Logo
image

ধেমাজিত ধুমুহাৰ কালৰূপঃ গছ পৰি এজনৰ মৃত্যু

ডিজিটেল সংবাদ, ধেমাজিঃ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে এজাক বৰষুণৰ অপেক্ষাত আছিল যদিও প্ৰাণঘাতী ধুমুহাৰ আশা কৰা নাছিল ৷ কিন্তু নভবা আৰু নিবিচৰা ধৰণে ঘাতকৰ ৰূপত ধুমুহা আহিল ধেমাজিলৈ ৷ শুকুৰবাৰে আবেলি অহা এজাক প্ৰচণ্ড ধুমুহাই প্ৰাণ কাঢ়ি নিয়ে এজন লোকৰ ৷ জানিব পৰা মতে, ধুমুহাজাকত ধেমাজি আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সমীপত এজোপা প্ৰকাণ্ড গছ ভাঙি পৰে৷ সেই সময়তে গছজোপাৰ তলেদি মটৰ চাইকেলৰে গৈ থকা দুই আৰোহীৰ ওপৰত গছ পৰাত মূৰত আঘাত পাই পিতিআৰন্ধৰা নামৰ লোকজনৰ ঠাইতে মৃত্যু হয়৷ আনহাতে মটৰ চাইকেল চলাই যোৱা আনজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'ব লগা হয়৷ গছজোপাৰ তলতে থকা এখন হোটেলৰ ওপৰত গছজোপা বাগৰি পৰে যদিও সেই সময়ত হোটেলখনত চাহ খাই থকা বহুকেইজন লোকৰ সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰে ৷ উল্লেখ্য যে আজি বিয়লি নিমিষতে অহা ধুমুহাজাকে বহু লোকৰ ঘৰ-বাৰী উৰুৱাই নিয়ে ৷ তদ্ৰুপভাৱে গছ-গছনি আৰু বিদ্যুতৰ খুটা ভাঙি যাতায়াত বিঘ্নিত কৰে ৷ বাতৰি লিখাৰ পৰলৈকে বিদ্যুৎ যোগান ব্যাহত হৈ আছে৷