Logo
image

নলবাৰীত বিজেপিৰ সমস্যা দলৰে দুই হেভীৱেইট প্ৰাৰ্থী

আমাৰ অসম, ২১ জানুৱাৰীঃ নলবাৰী বিধানসভা সমষ্টিত নিৰ্বাচনী যুদ্ধ সদায়েই আকৰ্ষণীয় হয়৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ব৷ ‘আমাৰ অসম’ৰ সমীক্ষাত প্ৰাপ্ত তথ্য মতে, এইবাৰ নলবাৰীত বিজেপি নেতৃত্বাধীন মৰ্চা, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট আৰু নতুন আঞ্চলিক ৰাজনৈতিক দলৰ [অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল] মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব৷ সম্প্ৰতি নলবাৰী সমষ্টি বিজেপিৰ দখলত আছে৷ সকলো ঠিকে-থাকে থাকিলে এইবাৰো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ তৰফৰ পৰা নলবাৰীত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব৷ কিন্তু বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি নলবাৰীত বিজেপিৰ শিবিৰৰ মাজতে মতভেদ আছে৷ নলবাৰীত বিজেপিৰ হেভীৱেইট প্ৰাৰ্থী দুজন– বৰ্তমানৰ বিধায়ক তথা আৰ এছ এছৰ জ্যেষ্ঠ কৰ্মী অশোক শৰ্মা আৰু অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক জয়ন্তমল্ল বৰুৱা৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ জয়ন্তমল্ল বৰুৱাক যোৱাবাৰ নলবাৰীত প্ৰাৰ্থিত্ব দিয়াবৰ বাবে মন্ত্ৰী শৰ্মাই বহু চেষ্টা কৰিছিল যদিও মূলতঃ আৰ এছ এছৰ বাধাৰ বাবেই সেয়া সফল নহ’ব৷ কিয়নো আৰ এছ এছৰ প্ৰথম পচন্দ অশোক শৰ্মা৷ এইবাৰো অশোক শৰ্মাৰ নাম আৰ এছ এছৰ গুডবুকত আছে৷  শেহতীয়াভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতেও অশোক শৰ্মাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে মন্ত্ৰী শৰ্মায়ো নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে– জয়ন্তমল্ল বৰুৱাক টিকট দিয়াবৰ বাবে৷ সেই সূত্ৰে নলবাৰী সমষ্টিত বিজেপিৰ প্ৰধান সমস্যা দলৰ ভিতৰতহে আছে, বাহিৰত নাই৷ উল্লেখ্য, ৰঙালী বিহুৰ আগে-পিছে হ’ব লগা ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা৷ ৰাজ্যৰ আন সমষ্টিসমূহৰ লগতে ৫৯ নং নলবাৰী বিধানসভা সমষ্টিতো চলিছে প্ৰাক-নিৰ্বাচনী কুচ-কাৱাজ৷ এসময়ত আঞ্চলিকতাবাদী ৰাজনীতিৰ শক্তিশালী দুৰ্গ হিচাপে চৰ্চিত নলবাৰী জিলাৰ নলবাৰী সদৰ সমষ্টিত ’২১ৰ বিধানসভা নিৰ্বাচনত টিকট লাভৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ মাজত ইতিমধ্যে ভিতৰি ভিতৰি চলিছে যুঁজ৷ ৰাজ্যখনত অধিক সংখ্যক সময় কংগ্ৰেছে শাসন কৰাৰ পাছতো সুদীৰ্ঘকাল বেলেগ দলৰ দখলত থকা নলবাৰী বিধানসভা সমষ্টিটোত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ শাসকীয় বিজেপি, মিত্ৰদল অগপৰ লগতে বিৰোধী দল কংগ্ৰেছে ভিতৰি ভিতৰি তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰজোঁটৰ দখললৈ যোৱা সমষ্টিটোত নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদেও শক্তিশালী ৰূপত অৱস্থান গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷ নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিভিন্ন প্ৰক্ৰিয়াৰে নিজ নিজ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠি-পৰি লাগিছে ৰাজনৈতিক দলসমূহ৷ উল্লেখ্য, বিজেপিৰ লগত মিত্ৰতাৰ সূত্ৰে বিগত বিধানসভা নিৰ্বাচনত নলবাৰী সমষ্টিসহ জিলাখনৰ তিনিওটা বিধানসভা সমষ্টি বিজেপিক এৰি দিব লগা হৈছিল অগপই৷ তিনিওটা সমষ্টিতেই বিজেপিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষমো হৈছিল৷ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা তিনিওটা সমষ্টিতেই সান্তনা লভিছিল যদিও সাংগঠনিকভাৱে বৃহৎ ক্ষতিৰ সমুখীন হৈছিল আঞ্চলিক দল অগপ৷ তদুপৰি নিৰ্বাচনৰ পাছত আঞ্চলিক দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলো বিজেপিৰ বিধায়ক তথা তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ পৰাও বহু ক্ষেত্ৰত দূৰত্বত অৱস্থান কৰিবলগাত পৰে৷ এনে পৰিস্থিতিৰ মাজতো কিন্তু জিলাখনৰ নলবাৰী সদৰ সমষ্টিত আঞ্চলিকতাবাদৰ শক্তি আজিও হেৰাই যোৱা নাই৷ সুদীৰ্ঘকাল অ-কংগ্ৰেছীৰ দখলত থকা নলবাৰী সদৰ সমষ্টিটো বিগত ৩৩ বছৰৰ অন্তত ২০০১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ মদন কলিতাই উদ্ধাৰ কৰি পুনৰুজ্জীৱিত কৰে যদিও ২০০৬ৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী অলকা শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী মদন কলিতাক পৰাস্ত কৰি নিৰ্বাচিত হয়৷ এই নিৰ্বাচনত অগপ প্ৰাৰ্থীজনে লাভ কৰা ৫৫,১০৪টা ভোটৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীজনে লাভ কৰিছিল ৪০,৪৮জ্ঝটা ভোট৷ লক্ষণীয়ভাৱে উক্ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী অশোক শৰ্মাই লাভ কৰিছিল মাত্ৰ ১৮,৬২৪টা ভোট৷ আকৌ ২০১১ৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ন্তমল্ল বৰুৱাই নিৰ্বাচিত হৈ সমষ্টিটোত দলটোৰ স্থিতি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰে৷ উক্ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীজনে লাভ কৰা ৩৯,৮৯৬টা ভোটৰ বিপৰীতে অগপৰ অলকা শৰ্মাই লাভ কৰিছিল ৩১,৬৭৩টা ভোট৷ আনহাতে, উক্ত নিৰ্বাচনতো বিজেপি প্ৰাৰ্থীজনে [দিলীপ শইকীয়া] লাভ কৰিছিল মাত্ৰ ১২,৫০৭টা ভোট৷ ইয়াৰ পাছত অৱশ্যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত নলবাৰীত ব্যাপক ৰাজনৈতিক পৰিৱৰ্তন ঘটে৷ দেশজুৰি চলি থকা মোদী ঢৌৰ বাবেই এই নিৰ্বাচনত বিজেপি-অগপ মিত্ৰদলৰ প্ৰাৰ্থী অশোক শৰ্মাই বিপুল সংখ্যক ৯৯,১৩১টা ভোট লাভ কৰি নলবাৰী সদৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়৷ আনহাতে, উক্ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদু্যৎ কুমাৰ ভূঞাই লাভ কৰিছিল ৪৬,০৮৭টা ভোট৷ ইপিনে, নলবাৰী সমষ্টিটোত পূৰ্বে তিনিবাৰকৈ নগেন শৰ্মাই আৰু দুবাৰকৈ[ইয়াৰে এবাৰ উপ-নিৰ্বাচন] শৰ্মাৰ পত্নী অলকা শৰ্মাই নিৰ্বাচিত হৈ আঞ্চলিক দলটোক শক্তিশালী স্থিতিত এৰি থৈ যায়৷ সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত আঞ্চলিক দলটোৱে প্ৰাৰ্থী দিব বুলি গভীৰ আশাবাদী দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকল৷ ইতিমধ্যে দলৰ শীৰ্ষপৰ্যায়ৰ পৰা সেউজ সংকেত লাভ কৰি অসম যুৱ পৰিষদৰ উপ-সভাপতি তথা নলবাৰী সমষ্টি সমিতিৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ দাসে বিগত কেইবামাহ ধৰি সমষ্টিটোৰ চুকে-কোণে ঘূৰি দলটোৰ হেৰোৱা স্থিতি উদ্ধাৰ কৰিবলৈ উঠি-পৰি লগা পৰিলক্ষিত হৈছে৷ দলৰ তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈকে সু-সম্পৰ্ক বৰ্তাই অহা দিলীপ কুমাৰ দাস সমষ্টিটোৰ প্ৰায় প্ৰতিজন লোকৰ চিনাকি মুখ৷ সমষ্টিটোত  বিশেষ দখল থকা দাসে আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী হ’লে সমষ্টি উদ্ধাৰ কৰিব পাৰিব বুলি দাবী কৰিছে দলটোৱে৷ আগন্তুক