Logo
image

কাৰাবন্দী অখিলে সাজু কৰিলে দস্তাবেজ

বিজেপিৰ ৯০% প্ৰতিশ্ৰুতিয়েই অপূৰ্ণ

আমাৰ অসম, ২৩ জানুৱাৰীঃ কাৰাগাৰত থাকিয়েই ৰাইজৰ দলৰ সভাপতি কৃষক নেতা অখিল গগৈয়ে সম্পাদনা কৰি উলিয়ালে ‘বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি’ নামৰ এখন তথ্য সম্বলিত গ্ৰন্থ৷ গুৱাহাটী মেডিকেল কলেজৰ নিউ পেয়িং কেবিনৰ তলৰ মহলাৰ ২৪নং কোঠাত বহিয়ে কাৰাৰুদ্ধ অখিল গগৈয়ে সম্পাদনা কৰা এই গ্ৰন্থত ২০১৬ চনত বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টতত দিয়া প্ৰতিশ্ৰুতিৰ কিমান শতাংশ সম্পূৰ্ণ কৰিলে সেয়া এটা এটাকৈ দেখুৱাই দিছে৷ আজি এক সংবাদমেলত ‘ৰাইজৰ দলে’ ৰাজহুৱা কৰে এই তথ্য সম্বলিত গ্ৰন্থ৷ ৫৯ পৃষ্ঠাৰ এই গ্ৰন্থৰ ৰ লাখ কপি ৰাইজৰ দলৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজত বিতৰণ কৰিব৷ আজি সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ডাস্কোডি শইকীয়াকে ধৰি দলটোৰ নেতৃত্বই এই দাবীৰে ‘বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি’ মুকলি কৰি কয় যে বিজেপি দলে ২০১৬ চনৰ নিৰ্বাচনত সৰ্বমুঠ ৪৭৬ টা প্ৰতিশ্ৰুতি লিখিতভাৱে অসমৰ ৰাইজক দিছিল৷ তাৰে  ৫ টা প্ৰতিশ্ৰুতি দলটোৱে যোৱা ৫ বছৰত সম্পূৰ্ণ কৰিলে ১৪৭৬ টা প্ৰতিশ্ৰুতিৰ ভিতৰত সামান্য অংশকৈ অৰ্থাৎ আংশিকভাৱে পূৰণ কৰা প্ৰতিশ্ৰুতিৰ সংখ্যা হ’লে ৪৬ টা মাত্ৰ৷ একেবাৰে পূৰণ নকৰা প্ৰতিশ্ৰুতি হ’ল ৪২৫ টা৷  ৫টা প্ৰতিশ্ৰুতি সম্পূৰ্ণকৈ পূৰণ কৰাৰ বিপৰীতে ১৭ টা প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত ঠিক বিপৰীত স্থিতি ল’লে শাসক বিজেপি চৰকাৰে৷ বিজেপি দলে সম্পূৰ্ণৰূপে পূৰণ কৰা ৫ টা প্ৰতিশ্ৰুতি ৰাজহুৱা কৰে ‘ৰাইজৰ দল’ এ৷ সেই পাঁচটা হ’ল ক্ৰমে– ‘ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰণালয়ৰ সহযোগিতাতত বগীবিল দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰসকলক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্তৰত বিনামূলীয়া শিক্ষা প্ৰদান কৰা৷ শংকৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে ১০ কোটি টকাৰ এককালিন সাহায্য প্ৰদান কৰা৷ ৰাজ্যখনত পৰ্যটন উদ্যোগটো উৎসাহিত কৰিবলৈ ‘অতুল্য অসম’ নামেৰে এটা ব্ৰেণ্ড তৈয়াৰ কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত অসমত সামগ্ৰী আৰু সেৱা [জি এছ টি] ব্যৱস্থা গঢ়ি তোলা৷’ সংবাদমেলত ‘ৰাইজৰ দল’ -এ কয় যে বিজেপিৰ অসম দৃষ্টিপত্ৰত দিয়া প্ৰতিশ্ৰুতিসমূহৰ সম্পূৰ্ণৰূপে পূৰণ কৰা প্ৰতিশ্ৰুতিৰ শতকৰা হাৰ ১.০৬ শতাংশ৷ আনহাতে একাংশ বা অৰ্দ্ধাংকৈ পূৰণ কৰা প্ৰতিশ্ৰুতিৰ শতকৰা হাৰ ৯.৬৬ শতাংশ৷ সম্পূৰ্ণকৈ পূৰণ কৰা প্ৰতিশ্ৰুতি [৫টা] আৰু একাংশ পূৰণ কৰা প্ৰতিশ্ৰুতি [৪৬ টা] সমূহ বাদ দিলে একেবাৰে পূৰণ নকৰা প্ৰতিশ্ৰুতিৰ সংখ্যা ৪২৫ টা৷ এই ৪২৫ টা একেবাৰে পূৰণ নকৰা প্ৰতিশ্ৰুতি শতকৰা হাৰ ৮৯.২৯ শতাংশ৷ আনহাতে, প্ৰতিশ্ৰুতিৰ ঠিক বিপৰীত স্থিতি লোৱা প্ৰতিশ্ৰুতিৰ সংখ্যা হ’ল ১৭ টা৷ এনেকৈ প্ৰতিশ্ৰুতিৰ ঠিক বিপৰীত স্থিতি লোৱা প্ৰতিশ্ৰুতিৰ হাৰ হ’ল ৩.৬৭ শতাংশ৷ সংবাদমেলত ৰাইজৰ দলৰ দলটি নেতৃত্বৰ দাবী – ‘অসম চুক্তি ৰূপায়ন কৰা, অসম চুক্তিৰ ৬ নং দফা অনুসৰি সাংবিধানিক,  আইনী, সামাজিক আৰু সাংস্কৃতিক নিৰাপত্তাৰ ব্যৱস্থা কৰা, লোকপ্ৰিয় গোপীনাথ  বৰদলৈ বিমানবন্দৰটো এটা বিশ্বমাদৰ বিমান বন্দৰলৈ উন্নীত কৰা, বনআইন ২০০৬ আখৰে আখৰে ৰূপায়ণ কৰা, অসমৰ প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা আদি বিজেপিৰ প্ৰতিশ্ৰুতিসমূহ পূৰণটো নহ’লেই বৰঞ্চ ইয়াৰ বিপৰীত স্থিতিহে গ্ৰহণ কৰা দেখা গ’ল? ইফালে, আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰকে ধৰি নেতৃবৃন্দই গুৱাহাটীৰ গান্ধিবস্তিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয়– ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমীয়া জাতিৰ চিৰশত্ৰু৷ বিজেপি ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰতাৰক৷ অসম বিক্ৰী কৰিবলৈ পুনৰ আহিছে নৰেন্দ্ৰ মোদী৷ মোদীৰ এ ‘ফৰ’ আদানী, আছাম নহয়৷ ২০২১ ৰ নিৰ্বাচনৰ পাছতে ‘কা’ জাপি বিজেপিয়ে নিঃশেষ কৰিব অসমীয়া জাতিক৷’