Logo
image

ৰাজ্যৰ ডেৰ হাজাৰ মেডিকেল আসনৰ মাথোঁ ৩৭৫খনহে অ-সংৰক্ষিত

‘আমাৰ অসম’, ১৮ জুনঃ গ্ৰীন পাষ্টাৰ্ছ [Green Pastures] বা উৰ্বৰ ভুমিৰ সন্ধানত ব্যক্তিগত উন্নতিৰ লক্ষ্যৰে দেশ আৰু জন্মভূমি এৰি যোৱা লোকক আমাৰ দেশত এন আৰ আই বা ‘নন ৰেচিডেণ্ট ইণ্ডিয়ান’ বুলি তেওঁলোকৰ অগোচৰে অভিহিত কৰা হয়৷ সন্মুখত প্ৰশংসা কৰিলেও এন আৰ আইৰ প্ৰতি দেশৰ বোকা-পানীৰ সৈতে সম্পৰ্ক ছিন্ন নকৰাকৈ থাকি যোৱাসকলৰ কম-বেছি পৰিমাণে ঈৰ্ষাও থাকে, মূলতঃ তেওঁলোকৰ অভাৱনীয় উন্নত জীৱনশৈলীক লৈ৷ পিছে সমস্ত জীৱন বিদেশত সেৱা আগবঢ়াই ব্যক্তিগত কেৰিয়াৰক শীৰ্ষলৈ আগবঢ়াই নিয়া তেনে     গ্ৰীন পাষ্টাৰ্ছে যদি দেশৰ বা জন্মভূমিৰ পিছ পৰি ৰোৱাসকলৰ ভাগৰ পৰা সুবিধা কাঢ়ি নিয়ে তেতিয়া সেই নেদেখাকৈ থকা ঈৰ্ষা মুকলি ক্ষোভত পৰিণত হয়৷ যোৱা ১৫ জুনত অসম চৰকাৰৰ কেবিনেট বৈঠকে তেনে গ্ৰীন পাষ্টাৰ্ছ অৰ্থাৎ এন আৰ আই-ৰ সন্তান আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে অসমৰ মেডিকেলৰ আসনৰ দহ শতাংশ সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ঘটনাই অসমৰ যিকোনো বাসিন্দাক প্ৰচণ্ডভাৱে ক্ষোভিত কৰি তুলিছে৷ কিয়নো এন আৰ আই সকলক ‘এলিট গ্ৰুপ’ত ৰখা হয়৷ অৰ্থাৎ বিদেশত তেওঁলোকে নিজ দেশৰ সমকক্ষ একোজনৰ তুলনাত পৰ্বতসম আয় কৰে, আমি কল্পনা কৰিব নোৱাৰা ধৰণৰ জীৱনশৈলী উপভোগ কৰে৷ তেনে এন আৰ আই-ৰ সন্তান বা অসমতে থকা তেওঁলোকৰ পৰিয়ালে এন আৰ আই হোৱাৰ সূত্ৰেই অসমত মেডিকেল কলেজৰ আসন কাঢ়ি খাই কিয়? অথবা অসমত থাকি ইয়াৰ কষ্টকৰ জীৱন সহ্য কৰি পঢ়া-শুনা কৰা শিক্ষাৰ্থীৰ মেডিকেলৰ আসন কাঢ়ি নিবলৈ এন আৰ আই-ক অসম চৰকাৰে এই অবাঞ্চিত সুবিধা দিছে কিয়? স্বাভাৱিকতে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰতি এনে প্ৰশ্ন উত্থাপিত হৈছে আৰু চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি ক্ষোভ পুঞ্জীভূত হৈছে৷ প্ৰসংগতঃ, অসম চৰকাৰৰ কেবিনেটে যোৱা ১৫ জুনত লোৱা সিদ্ধান্তমৰ্মে এন আৰ আইৰ বাবে ৰাজ্যখনৰ মেডিকেলৰ আসনৰ দহ শতাংশ সংৰক্ষণ কৰিছে৷ ইয়াৰ অৰ্থ এয়াই যে, মুকলি শাখা অৰ্থাৎ সংৰক্ষণহীন স্থানৰ পৰা অসম চৰকাৰে অভিজাত এন আৰ আইৰ সন্তানৰ বাবে ১২৬খন আসন কাঢ়ি নিছে৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ আঁৰত কৰোবাৰ ব্যক্তিগত স্বাৰ্থপূৰণৰ গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে আৰু সেই লৈ ইতিমধ্যে বু-বু-বা-বা আৰম্ভ হৈছে৷ একেখন কেবিনেট বৈঠকে চাহ জনগোষ্ঠীৰ বাবে আসনৰ সংৰক্ষণ ৩০খনলৈ বৃদ্ধি কৰিছে, মৰানৰ সংৰক্ষণ আঠখনলৈ, মটকৰ সংৰক্ষণ আঠখনলৈ, টাই-আহোমৰ সংৰক্ষণ দহখনলৈ, চুতিয়াৰ সংৰক্ষণ ন খনলৈ আৰু কোচ ৰাজবংশীৰ আসনৰ সংৰক্ষণ ১৩খনলৈ বৃদ্ধি কৰিছে৷ ইয়াৰ ফলত পূৰ্বৰ পৰা থকা সংৰক্ষণৰ সৈতে যোগ হৈ অসমৰ মেডিকেল আসনৰ সংৰক্ষণ ৭৫ শতাংশলৈ বৃদ্ধি হৈছে৷ অৱশিষ্ট ২৫ শতাংশ ৰৈছেগৈ মুকলি বা অসংৰক্ষিত বিভাগত৷ সেই আসনৰ সংখ্যা হৈছে মাথোঁ ৩৭৫খন৷ মুকলি এইবাবেই যে, এই ৩৭৫খন আসন কেৱল সংৰক্ষণ নথকা সম্প্ৰদায়ৰ বাবে একচেটিয়া বা নিগাজী নহয়৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে এই ৩৭৫খন আসনো তেনে পিছ পৰা অৰ্থাৎ সংৰক্ষণ থকা শিক্ষাৰ্থীয়ে লাভ কৰিব পাৰে৷ অসমৰ মুঠ ১৫০০খন মেডিকেল আসনৰ ৭৫ শতাংশ সংৰক্ষণৰ অধীনলৈ লৈ যোৱা আৰু কেৱল ৩৭৫খন আসনহে সাধাৰণ শ্ৰেণীৰ প্ৰতিযোগিতাৰ বাবে ৰখা অৰ্থাৎ ২৫ শতাংশহে মুকলি কৰি ৰখাটো সেয়ে অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বুলি সমালোচনা হৈছে৷ তাতকৈয়ো তাৎপৰ্যপূৰ্ণ ঘটনা হৈছে, অ’বিচি অৰ্থাৎ অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে সংবিধানৰ অধিকাৰ অনুসৰি ২৭ শতাংশ আসন সংৰক্ষণৰ বিধি থকা অৱস্থাতো অসম চৰকাৰে একে সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত মৰাণ, মটক, টাই আহোম, চুতিয়া, চাহ বাগান, কোচ ৰাজবংশীৰ বাবে মেডিকেলৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে৷ অৰ্থাৎ একে সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে অবিচিৰ উপৰি নিজস্ব সম্প্ৰদায়ৰ বাবে অসম চৰকাৰে আগবঢ়োৱা সংৰক্ষনো উপভোগ কৰিব পাৰিব৷ তেওঁলোকে দুটাকৈ সংৰক্ষণৰ সুবিধা লাভ কৰিব৷

সংৰক্ষণ ভাল আৰু বেয়া– দুয়োদিশে হাজাৰটা যুক্তি থিয় কৰিব পাৰি৷ ইয়াৰ অধিকাংশ যুক্তিয়েই বিশ্বাসযোগ্য যেন লাগিব পাৰে৷ ভাৰতৰ দৰে এখন বৈচিত্ৰ আৰু অনৈক্যৰে ভৰা দেশত সংৰক্ষণৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে৷ ঐতিহাসিকভাৱে পিছপৰি থকা সম্প্ৰদায়ৰ উন্নয়ন আৰু উত্থানৰ বাবে ভাৰতত সংৰক্ষণ অপৰিহাৰ্য৷ অন্যথা কেতবোৰ জনগোষ্ঠী বা সম্প্ৰদায় দেশৰ আন অংশৰ লোকৰ তুলনাত শিক্ষা, নিয়োগ, আঁচনি, জলপানি, ৰাজনীতি, সামাজিক আৰু সাংস্কৃতিক সকলো দিশতে পিছপৰি থাকিব৷ কিন্তু মেডিকেলৰ দৰে এবিধ বিভাগত, য’ত মেধাই শেষ কথা বুলি কোৱা হয়, তাত এনেদৰে পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণৰ সংখ্যা বৃদ্ধি কৰাৰ চৰকাৰী যুক্তি ক’ত? এবাৰলৈ মানি লোৱা হ’ল, সেই সংৰক্ষণৰো প্ৰয়োজনীয়তা আছে৷ কিন্তু এন আৰ আইৰ বাবে দহ শতাংশ সংৰক্ষণৰ ক্ষেত্ৰত কি সবল যুক্তি থিয় কৰিব পাৰিব অসম চৰকাৰৰ কেবিনেটে? উচ্ছ বিত্ত, এলিট বা অভিজাত শ্ৰেণীক পিছপৰা অসমৰ শিক্ষাৰ্থীৰ ভাগৰ পৰা মেডিকেলৰ আসন কাঢ়ি নিবলৈ চৰকাৰে সুযোগ দিছে কিয়? ইয়াৰ জৰিয়তে কাৰ স্বাৰ্থ পূৰণ হ’ব, সেয়া সময়ে ক’ব৷ কিন্তু অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই যে সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীক মেডিকেলৰ আসন লাভৰ পৰা বৃহৎ অংশক বঞ্চিত কৰিব সেয়া অবধাৰিত৷ অন্ততঃ এন আৰ আইৰ সংৰক্ষণৰ বাবেই মুকলি শাখাৰ পৰা ১২৬খন মেডিকেলৰ আসন লুপ্ত হোৱাটো বাস্তৱ সত্য৷ চৰ্চা হৈছে, বিদেশত মেডিকেল পঢ়াৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰা এচাম প্ৰভাৱশালী প্ৰবাসী অসমীয়াৰ সন্তানক ‘বেকড’ৰে’ৰে সুযোগ দিয়াৰ বাবেই এই দহ শতাংশ সংৰক্ষণৰ সৃষ্টি৷ বিদেশত থকা, ঘাইকৈ ইউৰোপ-আমেৰিকাত থকা প্ৰবাসী অসমীয়াই তেওঁলোকৰ লিখনি, বক্তব্যত ভাৰতৰ শিক্ষা ব্যৱস্থা ইউৰোপ-আমেৰিকাৰ তুলনাত অতি নিম্নমানৰ বুলি সততে সমালোচনা কৰা শুনা যায়৷ তেওঁলোকৰ বাবে ইউৰোপ-আমেৰিকা স্বৰ্গ, অসম হৈছে প্ৰায় নৰক৷ অসমৰ চিকিৎসা শিক্ষা, চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষা আৰু চিকিৎসা ব্যৱস্থা ইউৰোপ-আমেৰিকাৰ তুলনাত কিমান বেয়া, অনুন্নত– সেয়া এন আৰ আই অসমীয়াৰ মুখত আখৈ ফুটাদি ফুটে৷ তেনে এন আৰ আইৰ সন্তানৰ বাবে পিছপৰা অসমত মেডিকেলৰ আসন সংৰক্ষণ কিয়? এই সংৰক্ষণ কোনো এন আৰ আই অসমীয়াই চৰকাৰক বিচাৰিছে নেকি? উন্নত ইউৰোপ-আমেৰিকাৰ পৰা আহি পিছপৰা শিক্ষা ব্যৱস্থাৰ অসমৰ মেডিকেলত তেওঁলোকৰ পঢ়িবলৈ সত যাবনে বা তেওঁলোকে পঢ়িব পাৰিবনে এই পিছপৰা মেডিকেল কলেজত? অসম চৰকাৰৰ এন আৰ আই কোটাক লৈ এতিয়া এনে অসংখ্য প্ৰশ্ন উত্থাপন হৈছে৷

স্মৰ্তব্য, ১৯৯৩ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই মেডিকেলৰ আসনৰ বাবে মুখ্যমন্ত্ৰীৰ সংৰক্ষণ সৃষ্টি কৰিছিল৷ ৰাজ্যজুৰি প্ৰবল প্ৰতিক্ৰিয়াৰ ফলত এবছৰৰ পাছত এই পাঁচ আসনৰ মুখ্যমন্ত্ৰীৰ কোটা বিলুপ্ত হ’ল৷ অনুৰূপভাৱে প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডঃ ভূমিধৰ বৰ্মনেও এবাৰ ডাক্টৰ ‘কোটা’ বা সংৰক্ষণৰ ব্যৱস্থা কৰিছিল৷ কালত সিয়ো বিলুপ্ত হ’ল৷ চৰ্চা হৈছিল, ঘনিষ্ঠ কাৰোবাক সুযোগ দিয়াৰ বাবে এই দুই সংৰক্ষণৰ সৃষ্টি কৰা হৈছিল৷ এতিয়া অসম চৰকাৰৰ কেবিনেটে অবিচি কোটা থকা সত্ত্বেও অবিচিৰ অন্তৰ্গত সম্প্ৰদায়ৰ আসনৰ সংৰক্ষণ বৃদ্ধি কৰি আৰু প্ৰবাসী ভাৰতীয়ৰ বাবে সংৰক্ষণৰ সৃষ্টি কৰি পূৰ্বৰ কংগ্ৰেছী চৰকাৰৰ অপকৰ্ম সোঁৱৰাই দিছে৷ সংৰক্ষণৰ সীমা ৭৫ শতাংশলৈ বৃদ্ধি কৰি মুকলি প্ৰতিযোগিতাৰ বাবে কেৱল ২৫ শতাংশ ৰাখি চৰকাৰে চৰম অন্যায় সিদ্ধান্ত লোৱা বুলি অনেকেই ক্ষোভ প্ৰকাশ কৰিছে৷