Logo
image

ধৰ্মপুৰত হ’ব তিনিকোণীয়া যুঁজ

আমাৰ অসম, ২৩ জানুৱাৰীঃ নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত ইতিমধ্যে কোবাইছে নিৰ্বাচনী বতাহে৷ ‘আমাৰ অসম’ৰ প্ৰাক্‌নিৰ্বাচনী সমীক্ষা মতে, এইবাৰ ধৰ্মপুৰত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব– বিজেপি, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত৷ বৰ্তমানৰ বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইবাৰো ধৰ্মপুৰত বিজেপিৰ প্ৰাৰ্থিত্ব পোৱাটো নিশ্চিত৷ কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে মূলতঃ চৰ্চিত হৈছে প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকা আৰু প্ৰভাৱশালী যুৱনেতা, সুদক্ষ তাৰ্কিক, বক্তা ৰাতুল পাটোৱাৰীৰ নাম৷ ইফালে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা প্ৰাক্তন আছুনেতা, সুবক্তা ড॰ শিখৰ কুমাৰ শৰ্মাই ধৰ্মপুৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব পোৱাটো নিশ্চিত৷ মূলতঃ এই তিনিটা শিবিৰৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ’ব যদিও ইয়াৰ ভিতৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কোনে পায় সেই প্ৰসংগ নিৰ্বাচনী ফলাফলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হ’ব৷ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকা আৰু বৰ্তমানৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মুখ দুখন সমষ্টিবাসীৰ বাবে পুৰণি৷ এই দুয়োজন প্ৰাৰ্থীকেই আগন্তুক নিৰ্বাচনত সৰহসংখ্যক ভোটাৰ ৰাইজে মনে-প্ৰাণে বিচৰা নাই৷ এই দুজন প্ৰাৰ্থীৰ মাজতেই ’৯৬ৰ নিৰ্বাচনৰ পৰা নিৰ্বাচনী মূল প্ৰতিদ্বন্দ্বিতা চলি আহিছে৷ সেয়েহে বহুসংখ্যক লোকে আগন্তুক নিৰ্বাচনত বিকল্প নেতাৰ পক্ষত থিয় দিয়াটো নিশ্চিত হৈ পৰাত ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে দলটোৰে নতুন মুখৰ কেইবাজনো যুৱ নেতাই৷ অকল বিজেপিতেই নহয় কংগ্ৰেছতো চৰ্চালৈ আহিছে নতুন মুখৰ প্ৰাৰ্থীৰ নাম৷ এনে প্ৰাৰ্থীয়ে সমষ্টিটোত ভাগে-ভাগে নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে৷ মন্ত্ৰী পাটোৱাৰী আৰু প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক প্ৰত্যাহ্বান জনাবলৈ আঞ্চলিকতাবাদী শিবিৰৰ পৰা এজন আৰু আন এজন ধৰ্মপুৰ বিকাশ মঞ্চৰ পৰা শক্তিশালী প্ৰাৰ্থী হিচাপে আগবাঢ়ি আহিছে৷ যুৱ মৰ্চাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ[আৰ এছ এছ] লৈকে কেইবাজনো নেতাৰ নাম উচ্ছাৰিত হৈছে যদিও তাৰ ভিতৰত অন্যতম এটা নাম হৈছে সমাজকৰ্মী তথা ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জ্যোতিৰ্ময় শৰ্মা৷   ৰাজ্যত নতুনকৈ গঠিত ‘অসম জাতীয় পৰিষদ’ৰ হৈ ধৰ্মপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ব্যাপক চৰ্চালৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ অধ্যাপক ড॰ শিখৰ কুমাৰ শৰ্মাৰ নাম৷ এফালে যদি নিৰ্দলীয় প্ৰাৰ্থী জ্যোতিৰ্ময় শৰ্মা আৰু আনফালে অজাপৰ প্ৰাৰ্থী শিখৰ কুমাৰ শৰ্মা হয়, তেন্তে নিৰ্বাচনী যুঁজখন হ’ব অধিক আকৰ্ষণীয় হ’ব আৰু এনে প্ৰাৰ্থীয়ে বিজেপি-কংগ্ৰেছৰ কাক লাভাবাণ্বিত কৰিব সেয়া আগন্তুক সময়ত স্পষ্ট হৈ পৰিব৷ ইপিনে, প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাই নেতৃত্ব দিয়া ধৰ্মপুৰ কংগ্ৰেছ শেহতীয়াভাৱে দুটা শিবিৰত বিভক্ত হৈ পৰা দেখা গৈছে৷ অৱশ্যে পূৰ্বৰে পৰা সমষ্টিটোত কংগ্ৰেছৰ দুটা শিবিৰ চলি আহিছে যদিও প্ৰাক্তন মন্ত্ৰী সেন ডেকাৰ বিপৰীত শিবিৰটোত নেতৃত্ব দিয়া নেতা সময়ে সময়ে সলনি হৈ আহিছে৷ এইবাৰ প্ৰাক্তন মন্ত্ৰী সেন ডেকাৰ আনটো শিবিৰৰ নেতৃত্ব লৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল পাটোৱাৰীয়ে৷ আগন্তুক নিৰ্বাচনৰ বাবে ধৰ্মপুৰত কংগ্ৰেছৰ নিজে প্ৰক্ষেপিত প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ শিবিৰতো থিয় দিছে একাংশই৷