Logo
image

‘বিপৰ্যয়’ আহিল

‘আমাৰ অসম’, ১৬ জুনঃ  আশংকা কৰাৰ দৰেই প্ৰচণ্ড শক্তিৰে চাইক্ল’ন ‘বিপৰ্যয়ে’ গুজৰাটৰ জাখৌ বন্দৰত সন্ধিয়া খুন্দা মাৰি ৰাজ্যখনৰ উপকূলৱৰ্তী অঞ্চলসমূহ এফালৰ পৰা মষিমূৰ কৰি নিছে৷ পূৰ্বনিৰ্ধাৰিত সময়তকৈ প্ৰায় এঘণ্টা দেৰিকৈ, সন্ধিয়া ৬ বজাত চাইক্ল’ন ‘বিপৰ্যয়’ গুজৰাটৰ মাণ্ডৱি আৰু পাকিস্তানৰ কৰাচীৰ মাজত অৱস্থিত জাখৌ বন্দৰত আচাৰ খাই পৰে৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাদিনো পূৰ্বে এই স্থানতে ভয়ংকৰ চাইক্ল’ন ‘বিপৰ্যয়ে’ আঘাত হানিব বুলি পূৰ্বানুমান কৰিছিল৷ সেই পূৰ্বানুমান   আখৰে আখৰে সত্যত পৰিণত কৰি বৃহস্পতিবাৰে সন্ধিয়া ছয় বজাত চাইক্ল’ন ‘বিপৰ্যয়’ৰ ‘লেণ্ডফল’ আৰম্ভ হয়৷ উল্লেখ্য বতৰ বিজ্ঞানৰ ভাষাত একোটা চাইক্ল’ন বা ঘূণ¹বৃষ্টি সমুদ্ৰ পৃষ্ঠৰ ওপৰৰ পৰা আহি স্থলভাগত খুন্দা খাই পৰাৰ প্ৰক্ৰিয়াটোক ‘লেণ্ডফল’ বুলি কোৱা হয়৷ বৃহস্পতিবাৰে এঘণ্টা পলমকৈ ‘বিপৰ্যয়ে’ অতি ভয়ংকৰ ঘূৰ্ণিবৃষ্টি অৰ্থাৎ ‘এক্সট্ৰিমলি ছিভিয়েৰ চাইক্ল’ন’ৰ ৰূপ লৈ গুজৰাটৰ মাণ্ডৱি আৰু কৰাচীৰ মাজৰ জাখৌ বন্দৰত খুন্দা মাৰি ভয়ানক তাণ্ডৱৰ সৃষ্টি কৰিছে৷ এই জাখৌ বন্দৰ গুজৰাটৰ কচ্ছ জিলাৰ অন্তৰ্গত৷ জাখৌ বন্দৰত ‘বিপৰ্যয়’ৰ ‘লেণ্ডফল’ৰ আগে-পিছে বিস্তীৰ্ণ অঞ্চলত ঘণ্টাত ১৫০ কিলোমিটাৰ গতিৰ বতাহে তাণ্ডৱৰ সৃষ্টি কৰিছে৷ কালি নিশা ‘বিপৰ্যয়’ পোৰবন্দৰ আৰু দেৱভূমি দ্বাৰকাৰ কাষেৰে পাৰ হৈ আহোতে উপকূলৱৰ্তী গুজৰাটৰ সেই অঞ্চলসমূহ ‘বিপৰ্যয়ে’ একপ্ৰকাৰ মষিমূৰ কৰি আহিছিল৷ ‘লেণ্ডফল’ হোৱাৰ পাছত বা কেতিয়াবা আগতেও সচৰাচৰ হোৱাৰ দৰে চাইক্ল’ন ‘বিপৰ্যয়’ সামান্য শক্তিহীন হৈ পৰিব বুলি ধাৰণা কৰা হৈছিল যদিও সেই ধাৰণা সম্পূৰ্ণৰূপে সত্যত পৰিণত নহ’ল৷ কিয়নো ‘বিপৰ্যয়ে’ লেণ্ডফল আৰম্ভ কৰাৰ সময়ত জাখৌ বন্দৰকে ধৰি সমগ্ৰ অঞ্চল তীব্ৰবেগী বতাহৰ জোৰেৰে সম্পূৰ্ণৰূপে তচনচ কৰি পেলাইছে৷ পাকিস্তানৰ কৰাচীৰ উপৰি ‘বিপৰ্যয়ে’ গুজৰাটৰ দেৱভূমি দ্বাৰকা, পোৰবন্দৰ, জামনগৰ, ম’ৰবি, জুনাগড় আৰু ৰাজকোট জিলাত ভয়ংকৰ ক্ষতিসাধন আৰম্ভ কৰিছে৷ ইতিপূৰ্বে গুজৰাটৰ উপকূলৱত¹ সকলো জিলাৰ পৰা এক লাখৰো অধিক লোকক নিৰাপদ স্থানলৈ নি আশ্ৰয় শিবিৰত ৰখা হৈছে৷ সমুদ্ৰৰ পাৰৰ পৰা স্থলভাগৰ ২০ কিলোমিটাৰ দূৰলৈ সমগ্ৰ গুজৰাটত এতিয়া এটাও জনপ্ৰাণী নাই৷ নিৰাপদ স্থানলৈ সমুদ্ৰৰ পাৰৰ এক লক্ষাধিক বাসিন্দাক স্থানান্তৰ কৰাৰ ফলত ‘বিপৰ্যয়’ৰ লেণ্ডফল আৰম্ভ হোৱাৰপাছতো কোনো লোকৰ প্ৰাণহানি বা তেনে খবৰ অহা নাই৷ কিন্তু ঘণ্টাত প্ৰায় ১৫০ কিলোমিটাৰ গতিৰ বতাহে এক বিস্তীৰ্ণ অঞ্চল মষিমূৰ কৰি পেলাইছে৷ ‘বিপৰ্যয়ে’ প্ৰচণ্ড শক্তিৰে উঘালি পেলাইছে অসংখ্য গছ৷ অতি শক্তিশালী চাইক্ল’নটোৱে উপকূলৰ দীঘলীয়া অংশৰ অসংখ্য ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে বিদ্যুতৰ খুঁটা, তাঁৰ ছিঙি লণ্ডভণ্ড কৰি পেলাইছে৷ সবাতোকৈ ভয়ংকৰ ঘটনা হৈছে ‘বিপৰ্যয়ে’ নিশা কৰা লেণ্ডফলত৷ কিয়নো দিনৰ ভাগত ‘বিপৰ্যয়ে’ খুন্দা মাৰিলে ক্ষয়-ক্ষতি প্ৰত্যক্ষ কৰা সহজ হ’লহেঁতেন৷ পিছে নিশা হোৱা লেণ্ডফলৰ বাবে ‘বিপৰ্যয়ে’ কিমান ক্ষতি কৰিছে সেয়া অনুমান কৰা কঠিন হৈ পৰিছে৷ তদুপৰি বিদ্যুতৰ খুঁটা, তাঁৰ ভাঙি-ছিঙি পেলোৱাত গুজৰাটৰ উপকূলৱৰ্তী বিস্তীৰ্ণ অঞ্চল এতিয়া অন্ধকাৰত বুৰ গৈছে৷ সেয়ে নিশাৰ ভাগত উদ্ধাৰকাৰ্য চলোৱা বা মেৰামতি কৰা অসম্ভৱ হৈ পৰিছে৷ সন্ধিয়া ছয় বজাত ‘বিপৰ্যয়’ৰ লেণ্ডফল আৰম্ভ হ’লে এই চাইক্ল’নৰ বৃহৎ অংশ মাটিত আচাৰ খাই পৰিবলৈ এতিয়াও বাকী আছে৷ ‘বিপৰ্যয়’ৰ কেৱল অগ্ৰৱৰ্তী অংশইহে এতিয়া জাখৌ বন্দৰৰ স্থলভাগত খুন্দা মাৰিছে৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি ‘বিপৰ্যয়’ৰ লেণ্ডফল গভীৰ নিশালৈকে আৰু হয়তো পুৱতি নিশালৈকে অব্যাহত থাকিব৷ মাজনিশা ১২ বজাত ‘বিপৰ্যয়’ৰ ‘আই’ অৰ্থাৎ চকুটো আহি মাটিত পৰিবহি৷ ‘বিপৰ্যয়’ৰ আইৰ ব্যাস হৈছে ৫০ কিলোমিটাৰৰ অধিক৷ উল্লেখ্য সকলো চাইক্ল’নৰে মাজৰ অংশটো প্ৰায় খালী হৈ থাকে আৰু ইয়াক কেন্দ্ৰ কৰি চাইক্ল’নৰ জলীয়বাষ্প তথা জলকণা তীব্ৰগতিত ঘূৰি থাকে৷ মাজৰ এই প্ৰায় খালী অংশটোক ‘আই’ অৰ্থাৎ চকু বুলি কোৱা হয়৷ এতিয়ালৈকে ‘বিপৰ্যয়’ৰ আই অৰ্থাৎ চকু চাইক্ল’নটোৰ সৈতে