Logo
image

ৰঙিয়াত মন্ত্ৰী কলিতা থৰক-বৰক, ডাঃ প্ৰাঞ্জল ভৰালীৰ উত্থান

আমাৰ অসম, ২২ জানুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাক্‌-নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে ৫৭ নং বিধানসভা সমষ্টি ৰঙিয়াতো ক্ৰমাৎ উত্তপ্ত হ’ব ধৰিছে নিৰ্বাচনী বতাহ৷ এই সমষ্টিৰ পৰাই সিদ্ধিনাথ শৰ্মা, কামিনী মোহন শৰ্মা, মানবেন্দ্ৰ শৰ্মা, ভুৱনেশ্বৰ কলিতা, থানেশ্বৰ বড়োৱে ৰাজ্যৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ সমষ্টিটোত কংগ্ৰেছ, চিপিআইএম, অগপ দলে কেইবাবাৰো নিজ প্ৰাৰ্থীক জয়ী কৰি নিবলৈ সক্ষম হৈছে৷ কিন্তু দীৰ্ঘদিনৰ পৰা খুপি খুপি আগবাঢ়ি থকা বিজেপি দলে ২০১৬ চনৰ মোদী ঢৌৰ মাজেৰে হস্তগত কৰে ৰঙিয়া সমষ্টি৷ সমষ্টিটোৰ ভোটাৰ ৰাইজৰ নতুন মুখ ভবেশ কলিতাই কংগ্ৰেছক পিছ পেলাই বৃহৎ ব্যৱধানত জয়ী হৈছিল৷ এসময়ত কংগ্ৰেছ, চিপিআইএম, অগপ দলৰ বিশেষ আধিপত্য থকা সমষ্টিটোত এইবাৰ কি হ’ব?  বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ মহাগোটবন্ধন তথা সদ্যভূমিষ্ঠ এজেপি দল সক্ষম হ’বনে? যোৱাটো নিৰ্বাচনৰ ফলাফলসমূহ বিশ্লেষণ কৰিলে দেখা পোৱা যায় যে, কংগ্ৰেছ, চিপিআই এম, বিপিএফ, এ আই ইউডিএফ দলে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাইছিল৷ বিজেপি দলৰ লগত অগপৰ মিত্ৰতা আছিল যদিও সেই মিত্ৰতাক অমান্য কৰি পূৰ্বৰ অগপ নেতা থানেশ্বৰ বড়োৱে ৰঙিয়া জিলা অগপৰ বহু নেতা-কৰ্মী লগত লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ নিৰ্বাচনত কংগ্ৰেছৰ ঘনশ্যাম কলিতাই[২৬, ২৮৬], চিপিআই এমৰ অনন্ত ডেকাই[১২, ২৬১], এ আই ইউডিএফ দলৰ আব্দুল চামাদ চৌধুৰী[১৪, ৪১১], বিপিএফৰ ডাঃ মৃণাল ডেকা[১৭, ৭৭২], থানেশ্বৰ বড়োৱে[৫, ৩৫৮] ভোট পোৱাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী ভবেশ কলিতাই[৫৮, ৩৫৩]টা ভোট পাবলৈ সক্ষম হৈছিল৷ এইক্ষেত্ৰত মোদী ঢৌৰ চুনামিয়ে বিৰোধীক বিধস্ত কৰি ভবেশ কলিতাৰ জয়ৰ পথ সুগম কৰি তুলিছিল৷ পাছলৈ আৰ আৰ এছৰ আশীৰ্বাদপ্ৰাপ্ত হৈ ভবেশ কলিতাই বিধায়কৰ পৰা মন্ত্ৰিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল৷ এইয়া আছিল ২০১৬ চনৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ ২০২১ চনৰ প্ৰাকমুহূৰ্তত সলনি হৈছে অসমৰ ৰাজনৈতিক সমীকৰণ৷ কংগ্ৰেছ, চিপিআই এম,  এ আই ইউডিএফ, আঞ্চলিক গণমৰ্চা ইতিমধ্যে মহাগোটবন্ধনত চামিল হৈছে৷ ইফালে ‘কা’ আন্দোলনৰ পাছত সৃষ্টি হোৱা নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও