Logo
image

পুনৰ ৰক্তাক্ত মণিপুৰ, মাজনিশা ১১জনক হত্যা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ জুনঃ লাহে লাহে মণিপুৰ গণহত্যাস্থলীত পৰিণত হৈছে৷ যোৱা ৩ মে’ত আৰম্ভ হোৱা গোষ্ঠীসংঘৰ্ষৰ প্ৰথমটো পষেকৰ নৰহত্যাৰ পুনৰাবৃত্তি ঘটাই মঙলবাৰে নিশা সশস্ত্ৰ কুকি বিদ্ৰোহীয়ে ১১জন মেইটেই জনগোষ্ঠীৰ লোকক গুলীয়াই আৰু বোমা নিক্ষেপ কৰি হত্যা কৰিছে৷ বিগত এপষেকতকৈ অধিক দিনৰ ভিতৰত মণিপুৰত এইটো বৃহত্তম হত্যাকাণ্ডৰ ঘটনা৷ গণহত্যাৰ এই ঘটনা সংঘটিত হয় মঙলবাৰে নিশা ১০.৩০ বজাত কুকি-মেইটেইৰ মূল সংঘৰ্ষস্থলী ইম্ফল পূব জিলাৰ খামেনলকত৷ ইম্ফল পূব জিলাৰ আইজিজাং নামৰ যিখন গাঁৱত মঙলবাৰে নিশা কুকি সশস্ত্ৰ বাহিনীয়ে আক্ৰমণ সংঘটিত কৰে সেই অঞ্চলটো হৈছে কাংপকপি ৰাজহ জিলাৰ অন্তৰ্গত৷ বিগত এমাহৰো অধিক দিন ধৰি চলি থকা ৰাজ্যখনৰ গোষ্ঠীসংঘৰ্ষৰ এই অঞ্চলটোকেই মূল সংঘৰ্ষস্থলী হিচাপে চিহ্নিত কৰা হৈছে৷ কিয়নো অধিকাংশ সংঘৰ্ষ হৈছে এই অঞ্চলটোক কেন্দ্ৰ কৰি৷ মঙলবাৰে নিশা সেই খামেনলকৰ আইজিজাং গাঁৱতে গণহত্যাৰ ঘটনা সংঘটিত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নিশাৰ আন্ধাৰত সশস্ত্ৰ কুকিৰ এটা বৃহৎ দলে আইজিজাং গাঁৱত প্ৰৱেশ কৰে আৰু গাঁওবাসীৰ ঘৰলৈ বোমা নিক্ষেপ কৰে৷ বোমাৰ শব্দত আতংকিত হৈ গাঁওখনৰ বাসিন্দাই নিৰাপদ স্থানলৈ দৌৰি পলায়ন কৰোঁতেই পথৰ কাষত ৰৈ থকা সশস্ত্ৰ কুকিৰ আন সদস্যই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষন কৰে৷ বোমা আৰু গুলীৰ উপৰ্যুপৰি আক্ৰমণত থিতাতে ১১জন গাঁওবাসী নিহত হয়৷ উল্লেখ্য, কেইমিনিটমান গুলীচালনা কৰিয়েই সশস্ত্ৰ কুকি বিদ্ৰোহীৰ দলটো নিৰাপদ স্থানলৈ আঁতৰি যায়৷ অন্যথা নিহতৰ সংখ্যা আৰু অধিক হ’লহেঁতেন৷ সশস্ত্ৰ বিদ্ৰোহী দল নিশাই গাঁওখনৰ পৰা আঁতৰি গ’লেও চৰকাৰী সশস্ত্ৰ নিৰাপত্তা বাহিনীয়ে বুধবাৰে পুৱাহে আইজিজাং গাঁৱত প্ৰৱেশ কৰে৷ তেতিয়ালৈ গাঁওখনত এজনো জীৱিত সুস্থ ব্যক্তি নাছিল আৰু চৌদিশে আহত তথা মৃতদেহসমূহ সিচঁৰতি হৈ পৰি আছিল৷ জীৱিত গাঁওবাসী প্ৰত্যেকেই নিশাই নিৰাপদ আশ্ৰয় বিচাৰি পলায়ন কৰিছিল৷ বুধবাৰে সেনাবাহিনী, আছাম ৰাইফল্‌ছ আৰু অৰ্ধসামৰিক বাহিনীয়ে অভিযান চলায়ো সশস্ত্ৰ কুকি বিদ্ৰোহীৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল৷ দিনৰ ভাগত মৃতদেহসমূহ উদ্ধাৰ কৰি আনি হাস্পতালৰ মৰ্গত ৰখা হৈছে আৰু গুৰুতৰভাৱে আহত হৈ পলাই যাবলৈ সক্ষম নোহোৱা কেইবাজনো গাঁওবাসীক স্থানীয় চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত ভৰ্তি কৰা হৈছে৷ হাস্পতাল সূত্ৰই দাবী কৰা অনুসৰি আহত কেইবাজনৰ আঘাত অতি গুৰুতৰ আৰু যিকোনো সময়তে তেনে আঘাতপ্ৰাপ্ত মৃত্যু হ’ব পাৰে৷ ফলত নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে৷ উল্লেখ্য, আইজিজং গাঁওখন মূলতঃ মেইটেই লোকৰ বসতিস্থল আছিল৷
মণিপুৰৰ গোষ্ঠীসংঘৰ্ষ আৰু মঙলবাৰে নিশা গণহত্যাত উদ্বিগ্নতা প্ৰকাশ কৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা অক্ৰাম ইব’বিয়ে বিজেপি চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে৷ তেওঁ কয়– ‘নিৰ্বাচনৰ সময়ত বিজেপিৰ ডাঙৰ ডাঙৰ নেতা মণিপুৰলৈ দুদিনৰ মূৰে মূৰে আহিছিল৷ এতিয়া তেওঁলোকৰ দেখাদেখি নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিলৈকে মণিপুৰৰ এই গোষ্ঠী সংঘৰ্ষক লৈ এটা শব্দওকোৱা নাই৷ অমিত শ্বাহৰ ভ্ৰমণে একো কাম নিদিলে৷ প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ প্ৰকৃত সমস্যা উপলব্ধিয়েই কৰিব পৰা নাই৷ তেওঁলোকে একো বুজাই নাই৷’