সমুদ্ৰৰ ওপৰতে ঘূণ¹য়মান অৱস্থাত আছে৷ চকুটোৱে মাটিত খুন্দা মৰাৰ পাছতো ‘বিপৰ্যয়’ৰ প্ৰায় অৰ্ধেক অংশই  মাটিত খুন্দা মাৰিবলৈ বাকী থাকিব৷ সেয়ে ‘বিপৰ্যয়’ৰ লেণ্ডফল পুৱতি নিশা পৰ্যন্ত হৈ থাকিব৷ সেয়ে ‘বিপৰ্যয়’ৰ ফলত কি পৰিমাণৰ ক্ষতি হ’ল সেয়া নিৰ্ধাৰণ কৰিবলৈ শুকুৰবাৰলৈ অপেক্ষা কৰিব লাগিব৷ ‘বিপৰ্যয়’ৰ ফলত সমগ্ৰ গুজৰাটত প্ৰচণ্ড বৃষ্টিপাত আৰম্ভ হৈছে৷ সমুদ্ৰৰ নিকটৱৰ্তী অঞ্চল ‘বিপৰ্যয়ে’ কঢ়িয়াই অনা পানীত বুৰ গৈছে৷ ‘বিপৰ্যয়’ৰ ফলত গুজৰাটৰ কেইবাখনো চহৰ আৰু উপকূলৰ কাষৰ অসংখ্য গাঁও বানপানীত বুৰ যোৱাৰ আশংকা কৰা হৈছে৷ গুজৰাটক মষিমূৰ কৰাৰ পাছত ‘বিপৰ্যয়ে’ ৰাজস্থানতো তাণ্ডৱ চলাব৷ ৰাজস্থানৰ যোধপুৰ আৰু উদয়পুৰ জিলাত ‘বিপৰ্যয়ে’ প্ৰৱল বৃষ্টিপাতৰ সৃষ্টি কৰিব৷ ইতিমধ্যে ‘বিপৰ্যয়’ৰ প্ৰভাৱত গুজৰাটৰ উপৰি কেৰালা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ , ৰাজস্থান, মধ্যপ্ৰদেশ, গোৱা, দমন ডিউ, লাক্ষাদ্বীপ, দাদৰা নগৰ হাভেলিত বিগত কেইবাদিনো ধৰি প্ৰচণ্ড বৰষুণ হৈছে৷ গুজৰাটত ‘বিপৰ্যয়’ৰ ফলত অহা দেওবাৰলৈকে প্ৰবল বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে৷ প্ৰকৃত উদ্ধাৰ অভিযান আৰু সাহায্য প্ৰদান শুকুৰবাৰৰ পৰাহে আৰম্ভ হ’ব৷ তাৰ বাবে মুঠতে ১৮টা এনডিআৰএফ আৰু ১২টা এছডিআৰএফৰ উদ্ধাৰকাৰী দল ক্ষতি হ’ব পৰা সম্ভাব্য স্থানত সাজু ৰখা হৈছে৷ দেশৰ তিনিওটা সামৰিক বাহিনীক পৰিস্থিতি মোকাবিলাৰ বাবে সষ্টম কৰি ৰখা হৈছে৷ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰেই তিনিওটা বাহিনীৰ মুৰব্বীৰ সৈতে কথা পাতিছে৷ বিপদৰ আশংকাত এই পৰ্যন্ত মুঠতে ৯৫খন ৰে’লৰ যাত্ৰা পশ্চিম ৰে’লৱেই বাতিল কৰিছে৷ গুজৰাটৰ ৩খন জিলাৰ সকলো শিক্ষানুষ্ঠান ৩ দিনৰ বাবে বন্ধ দিয়া হৈছে৷ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা অঞ্চলত সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে সাজু ৰখা হৈছে৷ সামগ্ৰিকভাৱে ‘বিপৰ্যয়’ৰ আগমনত ত্ৰস্তমান হৈ থকা  গুজৰাটবাসীয়ে এতিয়া নিশাৰ ত্ৰাস কেতিয়া শেষ হয় তাৰ বাবে ক্ষণ গণিছে৷