Logo
image

বঢ়মপুৰত নতুন মুখৰ ভিৰ, মহন্ত যেন ডিঙিৰ কাঁইট

আমাৰ অসম, ২১ জানুৱাৰীঃ বঢ়মপুৰ সমষ্টিত প্ৰাৰ্থিত্ব পাবৰ বাবে বিভিন্ন দলৰ পৰা বহুজনে চেষ্টা অব্যাহত ৰাখিছে৷ লক্ষণীয়ভাৱে এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আগবাঢ়ি অহা বিভিন্ন দলৰ সম্ভাব্য প্ৰাৰ্থীসকলৰ মাজত ভিৰ কৰিছে নতুন মুখে৷ ইফালে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত সকলোৰে বাবে ডিঙিৰ কাঁইটস্বৰূপ হৈ পৰিছে৷ প্ৰফুল্ল মহন্তক ভালেই পাওক বা বেয়াই পাওক নিৰ্বাচনী অংকত বঢ়মপুৰত মহন্তক আজিৰ তাৰিখতো একেবাৰে উলাই কৰি দিব নোৱাৰি৷ সেইবাবেই সকলো দলেই মহন্তৰ প্ৰসংগক গুৰুত্বসহকাৰে ল’বলৈ বাধ্য হৈছে৷ বঢ়মপুৰ সমষ্টি মহন্তৰ দখলত আছে৷ সমষ্টিটোত জাতীয়তাবাদী চিন্তাধাৰাৰ ভোটাৰ অসংখ্য৷ মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত মহন্তই বঢ়মপুৰ সমষ্টিৰ উন্নয়নৰ বাবে কৰা কেতবোৰ কামেও তেওঁক একাংশ ভোটাৰৰ মাজত আজিও জনপ্ৰিয় কৰি ৰাখিছে৷ প্ৰফুল্ল মহন্তক উলাই কৰি বঢ়মপুৰত ৰাজনৈতিক অংক কৰাটো আজিৰ তাৰিখতো সম্ভৱ নহয়৷ ইফালে, অগপৰ নেতৃত্বৰ সৈতে মহন্তৰ সংঘাত সৰ্বজনবিদিত৷ এই সংঘাত মূলতঃ ‘কা’কেন্দ্ৰিক যদিও এই সংঘাতৰ কেতবোৰ ব্যক্তিগত কাৰণো আছে৷ অগপ নেতৃত্বই এইবাৰ মহন্তৰ পৰিৱৰ্তে আন নেতাক বঢ়মপুৰত অগপৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব বিচাৰিছে৷ এইক্ষেত্ৰত চৰ্চালৈ আহিছে প্ৰাক্তন আছু নেতা তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভ্ৰাতৃ মণিমাধৱ মহন্তৰ নাম৷ ইফালে, সমষ্টিটোত অগপৰ পৰিৱৰ্তে বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ বাবে বিজেপিৰ বিভিন্ন মহলে নেতৃত্ব হেঁচা দিছে৷ সম্ভাব্য বিজেপিৰ প্ৰাৰ্থীৰূপে উচ্ছাৰিত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, বিজেপি নেতা জিতু গোস্বামী আৰু বটদ্ৰৱাৰ বিধায়ক আঙুৰলতা ডেকাৰ নাম৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন টেলিভিছন চেনেলৰ সাংবাদিক সুনীল বৰাৰ নামো বঢ়মপুৰৰ বিজেপি প্ৰাৰ্থীৰূপে চৰ্চালৈ আহিছে৷ বঢ়মপুৰৰ স্থানীয় যুৱৰ সুনীল বৰাই ইতিমধ্যে অঞ্চলটোৰ বহু সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰিছে আৰু বিগত সময়ছোৱাত বঢ়মপুৰ সমষ্টিত  জনকল্যাণমূলক কাম-কাজ অব্যাহত ৰাখিছে৷ উল্লেখ্য, নগাঁও জিলাৰ আঠটা বিধানসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছবিৰোধী শক্তি, বিশেষকৈ অগপ-বিজেপিৰ বাবে আটাইতকৈ সুৰক্ষিত বিধানসভা সমষ্টিটো যে বঢ়মপুৰ সেই কথা বিগত সময়ত প্ৰমাণিত হৈ আহিছে৷  অগপ-বিজেপিৰ এই দুৰ্গ খহাবৰ বাবে প্ৰাণপণে চেষ্টা