Logo
image

সলনি কৰা হ'ব 'আদিপুৰুষ'ৰ বিতৰ্কিত সংলাপ

ডিজিটেল ডেস্কঃ মুক্তিৰ পিছতে বিতৰ্কত সোমাই পৰিছে বলীউডৰ বীগ বাজেটৰ চলচ্চিত্ৰ 'আদিপুৰুষ'৷ ছবিখনত ব্যৱহাৰ কৰা সংলাপক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে৷ বিশেষকৈ এটা দৃশ্য়ত হনুমানৰ নেজত জুই দিয়াৰ পাছত ৰাৱণৰ পুত্ৰই কৈছে, জ্বলী না!... জিছকী জল্‌টী হ্যায়...ইয়াৰ উত্তৰত হনুমানে কয়– কাপ্‌ড়া তেৰে বাপ কা, তেল তেৰে বাপ কা, আগ ভী তেৰে বাপ কী, তো জ্বলেগী ভী তেৰে বাপ কী! হনুমানৰ মুখত এনে সংলাপক লৈ বিতৰ্কত সোমাই পৰিছে 'আদিপুৰুষ'৷

মুক্তিৰ পিছৰে পৰা চিনেমাখনত ব্যৱহাৰ কৰা সংলাপক লৈ ধাৰাবাহিক বিৰোধিতাৰ সন্মুখীন হৈ আহিছে ছবিখনৰ নিৰ্মাতা গোষ্ঠী৷ যাৰ বাবে ছবিখনৰ নিৰ্মাতা গোষ্ঠীয়ে শীঘ্ৰে হনুমানৰ সংলাপ সলনি কৰাৰ আশ্বাস দিছে৷ 

ছবিখনৰ সংলাপ লেখক মনোজ মুণ্টাশ্বিৰে টুইটযোগে কয় যে মই আৰু ছবিখনৰ প্ৰযোজক-পৰিচালকে সিদ্ধান্ত লৈছো যে যিকেইটা সংলাপে মানুহৰ অনুভূতিক আঘাত কৰিছে, আমি সেই সংলাপ সংশোধন কৰিম৷ এই সপ্তাহতে সংলাপবোৰ সংশোধন কৰা হ'ব৷


উল্লেখ্য যে বিতৰ্কৰ সমান্তৰলকৈ সফলতাও লাভ কৰিছে ছবিখনে৷ প্ৰভাস, কৃতি ছানন, ছৈফ আলী খান অভিনীত ৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ছবিখনে মুক্তিৰ দুদিনতে ২৪০কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