Logo
image

ভাৰতৰে বাণিজ্য চুক্তি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ জুলাইঃ ফ্ৰান্সৰ চৰকাৰী ভ্ৰমণ সামৰি দেশলৈ উভতি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ [ইউএই] চৰকাৰী আলহী হৈছে৷ প্ৰধানমন্ত্ৰী মোদীক শনিবাৰে দেশখনৰ ‘ক্ৰাউন প্ৰিন্স’ তথা ৰাষ্ট্ৰপতি শ্বেখ খালেদ বিন মহম্মদ বিন জায়েডে আবুধাবিৰ অল নাহয়ান বিমানবন্দৰত আদৰণি জনায়৷ উল্লেখ্য ৯ বছৰীয়া কাৰ্যকালত প্ৰধানমন্ত্ৰী মোদীৰ মধ্যপ্ৰাচ্যৰ দেশখনত এয়া পঞ্চমবাৰৰ পদাৰ্পন৷ ‘ক্ৰাউন প্ৰিন্স’ জায়েডে প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে শনিবাৰে বিৰাট ভোজৰ আয়োজন কৰে৷ দুই ৰাষ্ট্ৰপ্ৰধানে পাৰস্পৰিক বাণিজ্যিক বিষয়ক লৈ আলোচনাত মিলিত হয়৷ দুয়োৰে উপস্থিতিত ভাৰত আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তি অনুসৰি উভয় দেশে বাণিজ্যিক ক্ষেত্ৰত এতিয়াৰ পৰা নিজ নিজ মুদ্ৰা ব্যৱহাৰ কৰিব৷ ইয়াৰ ফলত পাৰস্পৰিক বাণিজ্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