Logo
image

পদব্ৰজে বিমানবন্দৰত শ্বাহৰুখ উভতিল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ জুলাইঃ ৰোমান্সৰ বাদশ্বাহ শ্বাহৰুখ খান  আঘাতপ্ৰাপ্ত হয়নে নহয় সেইলৈ ৰহস্যৰ সৃষ্টি হৈছে৷  বিগত বহুদিন ধৰি তেওঁ ৰোমান্স এৰি ভৰপুৰ একচনত মন দিছে আৰু সেই একচনত লাগি থকাৰ ফলতে বিপত্তিৰ সন্মুখীন হোৱা বুলি মঙলবাৰে দেশ-বিদেশ মিডিয়াই খবৰ প্ৰচাৰ কৰিছিল৷ বিপত্তি ইমান গভীৰ আছিল বুলি কোৱা হৈছিল যে তেওঁ অৰ্থাৎ শ্বাহৰুখ খান শৰীৰত আঘাত লৈ আমেৰিকাৰ পৰা উভতি আহি মুম্বাইৰ ঘৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ অৱশ্যে কেনেকৈ আৰু কিমান গুৰুতৰ আঘাতৰ সন্মুখীন হ’ল, সেই সন্দৰ্ভত শ্বাহৰুখ খানৰ শিৱিৰ নিমাত আছিল৷ কিন্তু অসমৰ্থিত সূত্ৰৰ বাতৰি অনুসৰি লছ এঞ্জেল্‌ছত শ্বুটিং কৰি থাকোঁতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বলীউডৰ বাদশ্বাহ৷ সেই আঘাতৰ ফলত শ্বাহৰুখ খানৰ নাক ভাগি যায় আৰু বন্ধ নোহোৱাকৈ তেজ ওলাবলৈ ধৰে বুলি খবৰ প্ৰকাশ হৈছিল৷ লগে লগে তেওঁক লছ এঞ্জেল্‌ছৰ হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু এটা জৰুৰী অস্ত্ৰোপচাৰো হয় বুলি জানিব পৰা গৈছিল৷ খবৰ মতে, অস্ত্ৰোপচাৰৰ পাছত তেজ ওলোৱা বন্ধ হ’লেও নাকত বেণ্ডেজ লৈ শ্বুটিং কৰা অসম্ভৱ হৈ পৰে৷ সেয়ে শ্বাহৰুখ খান লছ এঞ্জেল্‌ছৰ পৰা মুম্বাইলৈ উভতি আহে আৰু সম্প্ৰতি তেওঁ নিজ বাসভৱন মন্নতত বিশ্ৰাম লৈ আছে৷ অৱশ্যে আঘাত, শ্বুটিং ইত্যাদি সন্দৰ্ভত শ্বাহৰুখৰ শিৱিৰে কোনো তথ্য প্ৰকাশ কৰা নাই৷ কিন্তু বুধবাৰে পুৱা শ্বাহৰুখ খানক সুস্থ শৰীৰে মুম্বাইৰ বিমান বন্দৰত দেখা যায়৷ তেওঁ পত্নী গৌৰী খান  আৰু পুত্ৰৰ সৈতে পুৱা চাৰি বজাত বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই আহে৷ সেই সময়ত তেওঁৰ নাকত কোনো বেণ্ডেজ নাছিল৷  সেয়ে শ্বাহৰুখ খানৰ আঘাতৰ খবৰক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ এই খবৰ তেওঁৰ কোনো ছবিৰ বাবে প্ৰচাৰ বুলিও এতিয়া বহুতে ভাবিবলৈ বাধ্য হৈছে৷ উল্লেখ্য, ছবিৰ ষ্টাণ্ট দৃশ্যসমূহ শ্বাহৰুখ খানে নিজেই কৰে৷ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাছিল৷ ইয়াৰ ফলতে আঘাতৰ সন্মুখীন হোৱা বুলি প্ৰচাৰ হৈছিল৷ বলীউডী ছবিৰ ৰোমান্সৰ ৰজা শ্বাহৰুখ খানৰ দৰে প্ৰেম আৰু ৰোমান্সৰ দৃশ্য সাম্প্ৰতিক কালত ফুটাই তুলিব পৰা দ্বিতীয়জন নাই বুলি কোৱা হয়৷ সেয়ে ‘ডিডিএলজে’ই হওঁক বা তাৰ ছিকুৱেল ‘দিলৱালে’৷ ‘ডৰ’ বা ‘বাজীগৰ’ৰ আপাত নৃশংস প্ৰেমৰ পৰা ‘কুছ কুছ হোতা হ্যে’ৰ দিনলৈ প্ৰেম আৰু ৰোমান্সৰ বাদশ্বাহলৈ উত্তৰণ ঘটিছিল শ্বাহৰুখৰ৷ কিন্তু অতি সম্প্ৰতি শ্বাহৰুখ মগ্ন কেৱল একচন ছবিত৷ ৪ বছৰৰ পাছত মুক্তি পোৱা ‘পাঠান’ ছবি আছিল একচনেৰে পৰিপূৰ্ণ৷ এতিয়া মুক্তিৰ অপেক্ষাত থকা ‘জৱান’তো ভৰপুৰ একচন৷ শ্বাহৰুখ খানৰ এতিয়া ইমানেই একচন-প্ৰীতি যে যোৱা ভেলেণ্টাইন ডে’ত শ্বাহৰুখৰ প্ৰেমৰ ‘ইপিক’, ‘দিলৱালে দুলহনীয়া লে জায়েংগে’ পুনৰ দেশজুৰি প্ৰযোজকে মুক্তি দিয়াত তেওঁ মুকলিকৈ বিৰক্তি প্ৰকাশ কৰি কৈছিল– ‘বহু চেষ্টা কৰি নিজকে একচন হিৰো সজাইছোঁ, আকৌ সেই প্ৰেমৰ ছবি তেওঁলোকে ঘূৰাই আনিলে৷’