Logo
image

বানত বুৰিল কাজিৰঙা, ধেমাজি বিপৰ্যস্ত

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১৭ জুলাইঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল৷ বানৰ বাবে বিপদৰ গৰাহত পৰিছে কাজিৰঙাৰ বন্যপ্ৰাণী৷ অৰুণাচল প্ৰদেশৰ লগতে উজনি অসমত নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাত শনিবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ খাল-বিলবোৰৰ লগতে দ অঞ্চলবোৰ পানীৰে পূৰ্ণ হৈ পৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে সাংবাদিকক জানিবলৈ দিয়া মতে ব্ৰহ্মপুত্ৰৰ  বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সৃষ্টি কৰিছে যদিও এতিয়ালৈকে বন্যপ্ৰাণীৰ বাবে ভয়ংকৰ সমস্যাৰ সৃষ্টি হোৱা নাই৷ গঁড়, হাতী, পহু আদি বন্যপ্ৰাণীৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওখ ঠাইত আশ্ৰয় লোৱাৰ লগতে বন বিভাগে কৃত্ৰিমভাৱে নিৰ্মাণ কৰা হাইলেণ্ডত কিছু বন্যপ্ৰাণীয়ে আশ্ৰয় লৈ আছে৷ তদুপৰি, উদ্যানৰ সঞ্চালকে আৰু জানিবলৈ দিয়া মতে এতিয়ালৈকে ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ৫৬টা বন শিবিৰৰ তলত পানী সোমাইছে৷ কিছু চাং বন শিবিৰৰ তলত তিনিফুটপৰ্যন্ত পানী সোমাইছে৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথটো বানৰ সৃষ্টি কৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰধানকৈ অগৰাতলি বনাঞ্চলৰ চ্ছটা বন শিবিৰৰ তলেদি পানী বৈ আছে বুলি বিভাগীয় সূত্ৰে প্ৰকাশ৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ বন সংমণ্ডলৰ ছটা আৰু লাওখোলা বুঢ়াচাপৰিৰ অভয়াৰণ্যৰ দুটা বন শিবিৰৰ তলত পানী সোমাইছে৷ ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি হৈ থকালৈ চাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী পৰৱৰ্তী সময়ত অধিক হোৱাৰ সম্ভাৱনা আছে৷ যাৰ কাৰণে নিৰাপত্তাৰ খাতিৰত উদ্যানৰ ভিতৰত থকা বন বিভাগৰ পোহনীয়া হাতীবোৰক পিলখানালৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে উদ্যান কতৃৰ্পক্ষই৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান হোৱাত বিশেষকৈ বিশ্বনাথ বন সংমণ্ডল এলেকাত কিছু পহু আশ্ৰয় লোৱাৰ বাবে গাঁৱলৈ অহাত ভতুৱা কুকুৰৰ আক্ৰমণত আহত হোৱাৰ খবৰ পোৱা নাই৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে জানিবলৈ দিয়া মতে, ইতিমধ্যে আশ্ৰয় বিচাৰি অহা তিনিটা পহু কুকুৰৰ আক্ৰমণত আহত হৈছে৷ এইক্ষেত্ৰত গাঁৱৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনবোৰক উদ্যানৰ সঞ্চালকে আহ্বান জনাইছে৷ আনহাতে,  উদ্যানখনত বান হৈছে যদিও এতিয়ালৈকে গঁড়, হাতী আদি বন্যপ্ৰাণী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনিলৈ গতি কৰা নাই৷ ইফালে ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগৰ তৰফৰ পৰা বেৰিকেড স্থাপন কৰাৰ উপৰিও বনকৰ্মীয়ে দিনে- নিশাই পেট্ৰ’লিঙৰ ব্যৱস্থা কৰিছে৷ কাজিৰঙাৰ বনকৰ্মীক বিশেষকৈ বানৰ সময়ত সহযোগ কৰিবলৈ আন জিলা আৰু বন সংমণ্ডলৰ পৰা কিছু অতিৰিক্ত বনকৰ্মী কাজিৰঙালৈ আমন্ত্ৰণ কৰি অনা হৈছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত বন্যপ্ৰাণীয়ে নিজৰ প্ৰাণৰক্ষাৰ তাড়নাত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ ঢাপলি মেলে৷ তেনে সময়তে তীব্ৰবেগী গাড়ীৰ খুন্দাত বন্যপ্ৰাণী মৃত্যুমুখত পৰে৷

ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে জীয়াধলৰ পানী

‘আমাৰ অসম’ৰ ধেমাজিৰ বিশেষ প্ৰতিনিধি আৰু প্ৰতিনিধিঃ বানত বিপৰ্যস্ত ধেমাজি৷ ধেমাজিত ভয়াৱহভাৱে বৃদ্ধি পাইছে জীয়াধলৰ জলস্তৰ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বিপজ্জনকভাৱে বাগৰিয়েই আছে জীয়াধলৰ বাঢ়নী পানী৷ জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে ওফন্দি উঠা ধেমাজিৰ চকুলোসদৃশ জীয়াধল নৈৰ বানে জিলাখনলৈ আতংক কঢ়িয়াই আনিছে৷ খৰস্ৰোতা জীয়াধলৰ পানী ধেমাজিৰ ভজো গাঁৱৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰাৰত পুনৰবাৰ বহিঃবিশ্বৰে ধেমাজিৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ আংশকা ঘনীভূত হৈছে৷ আজি পুৱাৰে পৰা ফেনে-ফোটোকাৰে ওফন্দি উঠা জীয়াধলৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথছোৱা নৈলৈ ৰূপান্তৰ কৰা দেখা গৈছে৷ প্ৰচণ্ড গতিৰে বৈ অহা পানীৰ ধলে ব্যাপক সোঁতৰ সৃষ্টি কৰাত যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈছে৷ ঘাইপথছোৱাৰ ওপৰেৰে প্ৰায় একাঁঠু পৰ্যন্ত পানী বাগৰাত বিপদসংকুলভাৱে যান-বাহনসমূহ পাৰাপাৰ হ’বলগা হৈছে৷ সম্প্ৰতি অতি বিপদসংকুলভাৱে পথছোৱাৰে যাতায়াত অব্যাহত আছে যদিও যিকোনো মুহূৰ্ততে পথছোৱাৰে যাতায়াত ব্যাহত হোৱাৰ আশংকা কৰা হৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ সমান্তৰালভাৱে জীয়াধলৰ বাঢ়নী পানীয়ে ন-আলি ভজুগাঁও, দিহিৰী, জীয়াধল মিচং, জীয়াধল দিহিৰী, হেঁচুলি, কেঁকুৰি, ডুলুংকান, ঘেয়াৰী, চেঁচাসৰ, শালমাৰী, গৰৈমাৰী, ভঁজো গাঁওকে আদি কৰি প্ৰায় একুৰিতকৈ অধিক গাঁও জলমগ্ন কৰাৰত বিস্তৃৰ্ণ অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শ শ হেক্টৰ কৃষিভূমি বুৰাই পেলাইছে জীয়াধলৰ বানে৷ ইফালে বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত খাদ্য-সামগ্ৰী যোগান নধৰাৰ অভিযোগ কৰিছে বানাক্ৰান্তই৷ ঘৰ-বাৰী, কৃষিভূমি পানীৰে বুৰাই পেলোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ মাজত আবদ্ধ হৈ পৰিছে বানবিধস্ত ৰাইজ৷ তদুপৰি বিশুদ্ধ খোৱাপানীৰ অভাৱত পৰিছে বানাক্ৰান্ত৷ ইফালে ৰাষ্ট্ৰীয় ঘাইপথেৰে ভয়াৱহভাৱে পানী বাগৰি থকা অংশত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে আৰু আৰক্ষীৰ তদাৰকীত বিপদসংকুলভাৱে যান-বাহন পাৰাপাৰ কৰাই থকা হৈছে৷

