Logo
image

ভুকুতে কল পকিবনে?

অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা আন্তঃগাঁথনি নিৰ্মাণ, স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য, লোকনিৰ্মাণ, জলসম্পদ, ৰাজহ, জলসিঞ্চন, বন, উদ্যোগ, পৰিবহণ বিভাগ আদি প্ৰতিটো চৰকাৰী বিভাগতে চৰকাৰে বিভিন্ন নতুন নতুন আঁচনি, প্ৰকল্প আদি গ্ৰহণ কৰিছে৷ সৰ্বানন্দ সোণোৱালৰ পাছত ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত বিভিন্ন বিভাগৰ প্ৰশাসনীয় সংস্কাৰ, পৰিচালন পদ্ধতি, কাম-কাজৰ নিৰীক্ষণ, পুনৰ মূল্যায়ন, ডিজিটেল ব্যৱস্থাৰ অধিক ব্যৱহাৰ আদিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ কেবিনেটৰ সঘন বৈঠক, মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীসকলৰ দ্বাৰা জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য বিষয়াবৰ্গৰ সৈতে নিয়মীয়াকৈ ভিডিঅ’ কনফাৰেন্সিং মন্ত্ৰী-বিষয়াৰ দ্বাৰা প্ৰকল্পস্থলী পৰিদৰ্শন, প্ৰতিবেদন দাখিল আদিৰ ফলত সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোৰে এতিয়া কৰ্মব্যস্ততা পূৰ্বৰ তুলনাত বহু বৃদ্ধি পাইছে৷ ৰাজ্যৰ বিকাশৰ স্বাৰ্থত প্ৰশাসনযন্ত্ৰ তথা বিভিন্ন বিভাগৰ গতিশীলতা, দক্ষতা, দায়ৱদ্ধতা, নিয়মানুৱৰ্তিতা বৃদ্ধি কৰাটো অতি প্ৰয়োজন৷ ফাইলৰ ৰঙা ফিটাৰ মেৰপেচ, দুৰ্নীতি, অনিয়ম, এচাম বিষয়া-কৰ্মচাৰীৰ দায়িত্বৰ প্ৰতি অনীহা আদিৰ বাবে অসমৰ কাৰ্যালয়সমূহত সৰু কাম এটাও সহজে নোহোৱাটো নিয়মত পৰিণত হৈছে৷ নিটি আয়োগৰ সমীক্ষামতেও অসমৰ চৰকাৰী আঁচনি-প্ৰকল্পসমূহ সঠিকভাৱে, সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰা ৰাজ্যসমূহৰ অন্যতম দুৰ্বলতা৷ এফালে বিত্তীয় ঘাটিৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ আমোলত কেন্দ্ৰ চৰকাৰ আৰু আন উৎসসমূহৰ পৰা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণৰ পৰিমাণ অভূতপূৰ্ব হাৰত বৃদ্ধি হৈ গৈ আছে, হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে উৎপাদনশীলতা হ্ৰাস পাইছে– তেনে সময়ত যদি ধাৰ লৈ পোৱা বৃহৎ পৰিমাণৰ ধন সময়মতে ব্যৱহাৰ নহয় তেন্তে ৰাজ্যৰ বিকাশৰ গতি কোনদিশে ধাৱমান হ’ব সেই সম্পৰ্কে বিশদ ব্যাখ্যাৰ প্ৰয়োজন নাই৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিভিন্ন বিভাগৰ পূৰ্বৰ কাম-কাজৰ ধৰণ-কৰণ সলনি কৰি এক নতুনত্বৰ ধাৰা সৃষ্টি, বিভিন্ন কাম-কাজ খৰতকীয়া কৰা, স্বচ্ছ-নিকা নিয়োগ ব্যৱস্থা আদি পদক্ষেপসমূহ সময়োপযোগী বুলি অভিহিত কৰিব পাৰি৷

