Logo
image

‘বিপৰ্যয়’ত বিপৰ্যস্ত গুজৰাটত অমিত শ্বাহ

‘আমাৰ অসম’, ১৮ জুনঃ সাগৰীয় ধুমুহা বিপৰ্যয়ে থান-বান কৰি পেলাইছে গুজৰাট৷ ধুমুহা জাকৰ কৱলত পৰি ৰাজ্যখনৰ ভুজ, মান্দভি, কাত্থা আদি অঞ্চল তচনচ হৈ পৰে৷ ঠায়ে ঠায়ে বৃহৎ বৃহৎ গছ উভালি পৰাৰ লগতে বহু অট্টালিকা আৰু দোকান-পোহাৰ ভাঙি চূৰমাৰ হয়৷ উল্লেখ্য যে শনিবাৰে পুৱতি নিশা বিপৰ্যয় নামৰ ধুমুহা জাকে প্ৰতিঘণ্টাত ১০০ কিলোমিটাৰৰো অধিক বেগত বোলাত এক প্ৰকাৰ প্ৰলয়ৰ সৃষ্টি হয়৷ বহু ঠাইত গছ বাগৰি ঘৰ খহি পৰি আহত হয় বহু সংখ্যক লোক৷ আহতসকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷ ইপিনে ধুমুহা জাকৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে গুজৰাটৰ উপকূলীয় অঞ্চলসমূহৰ পৰা ৮০ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়৷ শনিবাৰে পুৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হেলিকপ্টাৰেৰে ৰাজ্যখনৰ বিপৰ্যয়ে বিধবস্ত কৰা অঞ্চলসমূহৰ ক্ষয়-ক্ষতিৰ বুজ লয়৷ বিয়লি তেওঁ মান্দভি হাস্পতালত উপস্থিত হৈ আহত সকলৰ চিকিৎসাৰ খা-খবৰ লয়৷ একেদৰে ধুমুহাই তচনচ কৰি থৈ যোৱা অঞ্চলসমূহৰ উদ্ধাৰ কাৰ্যৰো চৰজমিন পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী৷ ইপিনে বিপৰ্যয়ে তাণ্ডৱৰ সৃষ্টি কৰাৰ মাজতে গুজৰাটত ৭০৯ টা নৱজাতকৰ জন্ম হয়৷ ইয়াৰে কেইবাটাও নৱজাতকে এম্বুলেন্সৰ ভিতৰতে পৃথিৱীৰ মুখ দেখে৷ স্মৰ্তব্য যে বিপৰ্যয়ে তাণ্ডৱৰ সৃষ্টি কৰাৰ পূৰ্বে গুজৰাটত বৃহস্পতিবাৰৰ পৰা প্ৰৱল বৰষুণ হ’বলৈ ধৰে৷ লগত আহে ধুমুহা৷ এই সময়চোৱাত ৰাজ্যৰ বিভিন্ন স্থানত হাস্পতাললৈ অহাৰ পথত এম্বুলেন্সৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলগীয়া হয় বহু সংখ্যক প্ৰসূতি৷ উল্লেখ্য যে বিপৰ্যয়ৰ ফলত যাতে গুজৰাটত কোনো লোকৰ প্ৰাণহানি নহয় তাৰ বাবে ৰাজ্য চৰকাৰখনে আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল৷