ৰঙিয়াত আত্মপ্ৰকাশ কৰিছে৷ ৰঙিয়াত জাতীয়তাবাদী শিবিৰৰ বহু লোক বিশেষকৈ অসম জাতীয় পৰিষদৰ পিনে ধাৱমান হৈছে৷ ৰঙিয়া সমষ্টিত ২০১৬ ত ভোটাৰ আছিল ১, ৬৮, ৫৯৬ জন৷ এইবাৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১, ৯৩, ৬৪১ জন৷ ইয়াৰে পুৰুষ ভোটাৰ ৯৭,৮৬৫ আৰু মহিলা ভোটাৰ ৯৫,৭৭৬৷ সম্প্ৰতি ৰঙিয়াত প্ৰতিটো দলেই নিজৰ সাংগঠনিক কাম-কাজ বৃদ্ধি কৰিছে৷ লগে লগে প্ৰাৰ্থিত্বকেন্দ্ৰিক চৰ্চাও প্ৰতিটো দলৰ মাজত আৰম্ভ হৈছে৷ ৰঙিয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভিৰ ক্ৰমাৎ বৃদ্ধি পাইছে৷ বিধায়ক তথা মন্ত্ৰী ভবেশ কলিতা পুনৰ টিকট পাব বুলি বহুলাংশে নিশ্চিত৷ ন-পুৰণি দলীয় কৰ্মীৰ ক্ষোভ থাকিলেও ভবেশ কলিতাই তৃণমূল পৰ্যায়ত কৰ্মীৰ লগত সঘন সভা-সমিতিৰে যোগাযোগ ৰাখি নিজৰ স্থিতি শক্তিশালী কৰি তুলিছে৷ ইয়াৰ মাজতে শেহতীয়া কিছুমান খবৰে ৰঙিয়াৰ ৰাজনৈতিক বতাহ উমাল কৰি তুলিছে৷ বিজেপিৰে এক সূত্ৰৰ মতে, ভবেশ কলিতাক কমলপুৰ সমষ্টিলৈ নি ৰঙিয়াত অন্য নেতাক দলে থাপিব পাৰে৷ ইফালে, মিত্ৰদল হিচাপে কমলপুৰৰ অগপৰ প্ৰাৰ্থী সত্যব্ৰত কলিতাক ৰঙিয়াৰ আসনখন এৰি দিব পাৰে বুলিও চৰ্চা অব্যাহত আছে৷ বিজেপিৰ আন এটা মহলৰ মতে আকৌ ৰঙিয়াত ভৱেশ কলিতাৰ অৱস্থা সম্প্ৰতি থৰক-বৰক৷ জলসিঞ্চনৰ নিযুক্তি কেলেংকাৰিয়েও ভৱেশ কলিতাৰ পূৰ্বৰ নিকা ভাবমূৰ্তি কিছু পৰিমাণে ম্লান হৈছে৷ গতিকে প্ৰাৰ্থী সলনি নকৰিলে এইবাৰৰ নিৰ্বাচনত বিজেপি বিপদত পৰাৰ সম্ভাৱনাই অধিক৷ মন্ত্ৰী ভৱেশ কলিতাৰ জনপ্ৰিয়তাৰ গ্ৰাফ নিম্নমুখী হোৱাৰ লগে লগে ঊধবৰ্মুখী হৈছে ডাঃ প্ৰাঞ্জল ভৰালীৰ জনপ্ৰিয়তা৷ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা ৰঙিয়া সমষ্টিৰ পৰা এসময়ত প্ৰতিদ্বন্দ্বিতা কৰা ৰঙিয়াৰ বাঘবাৰীৰ ডাঃ প্ৰাঞ্জল ভৰালীও এইবাৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী৷ নৱবৰ্ষ তথা বিহুৰ শুভেচ্ছা জনাই সমষ্টিটোৰ বিভিন্ন ঠাইত ডাঃ প্ৰাঞ্জল ভৰালীয়ে বেনাৰ-পোষ্টাৰ লগাই ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে৷ আন এজন বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা ৰঙিয়াৰ সুৰভি লহকৰো প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ৷ ৷ জানিব পৰা মতে,  ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থী বাচনি ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা দলৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, সদিচ্ছাৰ ওপৰতেই