বানাক্ৰান্ত চিলাপথাৰত খাদ্যসংকট

‘আমাৰ অসম’ৰ চিমেন চাপৰিৰ প্ৰতিবেদকঃ বানমুক্ত অসম গঢ়াৰ সপোন দেখুৱাই দিশপুৰত শাসনৰ বাঘজৰী দখল কৰিবলৈ সক্ষম হোৱা বিজেপি চৰকাৰে ৰাজ্যৰ বানসমস্যা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব পৰা নাই৷ কাৰণ জোনাই সমষ্টিৰ মুক্তিয়াৰ গাঁও পঞ্চায়ত সোণাৰীঘাট আৰু নামনি চিচিটঙানি পঞ্চায়তৰ কিছু অঞ্চল দেখিলে আপুনি সেয়া অনুমান কৰিব পাৰিব৷ শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে অসমত হোৱা মুষলধাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰ৷  জোনাই সমষ্টিৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত মুক্তিয়াৰ গাঁও পঞ্চায়তৰ ঐতিহাসিক সোণাৰিঘাটত ব্ৰহ্মপুত্ৰই লৈছে খহনীয়াই তাণ্ডৱ৷ পঞ্চায়তখনৰ ৰনং আৰু ২নং সোণাৰিঘাটলৈ সংযোগী পথটোক পঞ্চায়ততে এমজিএনৰেগা আঁচনিৰ আধীনত প্ৰায় ৩০লক্ষাধিক টকাৰে মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও বিগত বছৰত লুইতৰ কালবানত ব্ৰহ্মপুত্ৰৰ বুকুত নিমিষতে চুৰ্ণ-বিচূৰ্ণ হৈ পৰে৷ জোনাই সমষ্টিৰ অন্তৰ্গত মুক্তিয়াৰ গাঁও পঞ্চায়তৰ পাঁচখন গাঁও ক্ৰমে- কেইবাদিন ধৰি প্ৰবল বৰষুণ দিয়াৰ ফলত ১নং আৰু ২নং সোণাৰিঘাট, মেদি পমুৱা, দিগলী পাম এই গাঁওসমূহত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নীপানীয়ে সম্পন্নৰূপে ধবংস কৰি পেলাইছে৷ অঞ্চলটোত পশুধনৰ খাদ্যৰ সংকটে যথেষ্ট হাহাকাৰ সৃষ্টি কৰি তুলিছে বানপীড়িত ৰাইজক৷ পানীৰ মাজত আবদ্ধ হৈ থকা ৰাইজে এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ লগতে অন্ন-বস্ত্ৰ বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগা হৈছে৷ অঞ্চলটোত প্ৰায় ৮০টাতকৈও অধিক পৰিয়ালে বাস কৰা অত্যন্ত দুখলগা চিলাপথাৰ অঞ্চলৰ ঐতিহাসিক সোণাৰিঘাটৰ ৰাইজৰ এই দুখৰ সমভাগী হ’বলৈ স্থানীয় জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনেও হাত আগবঢ়োৱা নাই৷ উল্লেখ্য, এটা সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ পাৰৰ একমাত্ৰ যাতায়াত ব্যৱস্থাৰ পথ আছিল৷ কিন্তু