Logo
image

কেনে আছে চন্দ্ৰযান-৩

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ জুলাইঃ শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা ভাৰতৰ চন্দ্ৰযান-৩ৰ বৰ্তমান স্থিতি কি আৰু অভিযান কেনেদৰে আগবাঢ়িছে সেই লৈ অনুসন্ধিৎসুৰ মনত স্বাভাৱিকতে কৌতুহলৰ সৃষ্টি হৈছে৷ সেই কৌতুহলৰ কথা ইছৰ’ৱে জানে আৰু সেয়ে তেওঁলোকে চন্দ্ৰযান-৩ৰ শেহতীয়া অৱস্থিতিৰ বিষয়ে প্ৰকাশ কৰিছে৷ ইছৰ’ৱে জনাইছে– চন্দ্ৰযান-৩ৰ স্বাস্থ্য সম্পূৰ্ণ ভাল৷ সম্প্ৰতি চন্দ্ৰযান-৩য়ে পৃথিৱীক আৱৰ্তন কৰি আছে৷ উল্লেখ্য, দেওবাৰে ইছৰ’ৱে এটা বিশেষ পদক্ষেপৰ জৰিয়তে চন্দ্ৰযান-৩ক পৃথিৱীৰ কক্ষপথত স্থাপন কৰে৷ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা গ্ৰহণ কৰা এটা পদক্ষেপৰ জৰিয়তে, যাক   মহাকাশ বিজ্ঞানৰ ভাষাত ‘আৰ্থবাউণ্ড ফায়াৰিং-ৰ’ বুলি কোৱা হয়, সেই  পদক্ষেপেৰে চন্দ্ৰযান-৩ক পৃথিৱীৰ চাৰিওফালে ঘূৰিব পৰাকৈ এটা নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰে৷ সফলভাৱে উৎক্ষেপণ কৰাৰ পাছত চন্দ্ৰযান-৩ৰ ক্ষেত্ৰত গ্ৰহণ কৰা ইছৰ’ৰ এয়া হৈছে প্ৰথমটো পদক্ষেপ৷ চন্দ্ৰযান-৩ৰ পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলগীয়া কক্ষপথটো সম্পূৰ্ণৰূপে কণীৰ আকৃতিৰ৷ অৰ্থাৎ যেতিয়া চন্দ্ৰযান-৩ নিজৰ কক্ষপথত ঘূৰি পৃথিৱীৰ কাষ চাপিব, তেতিয়া ই পৃথিৱীৰ ১৭৩ কিলোমিটাৰ কাষলৈ আহিব৷ আনহাতে চন্দ্ৰযান-৩ নিজৰ কক্ষপথত ঘূৰি যেতিয়া দূৰলৈ যাব, তেতিয়া পৃথিৱীৰ সৈতে ইয়াৰ দূৰত্ব হৈ পৰিব ৪১,৭৬২ কিলোমিটাৰ৷ এনেদৰে চন্দ্ৰযান-৩য়ে পৃথিৱীৰ চাৰিওফালে ইছৰ’ৱে তৈয়াৰ কৰি দিয়া কক্ষপথেৰে পৃথিৱীক কেইবাপাকো প্ৰদক্ষিণ কৰাৰ পাছতহে  ইয়াক চন্দ্ৰৰ অভিমুখে ঠেলি দিয়া হ’ব৷ অৰ্থাৎ  পৃথিৱীৰ পৰা চন্দ্ৰৰ অভিমুখে উৎক্ষেপণ কৰিলেও এতিয়াও চন্দ্ৰযান-৩য়ে পোনে পোনে চন্দ্ৰৰ অভিমুখে ৰাওনা হোৱা নাই৷ ইয়াৰ পৰিৱৰ্তে চন্দ্ৰযান-৩য়ে এতিয়া পৃথিৱীত প্ৰদক্ষিণ কৰি আছে৷ 

