Logo
image

’২৪ৰ ভোটৰ পূৰ্বে মন্ত্ৰীসভা সাল-সলনি নহয়

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১৬ জুলাইঃ সকলো জল্পনা কল্পনা নস্যাত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে স্পষ্ট কৰি দিলে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভাৰ সালসলনি অথবা সম্প্ৰসাৰণ নহয়৷ সলনি নহয়  দলৰ ৰাজ্যিক সভাপতি৷ পিছে লোকসভা নিৰ্বাচনৰ পিছত তথা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভাৰ বৃহত সালসলনি হব৷ মন্ত্ৰীসভাৰ সালসলনিকলৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়– ‘এনেকুৱা কোনো কথা নাই৷ লোকসভা নিৰ্বাচনৰ আগত মন্ত্ৰীসভাৰ কোনো সম্প্ৰসাৰণ নহয়৷ কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আমাৰ বিধানসভা নিৰ্বাচনৰ আগত নিশ্চয়কৈ ডাঙৰ পৰিবৰ্তন এটা হ’ব৷’ আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি সলনিকলৈ কয়– সভাপতি পদৰ নিৰ্দিষ্ট এটা কাৰ্যকাল থাকে৷ আধাতে সভাপতি সলনি কৰাৰ কোনো অবকাশ বিজেপিত নাথাকে৷ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি খচৰা প্ৰকাশ পাইছে সেই অনুসৰি লোকসভা নিৰ্বাচন অনুষ্ঠিত হলে অসমত বিজেপিয়ে ১৪খন আসনৰ ভিতৰত ১১-১২খন আসন অনায়াসে লাভ কৰিব বুলি ডঃ শৰ্মাই দাবী কৰে৷ অসমত বিজেপিৰ পৰিবেশ ‘বৰ ধুনীয়া’ হৈ আছে তথা লোকসভা নিৰ্বাচন আমি সুন্দৰকৈ পাৰ কৰি দিম বুলিও মুখ্যমন্ত্ৰীজনে সাংবাদিকৰ আগত মন্তব্য কৰে৷ কালি সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা আলোচনাকালত ৰাজনৈতিক কোনো বিষয়ত আলোচনা হোৱা নাই বুলি দাবী কৰি তেওঁ কয় যে অসমত বিজেপিৰ যি স্থিতি তাত কাৰো সৈতে ৰাজনৈতিক আলোচনাৰ কোনো প্ৰয়োজন নাই৷ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ চলি থকা বিতৰ্ক সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়– ডিলিমিটেচনকলৈ বিৰোধীয়ে কিবা ইছ্য়ু কৰিছে বুলি মই নাভাবো৷ দু এজন ৰাইজে কেবল বিচাৰিছে যে তেওঁলোকৰ সমষ্টিৰ নামটো সলনি কৰিব লাগে৷ কোনোবাই বিচাৰিছে যে গাওঁখন লগলগাই দিব লাগে৷ আকৌ কোনোবাই বিচাৰিছে যে সমষ্টিটো নোহোৱা হৈ গৈছে আনি দিব লাগে৷ পিছে কোনেও সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰা নাই৷ এইবোৰ সৰু সৰু সমস্যা৷ ১৯, ২০ আৰু ২১ জুলাইত গুৱাহাটীত গ্ৰহণ কৰিব লগীয়া শুনানীৰ সময়ত নিৰ্বাচন আয়োগৰ ওচৰত নিজৰ নিজৰ আপত্তি জনালেই ৯৯ শতাংশ সমস্যা সমাধান হৈ যাব৷ অসম চৰকাৰৰ পৰাও আয়োগৰ ওচৰত কিছু পৰামৰ্শ আগবঢ়োৱা হৈছে৷ যেনে আমগুড়ি সমষ্টিটো নোহোৱা হৈছে৷ আমি বিচাৰিছো যে সমষ্টিটো বাহাল থাকক৷ আকৌ ধলাই সমষ্টিৰ নামটো থাকিব লাগে৷ আমি পৰামৰ্শহে দিব পাৰো৷ সিদ্ধান্ত জাপি দিয়াৰ একো নাই৷

আশাহত মন্ত্ৰিত্ব প্ৰত্যাশী বহু বিজেপিৰ বিধায়ক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ লোকসভা নিৰ্বাচনলৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বা প্ৰদেশ বিজেপিৰ সভাপতি সলনি নহয় বুলি শনিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কৰা মন্তব্যই বিজেপি দলৰ বহু মন্ত্ৰিত্ব প্ৰত্যাশী বিধায়কক আশাহত কৰিলে৷ বৰ্তমানো ড॰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাত ৰটা মন্ত্ৰী পদ খালী হৈছে৷ ইয়াৰ উপৰিও একাধিক মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যৰ্থতাৰ ধাৰাবাহিক অভিযোগ৷ একেই অভিযোগ উত্থাপিত হৈছে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধেও৷ সেয়ে বৰ্তমানৰ মন্ত্ৰীসভাৰ পৰা ৬-৭ জন মন্ত্ৰী বাদ পৰিব বুলি বিজেপি দলৰ বহু বিধায়কে আশা পালি আছিল৷ আনহাতে উজনী অসমত আহোম ভোট বেংক অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত প্ৰদেশ বিজেপিৰ সভাপতি পদৰ পৰা ভৱেশ কলিতাক অপসাৰণ কৰি সেই স্থানত মন্ত্ৰী যোগেন মহনক বহুবাৰ জল্পনা-কল্পনা আৰু ব্যপাক চৰ্চা চলি আছিল বাজপেয়ী ভৱন আৰু দিছপুৰত৷ আনহাতে সুশান্ত বৰগোহাইৰ দৰে আহোম জনগোষ্ঠীৰ শক্তিশালী নেতা এজনক মন্ত্ৰীসভালৈ অনাৰ বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছিল৷ ইয়াৰ সমান্তৰালভাৱে মন্ত্ৰিত্ব প্ৰত্যাশী অন্য একাংশ বিধায়কেও মন্ত্ৰীসভাৰ আগন্তুক সম্প্ৰসাৰণ বা ৰদ বদলত স্থান লাভ কৰিব বুলি যথেষ্ট আত্মবিশ্বাসী হৈ আছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ আজিৰ ঘোষণাই যেন এইসকলৰ আশাত চেঁচাপানী ঢালি দিলে৷ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ এতিয়াও প্ৰায় ৰ বছৰ আছে৷ লোকসভাৰ নিৰ্বাচনৰ পাছতে বিধানসভাৰ নিৰ্বাচনলৈ সাজু হোৱাৰ সময় আহি পৰিব৷ যাৰ ফলত মুখ্যমন্ত্ৰীৰ এই ঘোষণাই যেন অধিক আশাহত কৰি তুলিছে মন্ত্ৰিত্ব প্ৰত্যাশী বিধায়কসকলক৷ বাজপেয়ী ভৱনৰ সূত্ৰৰ মতে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভা সাল-সলনি বা সম্প্ৰসাৰণ কৰি দলৰ একাংশ বিধায়কৰ মাজত ক্ষোভ অসন্তুষ্টিৰ পৰিৱেশ এটা সৃষ্টি কৰি ল’ব বিচৰা নাই মুখ্যমন্ত্ৰীয়ে৷ এই ক্ষোভ আৰু অসন্তোষে নিৰ্বাচনত প্ৰভাব পেলাব বুলিও আশংকা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ সেয়ে নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কোনো ধৰণৰ ৰিক্স ল’ব বিচৰা নাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰাৰ পিছতে শনিবাৰে মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্ত সদৰি কৰে৷