Logo
image

মুখ্যমন্ত্ৰীসহ ৫০ ঊধবৰ্ৰ সাংসদক ভেক্‌চিন

আমাৰ অসম, ২২ জানুৱাৰীঃ দেশৰ নাগৰিকৰ, বিশেষকৈ সাম্প্ৰতিক সময়ত স্বাস্থ্যকৰ্মীৰ মনত ক’ভিডৰ প্ৰতিষেধকক লৈ সৃষ্টি হোৱা সন্দেহ আৰু আতংক দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ উপৰি দেশৰ সাংসদসকলে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিব৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এজন বিষয়াই চৰকাৰৰ এই জৰুৰী পদক্ষেপৰ বিষয়ে প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা বুলি জনাইছে পি এম অ’ৰ এজন বিষয়াই৷ দেশৰ চিকিৎসকে প্ৰতিষেধক গ্ৰহণৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰাৰ সময়ত আতংকিত হৈয়ো প্ৰতিষেধক ল’বলৈ বাধ্য হৈছে নাৰ্ছ, ৱাৰ্ড বয়কে ধৰি স্বাস্থ্যকৰ্মী আৰু চাফাইকৰ্মীয়ে৷ কিন্তু দেশজুৰি প্ৰতিষেধক লোৱাৰ পাছত ব্যাপক হাৰত পাশ্বৰ্প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত আৰু তিনিজন প্ৰতিষেধক গ্ৰহণকাৰীৰ মৃত্যু হোৱাত এতিয়া প্ৰতিষেধকক লৈ তীব্ৰ আতংকই বিৰাজ কৰিছে৷ ঘাইকৈ ক’ভাক্সিন নামৰ দেশত তৈয়াৰ কৰা প্ৰতিষেধকক লৈ সকলোৰে মনত তীব্ৰ আতংক সৃষ্টি হৈছে৷ এইবিধ প্ৰতিষেধক তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ নৌহওঁতেই আৰু ইয়াৰ কাৰ্যকাৰিতাৰ বিষয়ে তথ্য দাখিল নকৰোতেই বলপূৰ্বক ব্যৱহাৰ কৰিছে মোদী চৰকাৰে৷ প্ৰতিষেধক গ্ৰহণ কৰোতাৰ মাজত পাশ্বৰ্প্ৰতিক্ৰিয়া বৃদ্ধি পোৱাত ক’ভাক্সিনৰ নিৰ্মাতা ভাৰত বায়’টেকে ৰুগীয়া, অন্তঃসত্বা লোকক এইবিধ প্ৰতিষেধক গ্ৰহণ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে৷ ফলত আতংক অধিক বৃদ্ধি পাইছে৷ 

ইপিনে, জনসাধাৰণৰ মনৰ পৰা আতংক দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু সাংসদসকলক প্ৰতিষেধক প্ৰদানৰ বাবে যি পৰিকল্পনা হাতত লৈছিল কেন্দ্ৰীয় চৰকাৰে, সেয়া কলিতে মষিমূৰ হোৱাৰ উপক্ৰম ঘটিছে৷ কিয়নো এইবাৰ স্বয়ং সাংসদসকলেই আতংকিত৷

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত আতংকিত হৈ পৰিছে অসমৰ সাংসদসকলো৷ ঘাইকৈ ক’ভাক্সিন নামৰ বলপূৰ্বক ব্যৱহাৰ কৰা দেশীয় প্ৰতিষেধকক লৈ অসমৰ সাংসদসকলো আতংকিত৷ কিয়নো পৰীক্ষা অসম্পূৰ্ণ হৈ থকা এই প্ৰতিষেধক গ্ৰহণ কৰোতাই ক’ভাক্সিন লোৱাৰ পূৰ্বে সন্মতিপত্ৰত চহী কৰিব লাগে৷ অন্যথা এই প্ৰতিষেধক প্ৰদান নকৰে স্বাস্থ্য বিভাগে৷ তদুপৰি কোনেও নিজৰ পচণ্ড অনুসৰি ক’ভিশ্বিল্ড বা ক’ভাক্সিন নিৰ্বাচনো কৰিব নোৱাৰে৷ তাতে কৰ্কট ৰোগ, এইচ আই ভি পজিটিভ, উচ্ছ ডায়েবেটিক, ৰক্তপাতজনিত ৰোগ, গৰ্ভৱতী মহিলাক ক’ভাক্সিন নল’বলৈ স্বয়ং প্ৰস্তুতকৰ্তা কোম্পানীয়েই আহ্বান জনাইছে৷ 