এই ঐতিহাসিক সোণাৰিঘাট এতিয়া ব্ৰহ্মপুত্ৰৰ কৰালগ্ৰাসত বিলিনৰ দিশে আগবাঢ়িছে৷ ধেমাজি জিলাৰ ভৌগোলিক মানচিত্ৰৰ পৰা নিচিহ্ন হোৱাৰ কৱলত৷ বছৰ বছৰ ধৰি হোৱা ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াই ইতিমধ্যেই ৰাইজৰ বিঘাই বিঘাই কৃষিপথাৰ, স্কুল, মঠ মন্দিৰৰ লগতে কেইবাটাও গৃহ ইতিমধ্যেই ব্ৰহ্মপুত্ৰত জাহ গৈছে৷ আজি ঐতিহাসিক সোণাৰীঘাটৰ অৱশিষ্ট বানে প্লাবিত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়েই৷ পৰিস্থিতিৰ বুজ লৈ সদস্যজনে কয়- এই অঞ্চলত বান খহনীয়াৰ যদি স্থায়ী প্ৰতিৰোধৰ বাবে এম এ চিৰ নিম্নতম আঁচনিৰে সম্ভৱ নহ’ব আৰু ইয়াক প্ৰতিৰোধৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ এক বুজন পৰিমাণৰ পুঁজিৰ আৱশ্যকীয়তা আছে বুলি মন্তব্য কৰে লগতে এই সম্পৰ্কে অতিশীঘ্ৰেই তেওঁ বিভাগীয় কতৃৰ্পক্ষৰ লগত তাৎক্ষণিকভাৱে আলোচনাত মিলিত হ’ব বুলি বন্যাতৰ আগত সদিৰ কৰে পৰিষদৰ সদস্যজনে৷ ইফালে একেদৰেই নামনি চিচিটঙানি পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ চিচি চুমনি গাঁও, শুকান চাপৰি, জংগলী অফিছ গাঁও, মৌজা চাপৰি ৱাৰ্ডকে সামৰি প্ৰায় ১০খন গাঁৱত ব্ৰহ্মপুত্ৰই চলাইছে কালৰূপ৷ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ বানে গাঁওখন প্লাৱিত কৰাৰ লগতে পুষ্পধৰ পেগু নামৰ লোকজনৰ অৰ্ধনিৰ্মিত পকী ঘৰটো নিমিষতে বলিয়া কালৰূপী বানে উটুৱাই নিয়াত গৃহহীন হৈ পৰে পেগু পৰিয়ালটো৷ বিগত বছৰতো এই অঞ্চলৰ পৱন মিছং, সৰ্বা মিছং আৰু ডিম্ব পেগু নামৰ লোককেইজনৰ বাসগৃহ ব্ৰহ্মপুত্ৰতৰ বুকুত বিলীন হৈ যায়৷ ৰাইজে জনোৱা মতে এনেদৰেই যদি প্ৰত্যেকবছৰে বানে বিভীষিকাময় ৰূপ ধাৰণ কৰিলে খুব কম সময়ৰ ভিতৰতেই ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰত থকা মিচিং অধ্যুষিত এলেকাসমূহ অস্তিত্বহীন হৈ পৰিব বুলি মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে পৰিদৰ্শন কৰি এই মন্তব্য কৰে৷ শীঘ্ৰেই চৰকাৰৰ জনপ্ৰতিনিধি তথা বিভাগীয় কতৃৰ্পক্ষই সময় থাকোঁতেই ব্যৱস্থা ল’বলৈ দাবী জনায় স্থানীয় ৰাইজে৷