বহুখিনি নিৰ্ভৰ কৰিব৷ এইক্ষেত্ৰত সাংসদ ভুৱনেশ্বৰ কলিতাৰো সহমত গুৰুত্বপূৰ্ণ বিষয় হ’ব৷ ইফালে, ৰঙিয়াত বহুধাবিভক্ত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব দলটোৰ কামৰপ জিলা সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাই৷ সমান্তৰালভাৱে প্ৰাৰ্থিত্বৰ দৌৰত আগবাঢ়িছে ৰঙিয়া পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ডাঃ নৱ ডেকা৷ ঠিক তেনেদৰে চিপিআই এমৰ পৰা উচ্ছাৰিত হৈছে ডাঃ ভগৱান মিশ্ৰ আৰু যুৱনেতা কাশ্যপ চৌধুৰীৰ নাম৷ অসম সংগ্ৰামী মঞ্চৰ পৰা ৰঙিয়াৰ টিকটৰ দাবীদাৰ কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঙিয়াৰ দেৱব্ৰত কলিতা৷ কংগ্ৰেছৰ মহাজোটৰ অংশীদাৰী দলসমূহৰ মাজৰ পৰা কাক প্ৰাৰ্থিত্ব দিয়ে সেয়া প্ৰাৰম্ভিক পৰ্যায়তে আছে৷ কংগ্ৰেছে আহ্বান জনালেও এতিয়ালৈকে নিজৰ স্থিতি প্ৰকাশ কৰা নাই এজেপি, বিপিএফ আৰু ৰাইজৰ দলে৷ বিজেপিক উৎখাত কৰিবলৈ যদি কংগ্ৰেছৰ লগত জোটবন্ধন কৰে বা এজেপি আৰু ৰাইজৰ দলৰ লগত জোটবন্ধন কৰে তেতিয়া হ’লে বিপিএফে ৰঙিয়া সমষ্টি বিচাৰিব৷ দলটোৱে যোৱা বিধানসভা নিৰ্বাচনত তৃতীয় স্থানত থকা ডাঃ মৃণাল ডেকাক প্ৰক্ষেপ কৰিব বুলি জানিব পৰা গৈছে৷ নৱগঠিত অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থী হোৱাৰ কুচ-কাৱাজ আৰম্ভ কৰিছে জলসিঞ্চন বিভাগৰ অভিযন্তা পুলিন লহকৰেও৷ ৰঙিয়া অগপই কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তৰ ওপৰতে পৰবৰ্তী সময়ত আগবাঢ়িব৷ এটা কথা ঠিক যে, সমাগত নিৰ্বাচনত বিজেপিবিৰোধী দলসমূহ একত্ৰিত নহ’লে ৰঙিয়া সমষ্টি পুনৰ বিজেপিৰ দখলত থকাৰ সম্ভাৱনাই বেছি৷ শাসনত থকাৰ সুবাদত দলটোৱে ঠায়ে ঠায়ে উন্নয়ন কৰি ৰাইজৰ আস্থা আদায় নকৰা নহয়৷ কিন্তু বিজেপিবিৰোধী দলসমূহ একত্ৰিত হ’লে সমাগত নিৰ্বাচনত ৰঙিয়াত বিজেপি দলে প্ৰচণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ আনহাতে, দলীয় বিসম্বাদো ঘাটক হ’ব পাৰে বিজেপিত৷ কিয়নো প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাৰ পাছতো দলৰ শীৰ্ষ নেতাৰ ষড়যন্ত্ৰৰ বাবেই ভুৱনেশ্বৰ কলিতা হাৰিব লগা হৈছিল বুলি চৰ্চা হৈছিল ৰঙিয়া সমষ্টিত৷ সেয়া যদি পুনৰ উক দি উঠে তেতিয়া হ’লে ৰথী-মহাৰথীও নিৰ্বাচনী ৰণত পৰিব পাৰে বিজেপি প্ৰাৰ্থী৷ মূলতঃ এজেপি আৰু ৰাইজৰ দল মহাজোঁটবন্ধনৰ পৰা আঁতৰি থাকিলেও ৰঙিয়া সমষ্টিত বিজেপিৰ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটবন্ধনৰ লগতে নিৰ্বাচনী যুঁজখন হোৱাৰ সম্ভাৱনা অধিক৷