নিৰ্বাচনৰ বাবে এইপৰ্যন্ত আনুষ্ঠানিক মিত্ৰতাকে ধৰি অন্যান্য আলোচনা আৰম্ভ হোৱা নাই যদিও সমষ্টিটোৰ অগপ প্ৰাৰ্থী হিচাপে এই মুহূৰ্তলৈকে দিলীপ কুমাৰ দাসৰ নাম চৰ্চিত হৈ আছে৷ অৱশ্যে প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা বৰ্তমানৰ অগপ নেতা মদন কলিতা, অগপ নেতা দিলীপ পাটগিৰিও নলবাৰী সমষ্টিত টিকটৰ দাবীদাৰ হ’ব পাৰে৷  টিকট যিয়েই নাপাওক, কোনো কাৰণতে নলবাৰী সদৰ সমষ্টি এইবাৰ বিজেপিক এৰি দিবলৈ আগ্ৰহী নহয় জিলা অগপ৷ ইপিনে,  শেহতীয়াভাৱে অগপ দলটো নলবাৰীত প্ৰত্যাহ্বানৰ সন্মুখীন   হৈছে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদৰ৷ সমষ্টিটোৰ বহু  অগপ নেতাই নতুন দলটোত যোগদান কৰাৰ লগতে বহুসংখ্যক তৃণমূল কৰ্মীয়ে নতুন দলটোত যোগদান কৰি দলটোৰ শক্তি বৃদ্ধি কৰে৷ জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন আছু নেতা নগেন ডেকা, প্ৰাক্তন আছু নেতা অমল ডেকাকে ধৰি কেইবাজনো প্ৰাক্তন আছু নেতাই নতুন দলটোৰ দায়িত্ব লৈ দলটোৰ সাংগঠনিক স্থিতি মজবুত কৰাৰ অভিযানত নামি পৰিছে৷ নতুন আঞ্চলিক দলটোত চামিল হৈছে অগপ, বিজেপিৰ লগতে কংগ্ৰেছ দলৰো বহু নেতা-কৰ্মী৷ উল্লেখ্য, ‘কা’ বিৰোধী আন্দোলনৰ সময়তো অগপ নেতা নগেন ডেকাই দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ বিষোদকাৰ কৰি সবল স্থিতি গ্ৰহণ কৰিছিল৷ অসম জাতীয় পৰিষদৰ নলবাৰী সমষ্টিৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা নগেন ডেকাৰ নাম এই মুহূৰ্তলৈকে নলবাৰী সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী হিচাপে অধিক চৰ্চিত হৈছে৷ অগপৰ সমান্তৰালকৈ বিজেপিৰ বিধায়ক অশোক শৰ্মাৰ দখলত থকা সমষ্টিটো পুনৰবাৰ বিজেপিয়ে দখল কৰাৰ বাবে চেষ্টা অব্যাহত কৰিছে৷ লক্ষণীয়ভাৱে সমষ্টিটোত বিজেপিৰ সাংগঠনিক স্থিতি আজিও মজবুত৷ বিধায়কজনৰ বিৰুদ্ধে এইপৰ্যন্ত নাই কোনো তেনে দুৰ্নীতিৰ অভিযোগ কিম্বা বিশেষ প্ৰতিষ্ঠানবিৰোধী ঢৌ৷  শাসকীয় দলটোৰ প্ৰাৰ্থী হিচাপে বিধায়ক অশোক শৰ্মাৰ উপৰি প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাৰ নাম চৰ্চিত হৈছে৷ নলবাৰী বিজেপিত এই দুই নেতাক লৈ দুটা শিবিৰ চলি থকা বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে৷ বৰ্তমানৰ বিধায়ক অশোক শৰ্মাৰ পক্ষত আৰ এছ এছৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থকাৰ বিপৰীতে জয়ন্তমল্ল বৰুৱাৰ পক্ষত আছে প্ৰভাৱশালী মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ নলবাৰীৰ জীয়ৰী তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ নামো নলবাৰীৰ বিজেপি প্ৰাৰ্থীৰূপে উচ্ছাৰিত হৈছে৷ বিজেপিৰ সূত্ৰ মতে, তেওঁ বটদ্ৰৱাৰ পৰিৱৰ্তে নগাঁও, নলবাৰী বা বঢ়মপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ইচ্ছা কৰিছে আৰু এই বিষয়ে বিজেপিৰ নেতৃত্বক অৱগতও কৰিছে৷ ইপিনে, কংগ্ৰেছৰ ফালৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বিগত বিধানসভা নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী প্ৰদু্যৎ কুমাৰ ভূঞাৰ নাম দলীয় টিকটৰ বাবে অধিক চৰ্চালৈ আহিছে৷ উচ্ছশিক্ষিত প্ৰদ্যুৎ ভূঞা প্ৰাৰ্থীৰূপে শক্তিশালী যদিও নলবাৰীত সম্প্ৰতি কংগ্ৰেছৰ সাংগঠনিক শক্তি বিশেষ শক্তিশালী নহয়৷ অৱশ্যে, প্ৰদ্যুৎ ভূঞাকে ধৰি কেইবাজনেও কংগ্ৰেছ সংগঠন শক্তিশালী কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে৷