ৰজাঘৰ, প্ৰজাঘৰ সকলোৰে বাবে ৰাজ্যৰ উন্নয়ন কাম্য৷ অসমৰ প্ৰতিজন নাগৰিকে বিচাৰে যে নিবনুৱা বৃদ্ধি, বানপানী, খহনীয়া, খোৱাপানী, যাতায়াত ব্যৱস্থা, উদ্যোগীকৰণ, স্বাস্থ্যজনিত, শিক্ষাখণ্ডৰ সমস্যাসমূহৰ লগতে অন্যান্য আৰ্থ-সামাজিক সমস্যাসমূহৰ সমাধান হওক, ৰাজ্যখন দোপতদোপে আগুৱাই যাওঁক৷ মন্তব্য নিষ্প্ৰয়োজন অসংখ্য সমস্যাৰে জৰ্জৰিত অসমৰ দৰে ৰাজ্যৰ সমস্যাসমূহ নিৰাময়, সমাধান কৰাৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান আছে৷ বিভিন্ন বিভাগৰ মাজত সু-সমন্বয়, প্ৰতিটো প্ৰকল্প-আঁচনি কাৰ্যকৰীকৰণৰ পূৰ্বে ইয়াৰ লগত সম্পৰ্কিত বিভিন্ন দিশৰ নিৰ্মোহ, যুক্তিপূৰ্ণ আলোচনা আৰু দক্ষ, অভিজ্ঞ ব্যক্তিৰ নিয়োগ, প্ৰশিক্ষণ আদিৰ ওপৰত প্ৰকল্পসমূহৰ সফলতা-বিফলতা নিৰ্ভৰ কৰে৷ কিন্তু সম্প্ৰতি অসমত চৰকাৰে একে সময়তে বহুবোৰ আঁচনি, বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ আদি গ্ৰহণ কৰাৰ বাবে চৰকাৰে বাৰে বাৰে উজুটি খাইছে৷ ৰাজ্যত এখনৰ পাছত এখনকৈ মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে; নতুনকৈ কৰ্কট ৰোগৰো চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছে৷ এয়া ৰাজ্যখনৰ বাবে আশাৰ বতৰা! কিন্তু প্ৰশ্ন হ’ল পূৰ্বৰ মেডিকেল কলেজ কেইখনতে পৰ্যাপ্ত অধ্যাপক নাই, সা-সামগ্ৰীও আশা কৰা মতে নাই৷ মেডিকেল কাউন্সিলৰ পৰিদৰ্শনত এইবোৰ দিশ প্ৰতিফলিত হৈছে৷ অসমত বিশ্ববিদ্যালয় স্থাপনৰো জোৱাৰ উঠিছে৷ কেইবাখনো বিশ্ববিদ্যালয় স্থাপন কৰা প্ৰায় দশক পাৰ হৈ গ’ল; কিন্তু এইবোৰ বিশ্ববিদ্যালয় চালুকীয়া অৱস্থা অতিক্ৰম নৌ কৰোতে পুনৰ ঘোষিত হৈছে নতুন বিশ্ববিদ্যালয়৷ নতুন আভিযান্ত্ৰিক কলেজ, পলিটেকনিক, মডেল কলেজসমূহৰ অগ্ৰগতিও আশাপ্ৰদ নহয়৷ চাৰিলেন পথৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱা বহু বছৰ পাৰ হোৱাৰ পাছতো এয়া সম্পূৰ্ণ হ’বলৈ বহু বাকী৷ গুৱাহাটীত একে সময়তে বহু কেইখন অভাৰব্ৰীজ নিৰ্মাণৰ কাম হাতত লোৱাৰ বাবে ৰাইজেও জীয়াতু ভুগিছে, নিৰ্মাণকাৰ্যতো আসোঁৱাহ ৰৈ গৈছে৷ সু-প্ৰশাসনৰ স্বাৰ্থতে বিভিন্ন বিভাগত একে সময়তে বহু নতুন অনলাইন ব্যৱস্থা, ডিজিটেল প্ৰয়োগ কৰা হৈছে যদিও এইবোৰো ভবামতে হোৱা নাই৷ নিৰ্দিষ্ট সময় সীমাৰ ভিতৰতে প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাটো প্ৰয়োজন৷ কিন্তু চৰকাৰী বিভিন্ন বিভাগৰ অনুমোদনৰ সমস্যা, প্ৰতিকূল পৰিৱেশ আদিৰ বাবে ৰাজ্যখনত বহু প্ৰকল্প সময়ত সম্পূৰ্ণ হোৱা নাই৷ কিন্তু নিৰ্দিষ্ট সময় সীমা পূৰণৰ লক্ষ্য স্থিৰ কৰাৰ বাবে এনে বহু কাম সফল হোৱা নাই৷ জলজীৱন মিছন, পথ নিৰ্মাণৰ বহু কাম এই বাবে ত্ৰুটীপূৰ্ণ হৈছে৷ পূৰ্বেই কোৱা হৈছে উন্নয়ন সকলোকে লাগে৷ কিন্তু ভুকুতে কল পকিবনে?