Logo
image

‘মিঞা’ৰ বিৰুদ্ধে অসমীয়াক প্ৰতিযোগিতাত নামিবলৈ ক’লে স্বয়ং মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুলাইঃ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছত এইবাৰ মিঞাৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিবলৈ অসমীয়াক আহ্বান জনালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সাংসদ বদৰুদ্দিন আজমলে অসমীয়া সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–বদৰুদ্দিন আজমলে ঠিকে কৈছে, মিঞা অবিহনে যে অসম নহয়৷ এইটো কথা ময়ো অনুভৱ কৰোঁ৷ অসমত ঈদৰ দিনা গোটেই বাছবিলাক নোহোৱা হৈ যায়৷ আজমলে যে আমাক ইতিকিং কৰিছে সেইটো তথ্যগতভাৱে ইতিকিং কৰিছে৷ অসমীয়া মানুহে যে কাম কৰে আৰু মিঞাই যে কাম অলপ বেছি কৰে তাক লৈ আমি দ্বিমত কৰিব নোৱাৰোঁ৷ ঈদৰ দুদিন গুৱাহাটীত কোনো যান-জঁটে নাছিল৷ তাৰ মানে গুৱাহাটী মহানগৰীত চবজি বেপাৰৰ পৰা ট্ৰাক-বাছ-ৰিক্সা চলোৱালৈকে গোটেইখিনি মিঞাই কৰে৷ বদৰুদ্দিন আজমলে যিটো কথা কৈছে সেইটো আমি জাতিটোৰ প্ৰতি অপমানসূচক হিচাপে গণ্য কৰিব লাগে৷ অসমীয়াই ইয়াৰ প্ৰতিশোধ ল’ব লাগে কৰ্ম-সংস্কৃতিৰ মাজেদি৷ আজি যে আজমলেও আমাক ইতিকিং কৰিব পৰা হ’ল সেইটো আমাৰ গাত বিন্ধিব লাগিব৷ মোৰ গাত বিন্ধিব লাগিব৷ অসমীয়া ল’ৰাবিলাকে এই কামবিলাক আজুৰি ল’ব লাগিব, কাজিয়া কৰি নহয়৷ কেইদিনমান আগতে অমিত শ্বাহৰ মিটিং আছিল৷ মিটিংখন ঈদৰ দিনত পৰিল৷ মই মিটিংখন বাতিল কৰিবলগীয়া হ’ল৷ সকলোৱে ক’লে যে সেইদিনা বাছ পোৱা নাযাব৷ সকলো বাছৰ ড্ৰাইভাৰ মিঞা৷ গুৱাহাটীত যিমান বাছ আছে সেই গোটেই বাছৰ ৮০ শতাংশ ড্ৰাইভাৰ মিঞা৷ অ’লা-উবেৰৰ ৭০ শতাংশ ড্ৰাইভাৰ মিঞা৷ তেওঁলোকে যথেষ্ট উপাৰ্জনো কৰে৷ চৰকাৰে আঁচনিও দিবলৈ সাজু আছে৷ গতিকে বদৰুদ্দিন আজমলে যিটো ইতিকিং কৰিছে, তাক ইতিকিং হিচাপে ল’ব লাগে আৰু আমি লাচিত বৰফুকন, চিলাৰায়ৰ নাম লৈ জীয়াই থকা প্ৰাণৱন্ত অসমীয়াসকল এই প্ৰত্যাহ৩ান গ্ৰহণ কৰিব লাগে৷ আগন্তুক ৰ বছৰৰ ভিতৰত উজনীৰ প্ৰতিটো সমষ্টিত পৰা যদি ২০০জন ড্ৰাইভাৰ আহে, মধ্য অসমৰ প্ৰতিটো সমষ্টিৰ পৰা আহে তেন্তে গুৱাহাটী আমি পৰিষ্কাৰ কৰি দিব পাৰোঁ৷ ফ্লাই অভাৰৰ তলত যিমান সবজি বেপাৰী আছে তাত আমি বেপাৰ কৰিব পাৰোঁ৷ গাঁৱত সবজিৰ দাম কম৷ ইয়াত তেওঁলোকে ব্যৱসায় কৰে৷ তেওঁলোকেহে দাম বেছি লয়৷ অসমীয়া বেপাৰী হ’লে অসমীয়াৰ পৰা ইমান বেছি দাম নল’লেহেঁতেন৷ সবজিৰ বেছি দামকোনে লৈ আছে এইকেইদিন? মিঞা বেপাৰীবিলাকে বেছি দাম লৈ আছে৷ অসমীয়া বেপাৰী হ’লে নিজৰ পৰা আমি ইমান বেছি দাম নল’লোঁহেঁতেন৷ সেইকাৰণে ফ্লাই অভাৰ মই খালী কৰি দিম৷ শংকৰদেৱ কলাক্ষেত্ৰৰ ফ্লাই অভাৰ মই খালী কৰি দিলোঁ৷ গুৱাহাটীৰ গোটেই ফুটপাথ মই খালী কৰি দিম৷ অসমীয়া মানুহখিনি ওলাই আহক৷ আজমলে যি কৈছে অসমীয়া মানুহে ইয়াক অপমান বুলি ল’ব লাগে৷ আজমলৰ দৰে মানুহেও অসমীয়া জাতিক অপমান কৰিব পৰা হ’ল৷ তাতকৈ দুখৰ কথা কি থাকিব পাৰে৷ ১০০টা মেডিকেল ছীটৰ ৪৫ট তেওঁলোকৰ মানুহে পাইছে৷ কিন্তু আমাৰ মানুহে নপঢ়াটো বেয়া হৈছে৷ গাঁৱে গাঁৱে ছুপাৰ-১০, ছুপাৰ-৩০ খোলক ডাঙৰ ডাঙৰ কথা কোৱা মানুহবোৰে৷ আজমলৰ জয়গান গাই কি লাভ আছে৷ আজমলে স্বৰ্গৰ পৰা প্ৰফেচৰ অনা নাই৷ আজমলৰ প্ৰফেচৰবিলাকতো আমাৰেই মানুহ৷ প্ৰতিটো সমষ্টিত ছুপাৰ-৩০ খুলিব লাগে বিধায়কসকলে৷ মিঞাৰ আসন কিয় বেছি হ’ব লাগে৷ অসমত অসমীয়াৰ ছীট বেছি হ’ব লাগে৷