Logo
image

উৎপল দত্ত ব্যৰ্থ, লখিমপুৰত তৎপৰ বিজেপিৰ যুৱ বাহিনী

আমাৰ অসম, ২৪ জানুৱাৰীঃ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত সাংগঠনিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ সমান্তৰালভাৱে আকৌ প্ৰতিটো ৰাজনৈতিক দলৰ পৰা বিভিন্নজনে টিকটৰ দাবীদাৰ হিচাপে সাংগঠনিক কাম-কাজ আগুৱাই নিয়া দেখা গৈছে৷ ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিটো অগপ-বিজেপি-কংগ্ৰেছ আদি দলসমূহে নিজৰ নিজৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি ভোটাৰৰ কাষ চপাৰ চেষ্টা কৰিছে৷ বিভিন্ন জাতি-জনগোষ্ঠী, ভোটাৰ বিন্যাসাৰে গঠিত এই সমষ্টিটোত এইবাৰ ২ লাখৰো অধিক ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব৷ ৰাজ্যৰ ভিতৰতে গুৰুত্বপূৰ্ণ বুলি বিবেচিত আৰু বহুতৰে দৃষ্টি নিবদ্ধ থকা ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিত এইবাৰ ৰাজনৈতিক যুঁজখন যে বেছ চমৎকাৰ হৈ উঠিব তাত কাৰো সন্দেহ নাই৷ কিয়নো অগপ-বিজেপি মিত্ৰজোঁটৰ দখলত থকা সমষ্টিটোৰ পৰা এইবাৰ অগপৰ প্ৰাৰ্থীয়ে নে বিজেপিৰ প্ৰাৰ্থীয়ে টিকট লাভ কৰিব তাক লৈ সকলো সন্দীহান হৈ আছে৷ বিগত বিধানসভা নিৰ্বাচনত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল দত্তই প্ৰায় ৫৩ হাজাৰ ভোট লাভ কৰি বিজয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ড॰ জয়প্ৰকাশ দাসে ৪০ হাজাৰ ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল৷ অৱশ্যে কংগ্ৰেছৰ টিকট নাপাই ৰাষ্ট্ৰীয় দলটোৰ পৰা ওলাই আহি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দি প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁয়ে ২৩ হাজাৰৰো অধিক ভোট লাভ কৰি আন নহ’লেও কংগ্ৰেছৰ প্ৰাৰ্থীজনক হৰুৱাবলৈ সক্ষম হৈছিল৷ এইবাৰো আকৌ কংগ্ৰেছৰ পৰা দুই শক্তিশালী নেতা তথা লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ড॰ জয়প্ৰকাশ দাস আৰু প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁয়ে কংগ্ৰেছৰ দলীয় টিকটৰ সবল দাবীদাৰ হিচাপে থিয় দিছে৷ ইয়াৰ মাজতে আকৌ যুৱ নেতা দীপেন বৰাকো সাংসদ ৰাণী নৰহে প্ৰক্ষেপ কৰা বুলি চৰ্চিত হৈছে৷ ঘন বুঢ়াগোহাঁই আৰু জয়প্ৰকাশ দাসে সমষ্টিত নিজা নিজা ষ্টাইলত সাংগঠনিক ভেটি সুদৃঢ় কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে৷ অৱশ্যে এইক্ষেত্ৰত ঘন বুঢ়াগোহাঁয়ে জে পি দাসতকৈ কিছু আগত আছে৷ প্ৰাক্তন কংগ্ৰেছ বিধায়কজনে সমষ্টিটোৰ বিভিন্ন চৰ-চাপৰি এলেকাতো সাংগঠনিক তৎপৰতা তীব্ৰ ৰূপত আগুৱাই নিয়া দৃষ্টিগোচৰ হৈছে৷ তেওঁ জ্যেষ্ঠ কংগ্ৰেছী, মুক্তিযোদ্ধা, গাঁও পঞ্চায়ত, মণ্ডল কংগ্ৰেছ আদিৰ কাষ চাপি আস্থা অৰ্জনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ৰাইজে বহু ঠাইত আঁকোৱালি লোৱাও পৰিলক্ষিত হৈছে৷ তেওঁ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত যথেষ্ট কষ্ট কৰা দিশতো কোনেও নুই কৰিব নোৱাৰে৷ ইফালে যদি অগপৰ কেন্দ্ৰীয় নেতা তথা প্ৰাক্তন মন্ত্ৰী উৎপল দত্তই দলৰ পৰা টিকট লাভ নকৰে তেনেহ’লে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিয়াৰো সম্ভাৱনা নুই কৰিব নোৱাৰি৷ লখিমপুৰত ২৫ বছৰো আধিক কাল আসন দখল কৰি অহা অগপৰ উৎপল দত্তই যদি টিকট নাপাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিয়ে তেন্তে নিৰ্বাচনত আটাইতকৈ লাভৱান হ’ব কংগ্ৰেছ দলৰ প্ৰাৰ্থীজন৷ কিয়নো বিজেপি আৰু অগপৰ মাজত ভোট বিভাজন হ’লে দুয়োটা দলৰ জয়ৰ সম্ভাৱনা তেনেই ক্ষীণ৷ উল্লেখ্য, এইবাৰ লখিমপুৰ সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থীক টিকট নিদিবলৈ বিজেপিৰ জিলা সমিতিয়ে অতি সঘনাই বিজেপিৰ শীৰ্ষ নেতৃত্বক দাবী জনাই আহিছে৷ ইয়াৰ বিপৰীতে গুৰুত্বপূৰ্ণ সমষ্টিটোৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীকহে দলীয় টিকট দিব লাগে বুলি তেওঁলোকে হেঁচা দি আহিছে৷ ফলত দুয়োটা দলৰ মাজত শীতল যুঁজ চলি আছে৷ এইবাৰ গেৰুৱা দলটোৰ পৰা প্ৰাৰ্থিত্বপ্ৰত্যাশী হিচাপে নাম উচ্ছাৰিত হৈছে সমাজকৰ্মী তথা লখিমপুৰ বি এড কলেজৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱা, বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱা, প্ৰাক্তন আছু নেতা জগদীশ দত্ত, যুৱ নেতা মানৱ ডেকা, ডাঃ মুকুল বৰা, ভদ্ৰেশ্বৰ বৰুৱা আদিৰ নাম৷ উল্লেখিত প্ৰত্যেকজনেই নিজৰ নিজৰ শৈলীত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ উল্লেখনীয় কথা যে, বিগত সংসদীয় নিৰ্বাচনত লখিমপুৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীজনে ৭৬ হাজাৰৰো অধিক ভোট লাভ কৰা কাৰ্যই দলৰ লোকসকলক উৎসাহিত কৰি আহিছে৷ কংগ্ৰেছে এম পি নিৰ্বাচনত সমষ্টিটোৰ পৰা লাভ কৰিছিল ৫১ হাজাৰ ৩৮৯ টা ভোট৷ বিজেপিৰ এক সূত্ৰই সদৰি কৰা অনুসৰি এইবাৰ বিজেপিয়ে অগপক সমষ্টিটো কেতিয়াও এৰি নিদিয়ে৷ মিত্ৰতা থাকিল বুলিয়েই এই আসনখন উৎপল দত্তই পাব লাগিব বুলি তেনে কোনো কথা নাই বুলিও সূত্ৰটোৱে  স্পষ্ট কৰি দিয়ে৷ ইফালে অগপৰ এক সূত্ৰ অনুসৰি এইবাৰো উৎপল দত্তই অগপৰ পৰা টিকট লাভ কৰাতো খাটাং৷ সম্ভৱতঃ নিৰ্বাচনত নিজে জন্ম দিয়া দলটো এৰি বিজেপিলৈ নাযাব বুলিয়েই ভাবিব পাৰি যদিও দুই একে উৎপল দত্তই টিকট নেপালে বিজেপিলৈ যাব পাৰে বুলিও ক’ব বিচাৰে৷ আকৌ বিজেপি আৰু অগপই বেলেগে বেলেগে প্ৰাৰ্থিত্ব দিয়াৰো সম্ভাৱনা ব্যক্ত কৰিছে এক সূত্ৰই৷ তেনেহ’লে দুয়োটা দলৰ ভোট বিভাজন হৈ কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাট সুগম কৰাতো প্ৰায় নিশ্চিত৷  উল্লেখ্য, আছুৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা জগদীশ দত্তৰ ঘৰ ঘিলামৰাত৷ প্ৰকৃততে সেয়ে তেওঁৰ বিৰুদ্ধে দলটোত এটা শক্তি সক্ৰিয় হৈ আছে৷ মানৱ ডেকাই যোৱা তিনি-চাৰি বছৰে লখিমপুৰত একপ্ৰকাৰে বাহৰ পাতি জনসম্পৰ্ক কৰি আছে৷ তেওঁৰ সৈতে হিমন্তবিশ্ব শৰ্মাৰ ঘনিষ্ঠতায়ো টিকট পোৱাত ডেকাক সহায় কৰিব বুলি ধাৰণা৷ দলৰ অন্যতম টিকটপ্ৰত্যাশী তথা জিলা সভাপতি ফণীধৰ বৰুৱায়ো বিভিন্ন সভা-সমিতিৰ জৰিয়তে ৰাইজৰ কাষ চপা পৰিলক্ষিত হৈছে৷ তেনেদৰে ৰুক্ম গোহাঁই বৰুৱায়ো আৰ এছ এছৰ ফালৰ পৰা সংকেত লাভ কৰি নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে৷ সুবক্তা তথা বিদ্বান লোক হিচাপে পৰিচিত ৰুক্ম গোহাঁই বৰুৱাকো ৰাইজে সমৰ্থন দিয়া পৰিলক্ষিত হৈছে৷ আনহাতে, ৰাজ্যত নতুনকৈ জন্মলাভ কৰা এজেপি আৰু ৰাইজৰ দলৰ কাম-কাজ এইপৰ্যন্ত সমষ্টিটোত অতি চালুকীয়া অৱস্থাতে আছে৷ নতুন দল দুটাই এতিয়াও জিলাখনত শক্তিশালী ৰূপত থিয় দিব পৰা নাই৷ অৱশ্যে উপযুক্ত নেতা অবিহনে লখিমপুৰত দল দুটাৰ সম্ভাৱনা সন্তোষজনক যে নহ’ব সেয়া ৰাইজৰ মুখে মুখে৷ অৱশ্যে তাৰ মাজতো দল দুটাই মূৰ ডাঙি উঠিবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে, কংগ্ৰেছৰ মহাজোঁটবন্ধনে লখিমপুৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই৷ উল্লেখ্য, বিধায়ক উৎপল দত্তৰ পূৰ্বৰ জনপ্ৰিয়তা সমষ্টিটোত সম্প্ৰতি কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ ৰাইজে বিচৰা ধৰণে তেওঁ কাম কৰিব পৰা নাই বুলিও বহুতে ক’ব খোজে৷ শেহতীয়াকৈ সোৱণশিৰিপৰীয়া ৰাইজক তেওঁ তাচ্চিল্য কৰাৰ খবৰে বিধায়কজনৰ ভাৱমূৰ্তি বহুলাংশে হ্ৰাস পোৱাৰ লগতে মিছিং জাতীয় সংগঠনে তেওঁক প্ৰত্যক্ষভাৱে নিৰ্বাচনী তথা দলীয় কাম-কাজত বাধা আৰোপ কৰি এক প্ৰকাৰে পুৰণি ৰাজনীতিবিদজনক প্ৰত্যাহ্বান জনাইছে৷ তেনেস্থলত এইবাৰ সমষ্টিটোৰ পৰা কোনে বিজয়ৰ নিচান উৰুৱাব তাক সহজে কোৱাতো জটিল হৈ পৰিছে৷ অৱশ্যে অগপ-বিজেপিৰ প্ৰাৰ্থী যদি একেজন হয় তেনেহ’লে মিত্ৰদলটোৰ জয়ৰ সম্ভাৱনাই অধিক৷ অন্যথা কংগ্ৰেছেহে সমষ্টিটো দখল কৰাতো প্ৰায় নিশ্চিত৷ ইয়াৰ মাজতে আকৌ ৰাণী নৰহৰ চিপৰাং মৰা ৰাজনীতিও লুকাই আছে৷ ৰাজনৈতিক কূটযুদ্ধত সিদ্ধহস্ত ৰাণীয়ে যদি দলত চিপৰাং মাৰিবলৈ নাপাহৰে তেতিয়াহে কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ জয়ৰ সম্ভাৱনা অধিক৷ অন্যথা আসনখন অগপ বা বিজেপিৰ হাতলৈ যোৱাতো নিশ্চিত৷ অৱশ্যে ইয়াৰ বাবে সকলোৱে নিৰ্বাচনী ফলাফললৈ অপেক্ষা কৰিব লাগিব৷