পুনৰ ‘আৰ্থবাউণ্ড ফায়াৰিং-২’ৰ জৰিয়তে কেইদিনমানৰ পাছত ইছৰ’ৱে চন্দ্ৰযান-৩ৰ পথ চন্দ্ৰৰ দিশে পোনাব৷  তেতিয়া কেইবাদিনো ধৰি চন্দ্ৰযান-৩য়ে পৃথিৱীৰ পৰা চন্দ্ৰৰ ৩,৮৪,৪০০ কিলোমিটাৰ  দূৰত্বলৈ ৰাওনা হ’ব৷ অৱশ্যে তাত্বিকভাৱে পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব ৩,৮৪,৪০০ কিলোমিটাৰ হ’লেও বাস্তৱ অৰ্থত শেষটো যাত্ৰাত চন্দ্ৰযান-৩য়ে সিমান দূৰত্ব অতিক্ৰম কৰিবলগীয়া নহ’ব৷ কিয়নো ইছৰ’ৱে চন্দ্ৰযান-৩ক চন্দ্ৰৰ অভিমুখে যেতিয়া ঠেলা মাৰি দিব তেতিয়া চন্দ্ৰযান-৩ পৃথিৱীৰ পৰা সৰ্বাধিক দূৰত্বত অৱস্থান গ্ৰহণ কৰি থাকিব৷ অৰ্থাৎ নিজৰ কক্ষপথত ঘূৰি পৃথিৱীৰ পৰা দূৰলৈ আঁতৰি যোৱাৰ সময়তে ইছৰ’ৱে চন্দ্ৰযান-৩ক  চন্দ্ৰৰ পিনে আগবঢ়াই দিব৷ চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কাষ চাপি গৈ পুনৰ পৃথিৱীক প্ৰদক্ষিণ কৰাৰ দৰে চন্দ্ৰক প্ৰদক্ষিণ কৰিব৷ চন্দ্ৰৰ চাৰিওফালে আৱৰ্তন কৰিবলগীয়া চন্দ্ৰযান-৩ৰ কক্ষপথো হ’ব প্ৰায় পৃথিৱীক কৰাৰ দৰেই কণীৰ আকৃতিৰ৷ এনেদৰে চন্দ্ৰক কেইবাপাকো প্ৰদক্ষিণ কৰাৰ পাছত অহা ২৩ আগষ্টত চন্দ্ৰযান-৩ক চন্দ্ৰত অৱতৰণ কৰোৱা হ’ব৷ তেতিয়া চন্দ্ৰযান-৩ৰ সৈতে চন্দ্ৰৰ দূৰত্ব হ’ব মুঠেই ১০০ কিলোমিটাৰ৷ সেই ১০০ কিলোমিটাৰৰ যাত্ৰা প্ৰকৃততে অতি জটিল৷ ইয়াৰ পূৰ্বে চন্দ্ৰযান-৩ৰ গতি হ’ব প্ৰতি ঘণ্টাত ৬ হাজাৰ কিলোমিটাৰ বা ততোধিক৷ অৱতৰণৰ সময়ত সেই ১০০ কিলোমিটাৰ পথত মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰত চন্দ্ৰযান-৩ৰ গতি ৬ হাজাৰ কিলোমিটাৰৰ  পৰা  প্ৰায় শূন্যলৈ হ্ৰাস কৰিবলগীয়া হ’ব৷ সেই প্ৰক্ৰিয়া অতি কঠিন৷ কিয়নো বায়ুমণ্ডল নথকা আৰু মধ্যাকৰ্ষণ শক্তি নথকা চন্দ্ৰ পৃষ্ঠত এনেদৰে অৱতৰণ কৰিবলগীয়া যানখন শূন্যত এৰি দিয়া এটা চৰাইৰ পাখি ওপঙি ওপঙি তলত পৰাৰ দৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব লাগিব৷ 

