Logo
image

গুৱাহাটীৰ সমস্যা আৰু স্মাৰ্ট চিটীৰ সপোন

বিগত কেইদিনমান ৰাজ্যখনত হৈ থকা নেৰানেপেৰা বৰষুণে উৎকট গৰমৰ পৰা ৰাজ্যবাসীক কিছু সকাহ দিলেও অবিৰতভাৱে হৈ থকা বৰষুণ এতিয়া বিপৰ্যয়ৰ কাৰণো হৈ পৰিছে৷ বিভিন্ন নদী-উপনৈবোৰ পানীৰে উপচি পৰাৰ ফলত কেইবাখনো জিলা বান  আৰু খহনীয়াৰ কবলত পৰাৰ বিপৰীতে ৰাজধানী চহৰ গুৱাহাটীৰ বাসিন্দাৰ সন্মুখত আহি পৰিছে বহুকেইটা সমস্যা৷ উত্তৰ-পূৰ্বাঞ্চলৰ মূল বাণিজ্যিক চহৰ হিচাপে পৰিচিত গুৱাহাটীত বছৰটোৰ বাৰটা মাহতেই দেখা যায় এবুৰি সমস্যা৷ শীতকালত দেখা যায় বায়ু প্ৰদূষণৰ সমস্যা৷  গুৱাহাটী এতিয়া হৈ পৰিছে দেশৰ ভিতৰতে অন্যতম প্ৰদূষিত চহৰ৷ তেনেদৰে এজাক বৰষুণতে চহৰখনৰ বহু ঠাইত দেখা যায় কৃত্ৰিম বানৰ সমস্যা৷ শেহতীয়াভাৱে গুৱাহাটীবাসীক একেলগে জুমুৰি দি ধৰিছে আটাইবোৰ সমস্যাই৷ জলব’ৰ্ডৰ পানী যোগান আঁচনিৰ পাইপ ফাটি একো একোটা অঞ্চল প্লাৱিত কৰাৰ লগতে পানীৰ সোঁতত উটি গৈ অথবা পাইপ বহুৱাবলৈ খান্দি ৰখা গাঁতত পৰি মানুহৰ মৃত্যু হোৱা ঘটনাও ঘটি আছে এই চহৰখনতেই৷ তাৰ লগতে আছে যান-জঁঁটৰ সমস্যা৷  মুঠতে গুৱাহাটী এতিয়া বসবাসৰ বাবে উপযুক্ত চহৰ হৈ থকা নাই বুলি ক’লেও হয়তো ভুল কৰা নহ’ব৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে গুৱাহাটীক দেশৰ শ্ৰেষ্ঠ পাঁচখন চহৰৰ অন্যতম হিচাপে গঢ়ি তোলা হ’ব বুলি দাবী কৰাৰ সময়তে গুৱাহাটীবাসীৰ সমস্যা প্ৰতিদিনে বৃদ্ধিহে পাবলৈ ধৰিছে৷

গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বৰ্তমানৰ চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে৷ কিন্তু প্ৰায়েই অভিযোগ শুনা যায় যে সঠিক পৰিকল্পনা অবিহনে আৰম্ভ কৰা এই আঁচনিবোৰে সৰ্বসাধাৰণক সকাহ দিয়াৰ বিপৰীতে দুৰ্ভোগহে ভোগোৱাৰ অভিযোগ শুনা যায়৷গুৱাহাটীৰ বিভিন্ন স্থানত এতিয়া নিৰ্মাণকাৰ্য চলি আছে একাধিক ফ্লাই-অভাৰৰ৷ ইতিমধ্যে বৃহৎ অংকৰ ধন ব্যয়েৰে কেইবাখনো ফ্লাই-অভাৰৰ লগতে ফুটব্ৰীজো নিৰ্মাণ কৰা হৈছে৷ গুৱাহাটীত বৰ্তমান যান-বাহনৰ সংখ্যাও দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ ফলত যান-জঁটৰ সমস্যা সমাধানৰ বাবে অভাৰব্ৰীজৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে৷ কিন্তু কেৱল ফ্লাই-অভাৰ নিৰ্মাণেৰে এই সমস্যা সামাধান কৰাটো সম্ভৱ হ’ব জানো? যান-জঁট কমাবলৈ প্ৰশাসনে শেহতীয়াকৈ গুৱাহাটীত চলাচল কৰা চিটীবাছৰ সংখ্যা হ্ৰাস কৰাৰো সিদ্ধান্ত লৈছে৷ কিন্তু এনে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে গুৱাহাটীৰ যান-জঁটৰ সমস্যাৰ স্থায়ী সমাধান উলিওৱাৰ বিষয়ে ভাবিব পৰা নায়ায়নে? যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে গুৱাহাটীৰ বাট-পথবোৰ প্ৰয়োজন অনুসৰি আহল-বহল নহয়৷ তদুপৰি গুৱাহাটীত অনুমোদিত গাড়ী ৰখাৰ স্থানৰো অভাৱ৷  গুৱাহাটীৰ যান-জঁট আৰু পাৰ্কিঙৰ স্থানৰ অভাৱৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰতো উচিত ব্যৱস্থা লওক ৰাজ্য চৰকাৰে৷ সঠিক পৰিকল্পনা আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ এই সমস্যাৰ সমাধান উলিওৱাটো অসম্ভৱ নিশ্চয় নহয়৷ পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বেই এই দিশত উচিত ব্যৱস্থা লোৱা প্ৰয়োজন৷

আন এটা উল্লেখনীয় বিষয় হৈছে যে পানী যোগান আঁচনিৰ পাইপ ফাটি বিভিন্ন স্থানত হোৱা দুৰ্ঘটনাৰ পাছত চৰকাৰে হঠাৎ গুৱাহাটীত পানী যোগান আঁচনিৰ কাম বন্ধ ৰখাৰ নিৰ্দেশ দিছে৷ কিন্তু পাইপ বহুৱাবলৈ বিভিন্ন স্থানত খন্দা গাঁতবোৰ তেনেকৈয়ে ৰখা হৈছে৷ ফলত বৰষুণৰ সময়ত সেই গাঁতবোৰত পানী জমা হয় আৰু পথচাৰীৰ লগতে যান-বাহন চালকৰ দুৰ্গতি হয়৷ কেৱল এয়াই নহয়, বাৰিষাৰ সময়ত অপৰিকল্পিতভাৱে ফুটপাথ মেৰামতিৰ কাম হাত লোৱাটোও গুৱাহাটীৰ পথচাৰীৰ বাবে সমস্যা হৈ পৰিছে৷ ৰাজ্যৰ ১৪খন জিলা বানত কক্‌বকাই থকা সময়ত গুৱাহাটীবাসী সন্মুখীন হ’বলগীয়া হৈছে এনেবোৰ সমস্যাত৷ গুৱাহাটীবাসীৰ বাবে বিশুদ্ধ খোৱাপানী যোগানৰ আঁচনি আৰম্ভ কৰাৰ বহু বছৰ পাৰ হোৱাৰ পাছতো মহানগৰবাসীৰ বাবে নিয়মিত উপলব্ধ হোৱা নাই খোৱাপানী৷ সেয়েহে গুৱাহাটীবাসীয়ে বিচাৰে চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পৰিৱৰ্তে এই ধন গুৱাহাটীৰ মূল সমস্যাবোৰ সমাধান কৰাত ব্যয় কৰক৷ গুৱাহাটীৰ এই সমস্যাবোৰ সমাধান কৰিব নোৱাৰিলে স্মাৰ্ট চিটীৰ সপোন কেতিয়াও বাস্তৱায়িত নহ’ব৷