Logo
image

কনকনীয়া শীতৰ লগতে নামিব বৰষুণো

আমাৰ অসম, ২২ জানুৱাৰীঃ হিমালয় পৰ্বতমালাৰ পাদদেশ আৰু পশ্চিম বংগত সৃষ্টি হোৱা ঘূৰ্ণীয়মান বায়ুৰ প্ৰভাবৰ বাবে শেহতীয়াভাৱে বাংলাদেশৰ আকাশৰে অসমসহ উত্তৰ পূবৰ আকাশত জলীয় বাষ্প সহিতে প্ৰৱেশ কৰিছে কনকনীয়া শীতল বতাহ৷ সমান্তৰালভাৱে ইয়াৰ প্ৰভাবত আকাশ মেঘাচ্ছন্ন হৈ থকাৰ লগতে ঠাইবিশেষে ডাঠ কুঁৱলীয়ে আকাশ ঢাকি থকাত বিগত দুই-তিনিদিন ধৰি সূৰ্যৰ পোহৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আগন্তুক প্ৰায় এক সপ্তাহ পৰ্যন্ত বতৰ অপৰিবৰ্তনীয় হৈ থাকিব৷ লক্ষণীয়ভাৱে বিগত দুদিনত গুৱাহাটীৰ বাহিৰে ৰাজ্যৰ বেছিভাগ ঠাইতে কম-বেছি পৰিমাণে বৰষুণ হৈ আছে৷ তেনেদৰে তাপমাত্ৰা স্বাভাৱিকতকৈ কমি যোৱাত ৰাইজে কণকণীয়া শীতৰ মুখামুখি হ’বলগীয়া হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত যোৰহাটত ৰাজ্যৰ ভিতৰত সৰ্বাধিক  ৯.২ মিঃমিঃ পৰিমাণৰ বৰষুণ হৈছে৷ তেনেদৰে তেজপুৰত ৮.২ মিঃমিঃ, ডিব্ৰুগড়ত ৬.২ মিঃমিঃ, শিলচৰত ৭.৮ মিঃমিঃ, উত্তৰ লখিমপুৰত ৬.৬ মিঃমিঃ, পৰিমাণৰ বৰষুণ হৈছে৷ আনহাতে, অহা ২৪ ঘণ্টাত গুৱাহাটীকে ধৰি ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হ’ব৷ সমান্তৰালভাৱে ঘন কুঁৱলীয়ে আবৰি থকা আৰু বতাহ বলি থকাৰ সূত্ৰে তাপমাত্ৰা আৰু অধিক নিম্নগামী হ’ব৷ ইতিমধ্যে কণকণীয়া শীতল বতাহ বলি থকাৰ বাবে বাট-পথত মানুহৰ উপস্থিতি সেৰেঙা হোৱাৰ লগতে বহু লোকে নিজ গৃহ-চৌহদত চোতালত জুই ধৰি শীত নিবাৰণৰ চেষ্টা চলাইছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বতৰৰ পৰিঘটনাৰ বাবে অসমৰ গাতে লগা কোচবিহাৰকে ধৰি উত্তৰ বংগৰ অভাৱনীয় শীতৰ ক’বলত পৰিছে৷ ফলত ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁৱকে ধৰি সমগ্ৰ পশ্চিম অসমৰ জিলাকেইখনত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে৷