Logo
image

ৱেষ্ট ইণ্ডিজ ভ্ৰমণত কেইখনমান মেচত জিৰণি দিয়া হ’ব ৰোহিতক

‘আমাৰ অসম’, ১৭ জুনঃ ভাৰতীয় দলৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণত সকলো মেচত টীম ইণ্ডিয়াৰ নেতৃত্বত দেখা পোৱা নাযাব পাৰে ৰোহিত শৰ্মাক৷ শৃংখলাৰ কেইখনমান মেচত অধিনায়কজনক জিৰণি দিয়াৰ চিন্তা কৰিছে নিৰ্বাচকে৷ বেংগালুৰুত দুলীপ ট্ৰফী আৰম্ভ হোৱাৰ এদিন আগেয়ে ২৭ জুনত ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে নিৰ্বাচকে ভাৰতীয় দল ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ভাৰতীয় দলে প্ৰথম টেষ্টত ১২ জুলাইৰ পৰা অংশ ল’ব ড’মিনিকাত৷ দ্বিতীয় টেষ্ট অনুষ্ঠিত হ’ব ট্ৰিনিদাদত৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল শেষ হৈছিল ১১ জুনত৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্ট আৰম্ভ হোৱালৈ সম্পূৰ্ণ একমাহ জিৰণি পাইছে জাতীয় দলৰ ক্ৰিকেটাৰে৷ ইয়াৰ পিছতো ৰোহিতক অধিক সময় বিশ্ৰাম দিয়াৰ কথা ভবা হৈছে৷ বি চি চি আইৰ সূত্ৰৰ খবৰ অনুসৰি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট অথবা তিনিখন এদিনীয়া মেচ বা পাঁচখন টি-টুৱেণ্টী মেচত ৰোহিতক বিশ্ৰাম দিয়া হ’ব পাৰে৷ ৱেষ্ট ইণ্ডিজত  ৰোহিতে বগা বলৰ ক্ৰিকেটত অংশ ল’ব নে ৰঙা বলৰ ক্ৰিকেটত খেলিব সেই বিষয়ে  এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এজন কৰ্মকৰ্তাই কয়–‘আই পি এল আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সময়ত ৰোহিতক দেখি কিছু ক্লান্ত যেন লাগিছে৷ সেয়ে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ এটা অংশত ৰোহিতক জিৰণি দিয়াৰ কথা ভবা হৈছে৷ ৰোহিতৰ সৈতে কথা পাতি নিৰ্বাচকে চূড়ান্ত সিদ্ধান্ত ল’ব৷’ ৱেষ্ট ইণ্ডিজত ভাৰতীয় দল কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন নহ’ব বুলি ভবা হৈছে৷ এদিনীয়া বিশ্বকাপৰ পূৰ্বে এই শৃংখলা তুলনামূলকভাৱে কিছু  সহজ হোৱাৰ সম্ভাৱনা আছে৷ যোৱা টি-টুৱেণ্টী বিশ্বকাপৰ পাছত ভাৰতৰ হৈ ২০ অভাৰৰ ক্ৰিকেট খেলা নাই ৰোহিতে ৷ ভাৰতীয় দলৰ অধিনায়ক টি-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লোৱাৰো সিমান আগ্ৰহী নহয়৷ সেয়ে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত তেওঁক সীমিত অভাৰৰ খেলতে  বিশ্ৰাম দিয়াৰ সম্ভাৱনা অধিক৷