সেইদৰে নিখুঁত অৱতৰণৰ বাবে প্ৰস্তুতি চলাইছে ইছৰ’ৱে৷ ইছৰ’ৱে জনোৱা অনুসৰি চন্দ্ৰপৃষ্ঠত সূৰ্যোদয়ৰ লগে লগে চন্দ্ৰযান-৩ৰ লেণ্ডাৰে অৱতৰণ কৰাৰ কথা৷ কিয়নো তেতিয়া পৰীক্ষা-নিৰীক্ষা চলোৱাৰ বাবে আমাৰ পৃথিৱীৰ সময় অনুসৰি ১৫টা সূৰ্য আলোকিত দিন পাব৷ উল্লেখ্য চন্দ্ৰৰ এটা দিনৰ দৈঘ্যৰ্ আমাৰ পৃথিৱীৰ বাবে ১৫ দিনৰ সমান৷ ইছৰ’ৱে জনোৱা অনুসৰি যিসময়ত চন্দ্ৰযান-৩ চন্দ্ৰৰ একেবাৰে কাষ চাপিব তেতিয়া পৃথিৱী, জি এছ এল ভি মাৰ্ক-থ্ৰী ৰকেট আৰু চন্দ্ৰৰ কক্ষপথ একেই পৃষ্ঠত [প্লেইন] থাকিব লাগিব, তেতিয়াহে চন্দ্ৰযান-৩য়ে অৱতৰণৰ বাবে পদক্ষেপ ল’ব পাৰিব৷ এই পৰিস্থিতিক বিজ্ঞানৰ ভাষাত কোৱা হয় ‘লুনাৰ ট্ৰান্সফাৰ অৰ্বিট’ বা  এল টি অ’৷ এইবাৰো চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ চাৰিবছৰ পূৰ্বে চন্দ্ৰযান-২ৰ অৱতৰণো দক্ষিণ মেৰুৰ কাষৰ ‘ছিমপেলিয়াছ এন’ আৰু ‘মেনজিনাছ চি’ নামৰ দুটা গহ্বৰ মাজত কৰাৰ চেষ্টা চলোৱা হৈছিল৷ কিন্তু চন্দ্ৰযান-২য়ে ‘ক্ৰেছ লেণ্ডিং’ কৰাত অৰ্থাৎ ঠেকেছা খাই পৰাত তাতে নিঃসাৰ আৰু একেলগে নিখোঁজো হৈ গৈছিল৷ পেটৰ ভিতৰত ৰ’ভাৰ প্ৰজ্ঞানক লৈ অদৃশ্য হৈ গৈছিল লেণ্ডাৰ বিক্ৰম৷ ইছৰ’ দূৰৰে কথা আনকি নাছাইও বহু অনুসন্ধান চলাই বিক্ৰম-প্ৰজ্ঞানক বিচাৰিব উলিয়াব নোৱাৰিলে৷ অৱশেষত নাছাই তেওঁলোকৰ এখন লুনাৰ অৰ্বিটাৰৰ পৰা ফটো তুলি বিশ্ববাসীৰ ওচৰত বিক্ৰমক সন্ধান উলিওৱাৰ বাবে সাহায্য বিচাৰিছিল৷ সেই ফটো দেখি চেন্নাইৰ এজন মেকানিকেল ইঞ্জিনীয়াৰে বিক্ৰমৰ ধবংসাৱশেষ চিহ্নিত কৰিছিল৷ নাছাই সেই দাবী মানি লৈছিল৷ ইছৰ’ৱে অদৃশ্য হৈ পৰা বিক্ৰমৰ সন্ধান উলিয়াব নোৱাৰাৰ ঘটনাটো অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছিল৷ এইবাৰ আপেক্ষিকভাৱে কোমল ভূমিত চন্দ্ৰযান-৩ক অৱতৰণৰ চেষ্টা কৰোৱা হ’ব বুলি ইছৰ’ই মন্তব্য কৰিছে৷ ভাৰতবাসীৰ আশা, এইবাৰ ইছৰ’ৱে চন্দ্ৰযান-৩ক সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাবলৈ সক্ষম হ’ব৷ যদিহে ইছৰ’ সফল হয়, তেন্তে ভাৰত হ’ব চন্দ্ৰপৃষ্ঠত কোনো যান অৱতৰণ কৰোৱা পৃথিৱীৰ চতুৰ্থখন দেশ৷ ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া আৰু চীনে চন্দ্ৰপৃষ্ঠত যান অৱতৰণ কৰাবলৈ সক্ষম হৈছে আৰু কেৱল আমেৰিকাই চন্দ্ৰলৈ মানৱ পঠিয়াবলৈ সক্ষম হৈছে৷ 

উল্লেখ্য, যোৱা নিশা যেতিয়া ভাৰতৰ চন্দ্ৰযান  পৃথিৱীৰ কাষচাপি আহিছিল, তেতিয়া ই অষ্ট্ৰেলিয়াৰ আকাশৰ ওপৰেৰে ধাৱমান হৈছিল৷ এজন ব্যক্তিয়ে তৰাৰ দৰে এটা ‘অৱজেক্ট’ উৰি থকা দেখি এখন ফটো তুলি টুইট কৰিছিল৷ লগে লগে ইছৰ’ৱে সঁহাৰি জনায় আৰু সেয়া ভাৰতৰ চন্দ্ৰযান-৩ বুলি ৰি-টুইট কৰে৷ লগে লগে সেই ফটোখন ইণ্টাৰনেটত ভাইৰেল হৈ পৰে৷ অখ্যাত ব্যক্তিজনো হঠাতে ইণ্টাৰনেটত পৰিচিত হৈ পৰে৷ তেওঁৰ টুইটত ইজনৰ পাছত সিজনে কৰা মন্তব্যৰে টুইটাৰ ভৰি পৰে৷