চলাই আছে কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী সুৰেশ বৰাই৷ কংগ্ৰেছ দলে এইবাৰো সুৰেশ বৰাকে পুনৰ প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত৷ ১৯৯১ৰ পৰা একেৰাহে ছবাৰ অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বঢ়মপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে৷ ১৯৬৭ চনত গঠন হোৱা বঢ়মপুৰ বিধানসভা সমষ্টিত প্ৰথম দুবাৰৰ নিৰ্বাচনত চি পি আই দলৰ কেঁহোৰাম হাজৰিকা, ১৯৭৭ চনত জনতা পাৰ্টিৰ লক্ষেশ্বৰ গোহাঁই, ১৯৮৫ চনত অগপৰ গিৰীন্দ্ৰ কুমাৰ বৰুৱা বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ ১৯৮৩ চনত বিদেশী বহিষ্কাৰ আন্দোলনৰ বাবে অধিকাংশ ৰাইজে সহযোগ নকৰা অবৈধ নিৰ্বাচনত ইন্দিৰা কংগ্ৰেছৰ ৰমেশ ফুকন বিধায়ক নিৰ্বাচিত হৈছিল৷ ১৯৮৩ৰ বাদে বঢ়মপুৰৰ ইতিহাসত কংগ্ৰেছ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ নজিৰ নাই৷ বঢ়মপুৰ সমষ্টিৰ ভোটাৰৰ মাজত যে সৰ্বদা কংগ্ৰেছবিৰোধী বতাহ প্ৰৱাহমান হৈ আছে সেই কথা বিগত নিৰ্বাচনৰ ফলাফলসমূহে প্ৰমাণ কৰি আহিছে৷ ২০০১ চনৰ পৰা  বঢ়মপুৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰফুল্ল মহন্তই সমষ্টিৰ উন্নয়নৰ বাবে বিশেষ একো কৰিব নোৱৰা সত্ত্বেও ২০১৬ চনৰ নিৰ্বাচনত মহন্ত ষষ্ঠবাৰৰ বাবে সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হয়৷ ২০১৬ বিধানসভা নিৰ্বাচনত প্ৰফুল্ল মহন্তই ৬৫,৭৬৮টা ভোট লাভ কৰি বিজয়ী হোৱাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰে ৬০,৫৯৯টা ভোট৷ অৰ্থাৎ নিকটতম কংগ্ৰেছ প্ৰাৰ্থীজনৰ লগত বিজয়ী অগপ প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান আছিল ৫,১৬৯টা৷ ২০০১ চনৰ বিধানসভা নিৰ্বাচনৰে পৰা দেখা যায় যে, কম ভোটৰ ব্যৱধানত প্ৰতিবাৰেই অগপ প্ৰাৰ্থীজনে কংগ্ৰেছ প্ৰাৰ্থীক পৰাজিত কৰি আহিছে৷ কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বঢ়মপুৰ বিধানসভা সমষ্টিত ভোটদানৰ ৰূপৰেখাই কেৱল কংগ্ৰেছ দলক দুৰ্বল প্ৰতিপন্ন কৰাই নহয়, প্ৰফুল্ল মহন্তকো তুলনামূলকভাৱে গুৰুত্বহীন কৰি তোলে৷ ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰফুল্ল মহন্তই অগপ- বিজেপি মিত্ৰতাৰ বিৰোধিতা কৰি প্ৰতিবাদস্বৰূপে ভোটদানৰ পৰাও বিৰত আছিল৷ কিন্তু মহন্তৰ বিৰোধিতালৈ গুৰুত্ব নিদি বঢ়মপুৰত দলে-বলে লোক ওলাই আহি বিজেপি প্ৰাৰ্থীক ভোটদান কৰিলে৷ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈতকৈ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই বঢ়মপুৰত ২৯,৩৬৩টা ভোট অধিক লাভ কৰে৷ এই ব্যৱধান পূৰ্বে প্ৰফুল্ল মহন্তৰ ক্ষেত্ৰত সম্ভৱ হোৱা