Logo
image

প্ৰচণ্ড গৰমত ৭২ ঘণ্টাত ৫৪ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ দেশৰ কোনো কোনো ৰাজ্যত 'বিপৰ্যয়'ৰ ফলত বিগত ৩-৪ দিন ধৰি বৃষ্টিপাত অব্যাহত আছে যদিও আন কেইবাখনো ৰাজ্য এতিয়া উৎকট গৰমৰ কবলত৷ উত্তৰ প্ৰদেশত উৎকট গৰমে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ আন বৰ্ষৰ তুলনাত এইবছৰ বৃদ্ধি পাইছে তাপমাত্ৰা৷ ৰাজ্যখনৰ কোনো কোনো স্থানত ৪০ ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে৷ প্ৰচণ্ড গৰমৰ ফলত বিগত তিনি দিনত উত্তৰ প্ৰদেশত মৃত্যু হৈছে ৫৪জনকৈ লোকৰ৷ 

প্ৰচণ্ড গৰমৰ বাবে প্ৰায় ৪০০ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ চিকিৎসকে জনোৱা মতে, বিভিন্ন কাৰণত এই লোকসকলৰ মৃত্যু হৈছে যদিও, প্ৰচণ্ড গৰমো ইয়াৰ এটা প্ৰধান কাৰণ৷ জ্বৰ, উশাহ লোৱাত সমস্যা আৰু অন্য জটিলতাৰ সন্মুখীন হোৱা ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷ বৰ্তমান চিকিৎসালত ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷

উল্লেখ্য যে এই অভাৱনীয় পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সতৰ্কতা অৱলম্বন কৰিছে জিলা চিকিৎসালয়সমূহে৷ তথ্য অনুসৰি, এনে অস্বাভাৱিক পৰিস্থিতিৰ ফলত ১৫ জুনত ২৩ জন, ১৬ জুনত ২০জন আৰু ১৭ জুনত ১১ জন লোকৰ মৃত্যু হৈছে৷