Logo
image

অখিল, লুৰীণ আৰু মই এক হ’লে বিজেপি শেষ! গৌৰৱ

আমাৰ অসম, ২৫ জানুৱাৰীঃ ‘বিজেপি চৰকাৰৰ এটা মানসিক বেমাৰ আছে৷ সেইটো হৈছে তেওঁলোকে ভাৰতৰ জন্ম ২০১৪ৰ পাছত হৈছে বুলি ভাৱে৷ কংগ্ৰেছে একো কৰা নাই বুলি কয়৷ গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, বগীবিল, ধলা-শদিয়া দলং আদি কাৰ দিনত হ’ল? বিজেপিৰ এমিনিয়া বেমাৰ হৈছে৷ এইটো ৰোগৰ কিবা যদি দৰৱ অথবা টেবলেট আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-অমিত শ্বাহক খাবলৈ পৰামৰ্শ দিয়ক হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁলোকৰ এতিয়া এটা নতুন ভয় হৈছে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈক কংগ্ৰেছৰ মহাজোঁটত অংশগ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছিলো৷ মই কি ভুল কৰিলো? তাতেই তেওঁলোকৰ ভয়৷ লুৰীণজ্যোতি গগৈ, অখিল গগৈ আৰু মই যদি একেলগে অসম ঘূৰি দিওঁ, তেন্তে অসমত বিজেপি চৰকাৰ উফৰি পৰিব৷ তেওঁলোকৰ লগত আমাৰ মনৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থত আমি একলগ হোৱাটো অতি জৰুৰী৷’ – দেওবাৰে এইদৰে মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে৷ চামগুৰি সমষ্টিৰ আমবাগানত অনুষ্ঠিত এক বিশাল যুৱ সমাৰোহত অংশগ্ৰহণ কৰি লোকসভাৰ উপ-দলপতি গগৈয়ে লগতে কয়, যিসকলে কংগ্ৰেছ মুক্ত সপোন দেখি আছে তেওঁলোকক চামগুৰি সমষ্টিলৈ আহিবলৈ আহ্বান জনাইছো৷ ২০২১ত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰি কয়, তৰুণ গগৈৰ নেতৃত্বত অসমত ১৫ বছৰ চৰকাৰ হৈছিল আৰু এইবাৰ ২০ বছৰৰ বাবে কংগ্ৰেছৰ চৰকাৰ হ’ব৷ বিজেপিৰ দিনত পৰিবৰ্তনৰ নামত ধনী সকল ধনী হৈ গ’ল আৰু দুখীয়া সকল দুখীয়া হৈ গ’ল৷ তেওঁলোকে আম্বানি আৰু আদানিৰ কথাহে ভাৱে৷ দুখীয়া ৰাইজৰ কথা চিন্তা নকৰে৷ বিজেপি চৰকাৰখন আকাশতহে আছে, মাটিত নাই৷ দেওবাৰে বিজেপিয়ে জোঁৰ সমদললৈও ভয় কৰে৷  প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিৰ আমবাগানৰ জগধাত্ৰী পূজা মণ্ডপৰ বাকৰিত দেওবাৰে অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল ‘যুৱ একতা সমাৰোহ’ৰ৷ এই সমাৰোহৰ আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই৷  অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাই এই সমাৰোহত অংশগ্ৰহণ কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰে৷ ভাষণ প্ৰসঙ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ সভ্যতাক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে যুৱ-যুৱতীৰ সংস্থাপন আৰু চাকৰি কেতিয়া দিব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷ নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ সুস্মিতা দেৱে নিজৰ ভাষণত কয়, - ‘বৰাকত ডাঙৰ ডাঙৰ হৰ্ডিঙত এফালে সৰ্বানন্দ সোণোৱাল আনফালে হিমন্ত বিশ্ব শৰ্মা আৰু মাজত ২৫ লক্ষ চাকৰি৷ ক’ত গ’ল সেই প্ৰতিশ্ৰুতি৷ সাম্প্ৰদায়িক আৰু দুখীয়াৰ শত্ৰু বিজেপিয়ে অসমৰ বঙালী সকলৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰো প্ৰধান শত্ৰু৷ ‘সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস আজিৰ সমাৰোহত উপস্থিত থাকি নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি অশিক্ষিত প্ৰধানমন্ত্ৰীয়ে শিক্ষিত যুৱক-যুৱতীৰ সমস্যাৰ কথা কিদৰে সমাধান কৰিব৷ দেশৰ সমস্যা সন্দৰ্ভত ৰাহুল গান্ধীৰ সন্মুখীন হ’বলৈ ভয় কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে মিছাৰ ওপৰত মিছাৰ আশ্ৰয় লৈ আহিছে বুলি উল্লেখ কৰে৷ কংগ্ৰেছ দলত নতুনকৈ যোগদান কৰা, শক্তিশালী নাৰীকণ্ঠ মীৰা বৰঠাকুৰে নিজৰ ভাষণত কয়,- ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিলৈকে এখনো সংবাদ মেল সম্বোধন কৰিবলৈ কিয় সাহস হোৱা নাই তাৰ উত্তৰ লাগে৷ তেওঁৰ মিছা কথাবোৰ আমি ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰিম, উত্তৰ বিচাৰিম৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি বৰঠাকুৰে কয়,- বিজেপিত থাকি মামাই যি অত্যাচাৰ পাইছে তেৱোঁ নিবিচাৰে পুনৰ অসমত বিজেপি চৰকাৰ হওক৷ আজিৰ এই যুৱ সমাৰোহত নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় শিকাৰা, সামাজিক মাধ্যমৰ মনোজ জৈন, কংগ্ৰেছ নেতা প্ৰীতম কৰ্মকাৰ, অংকিতা দত্ত, তমৰুল ইছলাম, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাকে ধৰি বহু কেইজন কংগ্ৰেছৰ নেতা উপস্থিত থাকে৷