কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণী? কয়লাৰ দাগ ভাস্কৰ শৰ্মাৰ গাত, সুবিধা লক্ষ্য কোঁৱৰৰ
আমাৰ অসম, ২৩ জানুৱাৰীঃ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ গাত যিমানেই কয়লাৰ দাগ লাগিছে, সিমানেই এইবাৰ মাৰ্ঘেৰিটাত বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ প্ৰভাৱশালী যুৱনেতা লক্ষ্য কোঁৱৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠৰূপে পৰিচিত লক্ষ্য কোঁৱৰে তেওঁৰ সাংগঠনিক দক্ষতা আৰু শীৰ্ষ নেতৃত্বৰ সৈতে থকা সুসম্পৰ্কৰ লগতে সাধাৰণ জনতাৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষভাৱে থকা যোগাযোগৰ বাবে প্ৰাৰ্থিত্ব লাভৰ যুঁজত প্ৰতিনিয়ত আগবঢ়াৰ বিপৰীতে পিছুৱাই আহিছে এটাৰ পাছত আন এটা বিতৰ্কত সাঙোৰ খাই পৰা ভাস্কৰ শৰ্মা৷ আনকি ভোগালী উৎসৱলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমন্ত্ৰণ জনাই তেওঁৰ ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰিও এতিয়ালৈকে কামত অহা নাই ভাস্কৰ শৰ্মাৰ৷ কয়লা ছিণ্ডিকেটৰ পৰা আৰম্ভ কৰি বিভিন্নজনক ভাবুকি দিয়ালৈকে– ভাস্কৰ শৰ্মাৰ বহু বিতৰ্কই প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজত লক্ষ্য কোঁৱৰৰ বাবে আনি দিছে সুৱৰ্ণ সুযোগ৷ অৱশ্যে শেষ মুহূৰ্তত কোনে প্ৰাৰ্থিত্ব পায় সেয়া সময়েহে ক’ব৷ ইফালে, কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে বিশেষভাৱে চৰ্চিত হৈছে ৰাণী বৰদলৈৰ নাম৷ সফল ব্যৱসায়ী আৰু সমষ্টিটোত বিশেষ জনপ্ৰিয়তা থকা ৰাণী বৰদলৈ মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পত্নী৷ কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে প্ৰদ্যুৎ বৰদলৈৰ সুসম্পৰ্ক সৰ্বজনবিদিত৷ সেইবাবেই ৰাণী বৰদলৈক প্ৰাৰ্থিত্ব দি মাৰ্ঘেৰিটা সমষ্টিটো নিজৰ হাতত ৰখাৰ চেষ্টা চলাইছে প্ৰদ্যুৎ বৰদলৈয়ে৷ দক্ষ প্ৰাৰ্থী হিচাপেও উচ্ছশিক্ষিত ৰাণী বৰদলৈক উলাই কৰিব নোৱাৰি৷ ‘আমাৰ অসম’ৰ প্ৰাক্নিৰ্বাচনী সমীক্ষা মতে, এইবাৰ মাৰ্ঘেৰিটাত বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া যুঁজ হ’ব৷ কংগ্ৰেছৰ অচিন্ত্য দাস , প্ৰবীণ ৰাজখোৱা আদিৰ লগতে শেহতীয়াকৈ চাহ জনগোষ্ঠীয় শক্তিশালী কংগ্ৰেছী নেতা হৰিনন্দ গড়ে দল ত্যাগ কৰিছে৷ তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ উপ-সভাপতি হৰিনন্দ গড়ৰ দলত্যাগ কংগ্ৰেছ শিবিৰৰ বাবে মোক্ষম আঘাত হিচাপে চিহ্নিত হৈছে৷ ৰাণী বৰদলৈৰ উপৰি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি মনোৰঞ্জন বৰগোহাঞি, তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক বাসুদেৱ চেত্ৰী, অসম প্ৰদেশ কংগ্ৰেছৰ ‘অন্যান্য পিছপৰা শ্ৰেণী’ বিভাগৰ সম্পাদক ৰুবুল গগৈৰ নাম কংগ্ৰেছ প্ৰাৰ্থীৰূপে চৰ্চালৈ আহিছে৷ সঞ্জয় কুমাৰ দেৱৰ নেতৃত্বত অসম জাতীয় পৰিষদে ইতিমধ্যে সমষ্টিটোত সাংগঠনিক ভেটি গঢ়ি তুলিবৰ বাবে ব্যাপক তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে৷