নাৰায়ণপুৰত পিছলাৰ বানত বিধবস্ত কালভাৰ্ট

‘আমাৰ অসম’ৰ ভোগপুৰৰ প্ৰতিবেদকঃ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰত পিছলাৰ বানে আজি এটা গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা এটা কালভাৰ্ট উটুৱাই নিয়ে৷  ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভোগপুৰৰ পৰা ভোলাবৰী সংযোগী গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা এই কালভাৰ্টটো আজি পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানে বিধবস্ত কৰাত দহখন গাঁৱৰ ৰাইজৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ কালভাৰ্টটো তললৈ বহি যোৱাৰ লগতে এটা পাৰ পানীয়ে খহাই নিয়াত জীয়াতু ভুগিছে ৰাইজে৷ গাড়ী, মটৰ চাইকেল, চাইকেল নিব নোৱৰাৰ লগতে আনকি খোজকাঢ়ি যাবলৈও ব্যৱস্থা নাই৷ তদুপৰি, পিছলাৰ বানে ভোলাবৰি আৰু পিছলা গাঁও পঞ্চায়তৰ বিস্তীৰ্ণ এলেকা বুৰাই পেলায়৷

দধীয়াত নাৱৰ ওপৰতে মৃতকৰ আদ্যশ্ৰাদ্ধ পাতিলে এটা পৰিয়ালে

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ বানৰ মাজতে আদ্যশ্ৰাদ্ধ পাতিলে দধীয়াৰ এটা পৰিয়ালে৷ সাগৰসদৃশ বান পৰিস্থিতিৰ বাবে অসহায় পৰিয়ালটোৱে নাৱৰ ওপৰতে ৰাইজক খুৱালে ভোজ-ভাত৷ এই কৰুণ ঘটনা সংঘটিত হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দধীয়া বনগাঁৱত৷ বিগত ১৫ দিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত৷ ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ বানে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে বনগাঁওকেইখনত৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পালেও পিছে এতিয়াও জলমগ্ন বনগাঁওকেইখন৷ বিগত ১৫ দিন ধৰি মাটিৰ ছাঁটোকে দেখা নাই বনগাঁওকেইখনৰ বৰ্নাত্যই৷ ইয়াৰ মাজতে এটা অসহায় পৰিয়ালে পানীৰ মাজতে মৃতকৰ আদ্যশ্ৰাদ্ধ পাতিবলৈ বাধ্য হয়৷ ১৪ জুলাইত সংঘটিত হোৱা এই ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতো বিজ্ঞ সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, এমাহমানৰ পূৰ্বে দধীয়াৰ টেঙাবাৰী গাঁৱৰ শৰৎ মিপুন নামৰ ব্যক্তিজনৰ শাৰীৰিকভাৱে অসুস্থ হৈ মৃত্যু হৈছিল৷ ইফালে মৃত ব্যক্তিজনৰ আত্মাৰ সদগতিৰ বাবে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি ১৪ জুলাই দিনটোত ‘উচি’ৰ [আদ্যশ্ৰাদ্ধ] দিন ধাৰ্য কৰে শৰৎ মিপুনৰ পৰিয়ালে৷ কিন্তু প্ৰাকৃতিক পৰিস্থিতিয়েও যেন ৰেহাই নিদিলে পৰিয়ালটোক৷ যাৰ বাবে দুখন যন্ত্ৰচালিত নাও ভাড়াত আনি নাৱৰ ওপৰতে মাংগলিক কাম-কাজ সম্পন্ন কৰে৷ তদুপৰি, দুয়োখন নাৱক একত্ৰিত কৰি মাৰবান্ধি ৰাইজক খুৱালে ভোজ৷ আনকি পৰম্পৰাগতক ৰক্ষা কৰি মাটিৰ অভাৱৰ বাবে নাৱৰ ওপৰতে মৃতকক দিবলগীয়া হ’ল পিণ্ড৷ বৰ্তমান ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ট্ৰংক্ৰঙৰ নিৱাসী পৰিয়ালটোৱে দুখনকৈ নাও ভাড়াত লৈ তিৰ্পাল তৰি অতি বিপদসংকুলভাৱে মৃতকক সুঁৱৰি অনুষ্ঠিত কৰে আদ্যশ্ৰাদ্ধ৷ খাদ্য ৰন্ধা আৰু খোৱা-বোৱা সকলো নাৱৰ ভিতৰতে সম্পন্ন কৰিবলগা হয়৷ উল্লেখ্য, বছৰ বছৰ ধৰি দধীয়াৰ বনগাঁৱৰ ৰাইজে বানৰ সময়ত এনেদৰেই আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰি অহাটো সৰ্বজনবিদিত৷ কিন্তু চৰকাৰ তথা প্ৰশাসনে দধীয়াৰ দীৰ্ঘদিনীয়া পুনৰসংস্থাপনৰ দাবীৰ প্ৰতি অকনো গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল৷ আনকি প্ৰতিৱেশী গাঁৱৰ সন্তান সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো বিষয়টো কোনোধৰণে আগনাবাঢ়িল৷ ক্ষোভ আৰু হতাশাৰে ভৰি পৰা দধীয়াৰ বনগাঁৱৰ ৰাইজৰ সমস্যাৰ ওৰ নপৰিল কোনোদিন৷ বানৰ মাজত নাৱৰ ওপৰত আদ্যশ্ৰাদ্ধ পতাৰ ঘটনা কোনো নতুন কথা নহয় কিন্তু সাম্প্ৰতিক বিশ্বায়নৰ যুগত এয়া চৰম লজ্জানত ঘটনা৷ এনেধৰণৰ ঘটনাই চৰকাৰৰ খিলঞ্জীয়া মানুহৰ প্ৰতি থকা দায়িত্বজ্ঞানহীনতাৰ ফোঁপোলাস্বৰূপ উদঙাই দিছে৷ মন কৰিবলগীয়া যে, ১৯৫৭ চনত দধীয়াৰ ৯০টা পৰিয়ালক ডিব্ৰু ছৈখোৱাৰ ১৭০ হেক্টৰ বনভূমিত সংস্থাপিত কৰা হৈছিল৷