নাছিল৷ আনফালে, নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা বঢ়মপুৰবাসীৰ মাজত তেনেদৰে পৰিচিত নোহোৱা সত্ত্বেও তেওঁ বিপুল সংখ্যক ভোট লাভ কৰাত সমষ্টিটোত বিজেপিৰ ভেটি শক্তিশালী হোৱা বুলি পতিয়ন গৈছে দলটোৰ একাংশ নেতা৷ প্ৰফুল্ল মহন্তই ২০১৬ৰ বিধানসভা নিৰ্বাচনত লাভ কৰা ভোটতকৈ ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই বঢ়মপুৰত ১৬,৫৬৮টা ভোট অধিক লাভ কৰে৷ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ২০১৬ৰ বিধানসভা নিৰ্বাচনত বঢ়মপুৰত সুৰেশ বৰাই লাভ কৰা ভোটতকৈ ৭,৬২৬টা ভোট কমকৈ লাভ কৰে৷ এই কথাই বিজেপি দলক ইমানেই উৎসাহিত কৰে যে, ২০২১ৰ নিৰ্বাচনত সমষ্টিটোত এককভাৱে নিজ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ আশাত কেইবাজনেও বঢ়মপুৰত কুচ-কাৱাজ আৰম্ভ কৰে৷ তাৰ ভিতৰত অধিক সক্ৰিয় হৈ পৰে জিতু গোস্বামী৷ পূৰ্বৰে পৰা লোকসভা নিৰ্বাচনবোৰত প্ৰতিবাৰতে নগাঁৱৰ বিজেপি সাংসদ ৰাজেন গোঁহাইয়ে বঢ়মপুৰত বুজন পৰিমাণৰ ভোট পাই অহাৰ সূত্ৰে গোঁহাইয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছৰে পৰা সমষ্টিটোৰ পৰা বিধায়ক হোৱাৰ চিন্তা-চৰ্চা কৰিছে৷ নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথে নিজা সমষ্টি নগাঁও হোৱা সত্ত্বেও বঢ়মপুৰত সুবিধাজনক বুলি ভাবি সমষ্টিটোলৈ মন মেলিছে৷ শেহতীয়াকৈ বঢ়মপুৰলৈ গোপনে মন মেলিছে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই৷ বটদ্ৰৱাত ক্ৰমহ্ৰাসমান জনপ্ৰিয়তাক লৈ চিন্তিত আঙুৰলতাই এইবাৰ নিৰ্বাচনত বিকল্প সমষ্টিৰ সন্ধান অব্যাহত ৰাখিছে৷ তেওঁ নামনি অসমৰ কোনো এটা সমষ্টি বিচাৰি নেতৃত্বৰ ওচৰত আৰ্জি দিছে যদিও সেই লক্ষ্যত সফল হোৱাৰ আশা এৰি এতিয়া বঢ়মপুৰ অধিক সুৰক্ষিত বুলি ভাবি সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্বৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সপোন দেখিছে৷ বিজেপিৰ একাধিক নেতাৰ তৎপৰতাৰ বিপৰীতে এইবাৰ নিৰ্বাচনত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত প্ৰথম সিদ্ধান্ত ল’ব অগপ দলে৷ বিজেপি দলৰ সৈতে মিত্ৰতাত বান্ধ খাই থকা অগপই বঢ়মপুৰ এৰি দিয়াৰ সিদ্ধান্ত ল’লেহে বিজেপি দলে নিজ দলৰ প্ৰাৰ্থিত্ব প্ৰদানৰ চূড়ান্ত সিদ্ধান্ত ল’ব পাৰিব৷ অগপ দলে এইপৰ্যন্ত বঢ়মপুৰ বিজেপিক এৰি দিয়াৰ কথা ভবা নাই যদিও প্ৰাৰ্থী সলনিৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে৷ এফালে, বঢ়মপুৰত দলীয় বিধায়কৰ ক্ৰমহ্ৰাসমান জনপ্ৰিয়তা, আনফালে প্ৰফুল্ল মহন্তৰ  শাৰীৰিক অসুস্থতাৰ বাবে দলে সমষ্টিটোত নতুন প্ৰাৰ্থী প্ৰদানৰ সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে অগপ৷ অৱশ্যে, মহন্তৰ সৈতে কাজিয়া কৰি নহয় বুজাবুজি কৰিহে সিদ্ধান্ত ল’ব খুজিছে অগপ নেতৃত্বই৷ কিয়নো বঢ়মপুৰ সমষ্টিত মহন্তৰ স্থায়ী ভোটবেংক আছে৷ গতিকে মহন্তক উলাই কৰি নিৰ্বাচনত জিকাটো কঠিন হ’ব বুলি ধাৰণা কৰিয়েই অগপ নেতৃত্বই তেওঁক বুজাই-বঢ়াই সৈমান কৰিবলৈ চেষ্টা কৰিছে৷ মহন্তক ৰাজ্যপাল পতাৰো প্ৰস্তাৱ দিয়াৰ কথা ভবা হৈছে৷ ইফালে, অগপ আৰু বিজেপিৰ এই তৎপৰতাৰ বিপৰীতে কেইদিনমান পূৰ্বে মহন্তই তেওঁৰ পুৰণি বন্ধু, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি বঢ়মপুৰ সমষ্টিটো অগপৰ হাতৰ পৰা আঁতৰাই নানিবৰ বাবে অনুৰোধ জনায়৷ অমিত শ্বাহে মহন্তক তেওঁৰ অনুৰোধ গুৰুত্বসহকাৰে বিবেচনা কৰি চোৱাৰ আশ্বাস দিয়ে৷ সেই সূত্ৰে মহন্তৰ আত্মবিশ্বাসো বৃদ্ধি পাইছে৷ ইফালে, বিজেপিৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰা প্ৰফুল্ল মহন্তক অগপই পুনৰ প্ৰাৰ্থিত্ব দিলেও বিজেপি বহু কৰ্মী-সমৰ্থকৰ সঁহাৰি লাভৰ যে আশা নাই সেই দিশৰ প্ৰতিও লক্ষ্য ৰাখিছে অগপ আৰু বিজেপি নেতৃত্বই৷  যদি মহন্তক কেন্দ্ৰ কৰি অগপ-বিজেপিৰ ভোট বিভাজিত হয়, তেন্তে লাভ হ’ব কংগ্ৰেছৰ৷ সাতে সোতৰই মিলি এইবাৰ বঢ়মপুৰত মহন্তই অগপ প্ৰাৰ্থিত্ব পোৱা-নোপোৱা বিষয়টো আজিকোপতি অনিশ্চিত হৈ আছে৷ ইফালে, প্ৰফুল্ল মহন্তই প্ৰাৰ্থিত্ব নাপাব বুলি আৰু নিজৰ প্ৰাৰ্থিত্ব সম্পৰ্কে কাৰ্যতঃ নিশ্চিত হৈয়েই বঢ়মপুৰত তীব্ৰগতিত নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে অগপৰ যুৱ নেতা মণিমাধৱ মহন্তই ৷ বিগত বৰ্ষত নগাঁও জিলাত দলীয় সাংগঠনিক নিৰ্বাচনৰ দায়িত্ব লোৱাৰে পৰা তেনে লক্ষ্যৰে মণিমাধৱে বঢ়মপুৰত অগপ দলৰ তৃণমূল পৰ্যায়ৰ নেতা- কৰ্মী আৰু বিভিন্নপৰ্যায়ৰ লোকৰ লগত সম্পৰ্ক স্থাপন কৰিছে৷ শেহতীয়াকৈ প্ৰাক্তন অগপ বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ একাংশ সমৰ্থকে বৰুৱাক এইবাৰৰ নিৰ্বাচনত বঢ়মপুৰত প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে দলীয় নেতৃত্বক হেঁচা দিছে৷ অগপ- বিজেপি দলৰ কেইবাজনো প্ৰাৰ্থীৰ কুচ-কাৱাজৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰায়ো ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মন মেলিছে৷ জানিব পৰা মতে, কাৰাবন্দী কৃষক নেতা অখিল গগৈয়েও ৰাজু বৰা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হোৱাটো বিচাৰিছে৷ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভাত ৰাজু বৰাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্পৰ্কত সিদ্ধান্ত চূড়ান্ত হ’ব৷ বৰ্তমানৰ প্ৰেক্ষাপটত নিৰ্বাচনত বঢ়মপুৰত মূল প্ৰতিদ্বন্দ্বিতা অগপ-বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজতে হোৱাৰ সম্ভাৱনা৷ কোন নিৰ্বাচনী ৰণত জয়ী হ’ব সেয়া ভোটাৰে নিৰ্ণয় কৰিব৷ জ’ জিতা ৱ’হি ছিকন্দৰ৷