এনে পৰিস্থিতিত জনসাধাৰণৰ ভয় ভাঙিবলৈ যাৰ দ্বাৰা প্ৰয়াস চলাবলৈ লৈছে, সেই সাংসদসকলেই ভীতিগ্ৰস্ত হৈ পৰিছে৷ অসমৰ ৫০ৰ অনূৰ্ধ সাংসদ হৈছে আব্দুল খালেক, তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, পল্লব লোচন নাথ, দিলীপ শইকীয়া আৰু গৌৰৱ গগৈ৷ ইয়াৰে ৫০ৰ ঊৰ্ধৰ কেইবাজনো অসমৰ সাংসদে এতিয়াই ইয়াৰ নিৰাপত্তা, গুণাগুণ নজনাকৈ প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত অনিচ্ছা থকাৰ কথা জনাইছে৷ নাম প্ৰকাশত অনিচ্ছুক অসমৰ একাংশ সাংসদৰ অপৰীক্ষিত ক’ভাক্সিন প্ৰতিষেধকক লৈয়ো আপত্তি আছে৷ কিয়নো তাৰ কাৰ্যকাৰিতা বাদেই, সেইবিধ প্ৰতিষেধক কিমান নিৰাপদ তাৰো কোনো নিশ্চয়তা প্ৰকাশ কৰা হোৱা নাই৷ এনে পৰিস্থিতিত এতিয়া আতংক দূৰ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ লোৱা সাংসদসকলেই আতংকিত৷ কোনেও এই প্ৰতিষেধক লৈ গিনিপিগ হ’বলৈ ইচ্ছুক নহয়৷ 

ক’ভিডৰ টিকাকৰণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু ৫০ বছৰৰ ঊৰ্ধৰ সাংসদ, বিধায়কসকলে প্ৰতিষেধক গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰৰ বিষয়াই প্ৰকাশ কৰিছে৷ এই বিষয়ত বিস্তাৰিতভাৱে জনাই কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই কয় যে, ৫০ বছৰৰ ঊৰ্ধৰ যিসকল নাগৰিকক গণটিকাকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী ইত্যাদিয়ে সেই শাখাত প্ৰতিষেধক গ্ৰহণ কৰিব৷ সম্প্ৰতি দেশত তিনি কোটি স্বাস্থ্যকৰ্মী আৰু ক’ভিডৰ প্ৰথম শাৰীৰ যোদ্ধাক টিকাকৰণ কাৰ্যসূচী চলি আছে৷ তাৰ পাছতে আৰম্ভ হ’ব ২৭ কোটি ৫০ বছৰৰ ঊৰ্ধ আৰু ক’মবিডিটি থকা ৫০ বছৰৰ অনূধবৰ্ লোকক প্ৰতিষেধক প্ৰদান৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকৃততে কেতিয়া প্ৰতিষেধক গ্ৰহণ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷

যোৱা ১১ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে টিকাকৰণ সন্দৰ্ভত অনুষ্ঠিত কৰা বৈঠকত ৰাজনীতিবিদক এতিয়াই প্ৰতিষেধক গ্ৰহণৰ বাবে শাৰী নাপাতিবলৈ আহ্বান জনাইছিল৷ পি এম অ’ৰ এজন বিষয়াই কয় যে, প্ৰধানমন্ত্ৰীয়ে নিজেও শাৰী ভাঙি আগতীয়াকৈ প্ৰতিষেধক লোৱাৰ প্ৰয়াস নচলায়৷ প্ৰধানমন্ত্ৰীয়ে টিকাকৰণৰ বাবে নিজৰ নাম ক-উইন এপত পঞ্জীয়ন কৰিছে নে নাই সেই বিষয়ে পি এম অ’ৰ বিষয়াজনে জনাবলৈ অস্বীকাৰ কৰে৷ যদিও প্ৰধানমন্ত্ৰীয়ে দেশৰ ৰাজনীতিকসকলক শাৰী ভাঙি আগতীয়াকৈ প্ৰতিষেধক গ্ৰহণৰ চেষ্টা নচলাবলৈ আহ্বান জনাইছিল, তথাপি তেওঁ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সাংসদসকলক এতিয়া আগতীয়াকৈ প্ৰতিষেধক গ্ৰহণৰ বাবে বাধ্য কৰোৱাৰ কাৰণ হৈছে প্ৰতিষেধক গ্ৰহণৰ প্ৰতি সৃষ্টি হোৱা আশংকা আৰু সন্দেহ৷ কোৱা বাহুল্য মাথোঁ সম্প্ৰতি স্বাস্থ্যকৰ্মীৰ মাজতে টিকাকৰণ সীমাবদ্ধ থাকিলেও বহুতেই প্ৰতিষেধক গ্ৰহণৰ বাবে অনীহা প্ৰকাশ কৰিছে৷ প্ৰতিষেধক লোৱাৰ পাছত সৃষ্টি হোৱা ব্যাপক পাশ্বৰ্প্ৰতিক্ৰিয়া আৰু তিনিজন প্ৰতিষেধক লোৱা ব্যক্তিৰ মৃত্যুৰ পাছত সেই আশংকা আতংকলৈ পৰিণতি হৈছে৷ সাধাৰণ স্বাস্থ্যকৰ্মী দুৰৰে কথা, চিকিৎসক সকলেও প্ৰতিষেধক গ্ৰহণৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰিছে৷ ফলত দেশত দৈনিক যিমান পৰিমাণত টিকাকৰণৰ লক্ষ্য লোৱা হৈছে, কাৰ্যতঃ তাৰ আধাও সম্পূৰ্ণ কৰিব পৰা হোৱা নাই৷ সেয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলে প্ৰতিষেধক গ্ৰহণ কৰিলে লগতে দেশৰ সাংসদসকলকো সামৰি ল’লে জনসাধাৰণৰ মনৰ পৰা ভীতি আৰু আতংক আঁতৰি পৰিব বুলি আশা কৰা হৈছে৷