ব আৰু বহুক্ষেত্ৰত চিবিআই মোদী চৰকাৰৰ ইচ্ছামতে চলাৰো আশংকা আছে৷ তেনেক্ষেত্ৰত এই দুৰ্ঘটনা বিৰোধীৰ বাবে ‘ইচ্ছু’ হৈ নাথাকিব৷ উল্লেখ্য, ২০২২ চনৰ মাৰ্চত মোদী চৰকাৰে ‘মেক ইন ইণ্ডিয়া’ৰ অধীনত থলুৱা প্ৰযুক্তিৰে ‘কবচ’ নামৰ নিৰাপত্তা ব্যৱস্থা ভাৰতীয় ৰে’লত সংযুক্ত কৰিছিল৷ ‘কবচ’ থাকিলে একেটা ট্ৰেকত দুখন ৰে’ল থাকিলে আগতীয়াকৈ ধৰা পৰা বুলি দাবী কৰিছিল মোদী চৰকাৰে৷ স্বয়ং ৰে’লমন্ত্ৰী তেনে ‘কবচ’যুক্ত ৰে’লত উঠি সেই ব্যৱস্থা ১০০ শতাংশ সফল বুলি দাবী কৰিছিল আৰু বিজেপিয়ে তাকে লৈ ঢাকঢোল বজাইছিল৷ কংগ্ৰেছৰ দাবী, মোদীৰ ‘মেক ইণ্ডিয়া’ৰ ফচল ‘কবচ’ ব্যৰ্থ হ’ল৷ কবচ মোদীৰ বাবে সুৰক্ষা হ’ল, যাত্ৰীৰ বাবে নহ’ল৷ এতিয়া সেয়া ঢাকি ৰাখিবৰ বাবেই মোদী চৰকাৰে দুৰ্ঘটনাৰ কাৰণ মানৱসৃষ্ট বুলি প্ৰতীয়মান কৰিবলৈ উঠিপৰি লগা বুলি কংগ্ৰেছ নেতা পবন খেড়াই মন্তব্য কৰিছে৷ আনহাতে চিবিআইৰ তদন্তও ৰে’ল মন্ত্ৰণালয়ৰ দোষ ঢাকিবৰ বাবে কৰা পৰিকল্পনা বুলি তেওঁ দাবী কৰে৷
ওড়িশাৰ বালাছ’ৰত শুকুৰবাৰে সন্ধিয়া সংঘটিত বিগত কুৰি বছৰৰ ভিতৰত দেশৰ সবাটোকৈ বৃহৎ ৰে’ল দুৰ্ঘটনাটোত প্ৰায় তিনি শতাধিক যাত্ৰী নিহত হয়৷ সমান্তৰাল চাৰিটাকৈ ৰে’ল লাইনত বিশ মিনিটৰ ভিতৰত তিনিখন ৰে’লগাড়ীৰ মাজত এই সংঘৰ্ষ হয়৷ ভাৰতীয় ৰে’ল বিভাগে প্ৰকাশ কৰা অনুসৰি এই শোকাবহ দুৰ্ঘটনাটোত ২৮৮জন লোক নিহত হৈছে৷ ৰে’ল বিভাগে উদ্ধাৰকাৰ্য শনিবাৰে বিয়লি সম্পূৰ্ণ হোৱা বুলি জনায়৷ অৱশ্যে স্থানীয় বাসিন্দা তথা উদ্ধাৰকাৰ্যত হাতে-কামে লাগি থকা লোকৰ মতে ধবংসস্তুপত পৰিণত হোৱা ৰে’লৰ দবাৰ ভিতৰত মৃতদেহ থাকি যোৱাৰ আশংকা আছে৷ তদুপৰি গুৰুতৰভাৱে আহত ৬০জনৰো অধিক যাত্ৰীৰ একাধিক যাত্ৰীয়ে চিকিৎসালয়ত প্ৰাণ হেৰুৱাইছে৷ সেয়ে বেচৰকাৰী তথ্য আৰু দাবী অনুসৰি নিহতৰ সংখ্যাই ৩০০ অতিক্ৰম কৰিছে৷ বিগত বিশ বছৰৰ ভিতৰত দেশত সংঘটিত এইটোৱেই সবাটোকৈ বৃহৎ ৰে’ল দুৰ্ঘটনা হিচাপে পৰিগণিত হৈছে৷ ঘটনাটোত তিনিখন ৰে’লগাড়ীৰ মাজত সংঘৰ্ষ হোৱাটোও আন এক বিৰল ঘটনা৷ ঘটনাটো সংঘটিত হয় শুকুৰবাৰে সন্ধিয়া ৬.