বঢ়মপুৰত মহাজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে প্ৰফুল্ল মহন্ত, অতুল বৰাক অগপৰ সভাপতিৰ স্বীকৃতি উচ্ছ ন্যায়ালয়ৰ

‘আগন্তুক বিধানসভাৰ নিৰ্বাচনত যদিহে প্ৰফুল্ল কুমাৰ মহন্তই বঢ়মপুৰ সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থীত্ব লাভ নকৰে, তেন্তে তেওঁ কংগ্ৰেছ মহাজোঁটৰ সমষ্টিত প্ৰাৰ্থী হিচাপেও বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব পাৰে৷’– এই ঘোষণা প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন অসম আন্দোলন সংগ্ৰামী মঞ্চৰ৷ বুধবাৰে দিছপুৰ প্ৰেছক্লাৱত এক সংবাদ মেলত সম্বোধন কৰি মঞ্চৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা, দিলীপ চৌধুৰী আৰু বাৰ্কিপ্ৰসাদ টেলেংগাই কয়– ‘কংগ্ৰেছ, ইউ ডি এফ, মিত্ৰ দল তথা আঞ্চলিক গণ মৰ্চাই ‘কা’বিৰোধিতা কৰে৷ অসম আন্দোলন সংগ্ৰামী মঞ্চইয়ো ‘কা’বিৰোধিতা কৰে৷ গতিকে উমৈহতীয়া স্বাৰ্থত অসম আন্দোলন সংগ্ৰামী মঞ্চই কংগ্ৰেছ মহাজোঁটৰ প্ৰতি সমৰ্থন দিয়াত কোনো আপত্তি নাথাকে৷ অৱশ্যে আগন্তুক বিধানসভাৰ নিৰ্বাচনত অসম আন্দোলন সংগ্ৰামী মঞ্চই কাৰ প্ৰতি সমৰ্থন আগবঢ়ায় এই সন্দৰ্ভত চোৱাচিতা কৰিবৰ বাবে এখন কমিটী গঠন কৰি দিয়া হৈছে৷ ভৱিষ্যতৰ দিনত অসম আন্দোলন সংগ্ৰামী মঞ্চই ৰাজ্যত সুকীয়া নতুন আঞ্চলিক শক্তি হিচাপেও মূৰ দাঙি উঠিব পাৰে৷’ মঞ্চৰ নেতৃত্বৰ অভিযোগ চৰকাৰৰ ষড়যন্ত্ৰৰ বাবেই মঞ্চৰ প্ৰস্তাৱিত অভিৱৰ্তনখন সাময়িকভাৱে স্থগিত ৰখা হৈছে৷ ইফালে অসম গণ পৰিষদ দলৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিখনৰ বৈধতাক প্ৰশ্ন তুলি গুৱাহাটী উচ্ছ ন্যায়ালয়ত তৰা গোচৰ দীঘলীয়া শুনানিৰ অন্তত ন্যায়ালয়ে খাৰিজ কৰে৷ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছত বৰ্তমানৰ সভাপতি অতুল বৰা নেতৃত্বাধীন কেন্দ্ৰীয় সমিতিখনে দলীয় সংবিধান অনুসৰি তিনি বছৰলৈ কাৰ্যকাল চলাই নিব পাৰিব৷ অসম গণ পৰিষদ দলৰ হৈ উচ্ছ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে জে্যষ্ঠ অধিবক্তা বিজন মহাজন, গৌতম চৌধুৰী আৰু নুৰচাদ আলমে৷ আজি এক সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই এই কথা প্ৰকাশ কৰে৷ সাধাৰণ সম্পাদক কলিতাৰ লগতে সংবাদ মেলত উপস্থিত থাকে সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডঃ তপন দাস, মনোজ শইকীয়াৰ লগতে অধিবক্তা বিজন মহাজন আৰু আন আন অধিবক্তাসকল উপস্থিত আছিল৷