Logo
image

ৰাষ্ট্ৰপতি হিচাপে বাইডেনে দৰমহা পাব বছৰি ৩ কোটি টকা

আমাৰ অসম, ২৩ জানুৱাৰীঃ যুক্তৰাষ্ট্ৰৰ আইন অনুযায়ী এগৰাকী ৰাষ্ট্ৰপতিয়ে দায়িত্বত থকাৰ সময়ত এক নিৰ্দিষ্ট পৰিমাণৰ দৰমহা লাভৰ নিয়ম আছে৷ ইউ এছ ক’ডৰ অনুচ্ছেদ তিনিত উল্লেখ কৰা অনুসৰি– এগৰাকী ৰাষ্ট্ৰপতিয়ে বছৰত দৰমহা হিচাপে চাৰি লাখ ডলাৰ অৰ্থাৎ প্ৰায় তিনিকোটি টকা লাভ কৰে৷ বাইডেনেও সেই একে স্কেলটে দৰমহা লাভ কৰিব৷ ইয়াৰ উপৰি প্ৰতিবছৰে আনুসংগিক ব্যয় হিচাপে ৫০ হাজাৰ ডলাৰ, ভ্ৰমণ বানচৰ বাবদ বাবে এক লাখ ডলাৰ আৰু বিনোদন ভাট্টা হিচাপে বছিৰ ১৯ হাজাৰ মাৰ্কিন ডলাৰ লাভ কৰিব এইগৰাকী ৰাষ্ট্ৰপতিয়ে৷ দায়িত্ব বাদ দিয়াৰ পিছতো মাৰ্কিন ৰাষ্ট্ৰপতিয়ে চৰকাৰী তহবিলৰ পৰা নিৰ্দিষ্ট অংকৰ বেতন, নিৰাপত্তা, স্বাস্থ্যবীমাৰ সুবিধাও লাভ কৰিব৷ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীৰ সাজ-সজ্জাৰ বাবে নাপায় কোনো ধন৷ কোনো ডিজাইনাৰে যদি পোচাক উপহাৰ দিব বিচাৰে সেয়া গ্ৰহণ কৰাৰো নিয়ম নাই৷ ৰাষ্ট্ৰপতিয়ে যদি উপহাৰ গ্ৰহণ কৰেও এবাৰ পৰিধান কৰাৰ পিছতেই সেইবোৰ জাতীয় সংগ্ৰহালয়ত জমা দিব লাগে৷