৫০ বজাৰ পৰা ৭.১০ বজাৰ ভিতৰত৷ ঘটনাৰ স্থান ওড়িশাৰ বালাছ’ৰ জিলাৰ বাহানাগা বাজাৰ ৰে’ল ষ্টেছনৰ পৰা ৩০০ মিটাৰ নিলগত৷ সংঘৰ্ষত জড়িত হোৱা তিনিখন ৰে’লগাড়ী হৈছে পশ্চিমবংগৰ কলকাতা চহৰৰ শালিমাৰ ষ্টেছনৰ পৰা চেন্নাই চেণ্ট্ৰেললৈ যোৱা কৰমণ্ডল এক্সপ্ৰেছ, কৰ্ণাটকৰ বেংগালুৰু চহৰৰ যেশোৱন্তপুৰৰ পৰা পশ্চিমবংগৰ হাওৰালৈ অহা বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ আৰু বাহানাগাৰ বাজাৰ ৰে’ল ষ্টেছনৰ সমীপত ৰখাই থোৱা এখন মালবাহী ৰে’ল৷ ভাৰতীয় ৰে’লৱে বিভাগৰ কাৰ্যবাহী সঞ্চালক অমিতাভ শৰ্মাই শনিবাৰে সংবাদ প্ৰতিষ্ঠান এএফপিক জনাইছিল যে কৰমণ্ডল এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ কেইবাটাও ডবা বাহানাগা বাজাৰ ষ্টেছনত সোমোৱাৰ পূৰ্বে লাইনচ্যুত হয় আৰু কৰমণ্ডলে ৰখাই থোৱা মালবাহী ৰে’লখনত গৈ খুন্দা মাৰে৷ সেই প্ৰচণ্ড খুন্দাত কৰমণ্ডল এক্সপ্ৰেছৰ চাৰিটা ডবা গৈ কাষৰ ট্ৰেকত পৰে৷ সেই সংঘৰ্ষ সংঘটিত হয় সন্ধিয়া ৬.৫০ বজাত৷ তাৰ বিশ মিনিট পাছতে কাষৰ চতুৰ্থ ট্ৰেকেৰে বিম্বাশবদে হাওৰা অভিমুখে আহি আছিল বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছখন৷ সেই ছুপাৰফাষ্ট ৰে’লখনে তীব্ৰ গতিৰে আহি ট্ৰেকত পৰি থকা কৰমণ্ডল এক্সপ্ৰেছৰ চাৰিটা দবাত প্ৰচণ্ড জোৰত খুন্দা মাৰে৷ দ্বিতীয়টো সংঘৰ্ষ হয় সন্ধিয়া ৭.১০ বজাত৷ মাজৰ সেই বিশ মিনিটত বাহানাগা বাজাৰ ষ্টেচনৰ কৰ্মচাৰীয়ে কিয় বেংগালুৰু-হাওৰা ৰে’লখন ৰাখিব নোৱাৰিলে সেয়া এক বিস্ময়৷ আনহাতে, কৰমণ্ডল এক্সপ্ৰেছে সঠিক লাইনেৰে নগৈ কিয় লুপ লাইনেৰে সোমাই ৰখাই থোৱা মালবাহী ৰে’লখনত খুন্দা মাৰিলে সেয়াও আন এক ৰহস্য হৈ পৰিছে৷