Logo
image

মুক্ত বিশ্ববিদ্যালয়ত কেলেংকাৰি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৭ জুলাইঃ যিসময়ত অসম চৰকাৰে দুৰ্নীতি বিৰোধী অভিযানক তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিছে, সেই একেই সময়তে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে কেলেংকাৰিৰ নায়কক ৰেহাই দি পুৰস্কৃত কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ অসম চৰকাৰে ‘এটকা’ৰ দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধেও কঠোৰতম শাস্তি বিহাৰ পোষকতা কৰাৰ সময়তে ১০ লক্ষাধিক টকা আত্মসাৎ কৰাৰ প্ৰমাণ পোৱাৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ দিয়াৰ   সৌজন্যও নেদেখুৱালে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ তাৰ বিপৰীতে ১০ লক্ষাধিক টকা আত্মসাৎ কৰা ঘটনাত অভিযুুক্তক নূ্যনতম এদিনৰ বাবেও নিলম্বিত কৰাৰ বিপৰীতে বিশ্ববিদ্যালয়ৰ আন বিভাগলৈ বদলি কৰি আওপকীয়াকৈ দুৰ্নীতিৰ বাবে পুৰস্কৃতহে কৰিলে৷ দুৰ্নীতিৰ বাবে পুুৰস্কৃত কৰাৰ এনে আজৱ কাণ্ড সংঘটিত কৰা বিশ্ববিদ্যালয়খনৰ বিষয়ে এতিয়া আলোচনা অনুষ্ঠানৰ ভিতৰে-বাহিৰে, সৰ্বত্ৰে৷ ঘটনাৰ বিৱৰণী মতে, ৰাজ্যৰ বিভিন্ন স্থানত থকা মুক্ত বিশ্ববিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰসমূহত ছাত্ৰ-ছাত্ৰীসকলে জমা দিয়া মাচুলসমূহ কেন্দ্ৰসমূহে বিশ্ববিদ্যালয়ক জমা দিব লাগে আৰু সেই মাচুলৰ এটা নিৰ্দিষ্ট পৰিমাণ অংশ [৫০ শতাংশ হিচাপত] বিশ্ববিদ্যালয়খনে যাৱতীয় খৰচৰ বাবে অধ্যয়ন কেন্দ্ৰসমূহক বেংক একাউণ্টযোগে ঘূৰাই দিয়ে৷ ইয়াকে ‘শ্বেয়াৰ মানী’ বুলি কোৱা হয়৷ এই শ্বেয়াৰ মানীৰ ধনৰাশিতে বিশ্ববিদ্যালয়খনত সংঘটিত হৈছে বৃহৎ কেলেংকাৰি৷ ২০২২ চনৰ ১৪ অক্টোবৰত বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ একাউণ্ট সহায়কজনে ধৰা পেলায় যে শ্বেয়াৰ মানীৰ বহু লক্ষ টকা সংশ্লিষ্ট অধ্যয়ন কেন্দ্ৰৰ বিপৰীতে কিছুমান ব্যক্তিগত একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে৷ লগে লগে সহায়কজনে বিত্ত বিষয়া ড॰ দীপক কলিতাক মেইলযোগে অৱগত কৰায় আৰু বিত্ত বিষয়াজনে পঞ্জীয়কলৈ সবিশেষ জনাই মেইল কৰে৷ তাৰ তিনিদিন পিছত, ১৮ অক্টোৱৰ ২০২২ তাৰিখে পঞ্জীয়কে বিষয়টো গুৰুত্ব সহকাৰে লৈ অনুসন্ধান কৰিবলৈ বিত্ত বিষয়াগৰাকীক নিৰ্দেশ দিয়ে৷ পঞ্জীয়কৰ পৰা নিৰ্দেশ অহাৰ আগতেই বিত্ত বিষয়া ড॰ কলিতাই সহায়কজনৰ সহায়ত এখন প্ৰতিবেদন প্ৰস্তুত কৰে৷ এই প্ৰতিবেদন মতে– ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ সৰ্বমুঠ ১০, ৩১, ৪৪০ টকা ১২টা কিস্তিত অধ্যয়ন কেন্দ্ৰসমূহৰ বেংক একাউণ্টৰ পৰিৱৰ্তে কিছুমান ব্যক্তিগত একাউণ্টলৈ হস্তান্তৰিত কৰা হৈছে৷ আশ্বাৰ্যজনকভাৱে তেনে এটা একাউণ্টৰ গৰাকী হ’ল বিশ্ববিদ্যালয়খনৰ একাউণ্টেণ্ট ৰাণা হাজৰিকা৷ ঘটনাটোৰ এটা নতুন মোৰ লৈ আমোদজনকভাৱে ২০২২ চনৰ ১৭ অক্টোবৰৰ দিনাই [পঞ্জীয়কৰ পৰা বিত্ত বিষয়ালৈ অনুসন্ধানৰ প্ৰতিবেদন প্ৰস্তুতৰ নিৰ্দেশ অহাৰ এদিন আগত] ৰাণা হাজৰিকা আৰু তেওঁৰ সহযোগী প্ৰশান্ত ডেকাই নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰি বিত্ত বিষয়াক লিখিতভাৱে জনায় আৰু ২৬ অক্টোবৰত সমুদায় ধন বেংকৰ একাউণ্টত ঘূৰাই দিয়া বুলি আন এখন লিখিত পত্ৰযোগে বিত্ত বিষয়াগৰাকীক জনায়৷ এই সকলো বিষয় সামৰি বিশ্ববিদ্যালয়খনত এটা বিত্তীয় খেলিমেলি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি বিষয়টোৰ ওপৰত উচিত তদন্ত বিচাৰি উৰ্ধতন কতৃৰ্পক্ষৰ দৃষ্টিগোচৰ কৰি বিত্ত বিষয়াজনে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ ওচৰত প্ৰতিবেদন দাখিল কৰে৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই বিষয়টোৰ উচিত তদন্ত কৰিবলৈ ২০২২ চনৰ ৩ নৱেম্বৰত পঞ্জীয়ক ড॰ অৰূপজ্যোতি চৌধুৰীৰ নেতৃত্বত এখন তিনিজনীয়া কমিটী গঠন কৰি দিয়ে৷ কমিটীৰ আন দুজন সদস্য আছিল– অধ্যাপক প্ৰাঞ্জিৎ বৰা আৰু অধ্যাপক এন এন শৰ্মা৷ কমিটীখনে ২০২২ চনৰ ৬ ডিচেম্বৰত বিশ্ববিদ্যালয় কতৃৰ্পক্ষক দিয়া প্ৰতিবেদনত এই বিত্তীয় কেলেংকাৰি সংঘটিত হোৱাৰ কথা উল্লেখ কৰি ৰাণা হাজৰিকা আৰু প্ৰশান্ত ডেকাক দোষী সাব্যস্ত কৰে, লগতে এই দুজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিয়ে আৰু আন খেলিমেলি থকাৰ সন্দেহ কৰি এক উচ্ছ পৰ্যায়ৰ তদন্তৰ পোষকতা কৰে৷ এইখিনিতে সকলোকে আচৰিত কৰি বিশ্ববিদ্যালয় কতৃৰ্পক্ষই তদন্তৰ প্ৰতিবেদন দাখিলৰ সুদীৰ্ঘ ৪২ দিনৰ পাছত অৰ্থাৎ ২১ জানুৱাৰী ২০২৩ তাৰিখে অভিযুক্ত দুজনক মাত্ৰ কাৰণ দৰ্শোৱাৰ জাননীহে জাৰি কৰে আৰু ২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত দুয়োজনৰে চাৰিটাকৈ ইনক্ৰিমেণ্ট কটাৰ নিৰ্দেশ দিয়ে আৰু দুয়োজনকে বিভাগ সলনি কৰি দি বিষয়টো সামৰি থয়৷ কিন্তু লক্ষ লক্ষ টকাৰ বিত্তীয় কেলেংকাৰিৰ কথা পোহৰলৈ অহাৰ পাছতো কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাটো নাইবা সৌজন্যমূলক হিচাপে হ’লেও স্থানীয় আৰক্ষী চকী বা দুৰ্নীতি নিবাৰক শাখাত এখন এজাহাৰ কিয় নিদিলে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই– সেয়া ৰহস্যজনক৷ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিকো কিয় ভেঙুচালি কৰিলে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই? নে কেচু খান্দোতে সাপ ওলাব বুলি জানি সকলো কথা মাত্ৰ কেইজনমান মানুহৰ মাজতে সীমাৱদ্ধ কৰি ৰাখি অভিযুক্তৰ লগতে নিজকো বচাব বিচাৰিছে বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ কোনো পদাধিকাৰীয়ে? যাৰ বাবে হয়তো অভিযুক্তক বাৰে বাৰে সুযোগ ল’বলৈ সময়ৰ ব্যৱধান দি থকা হৈছে! ইতিমধ্যেই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ বিলাসিতা আৰু স্বজনতোষণৰ কথা সংবাদ মাধ্যমৰ যোগেদি পোহৰলৈ আহিছে৷ এই ঘটনাটোও আমদানিকৃত উপাচাৰ্যজনৰ আন এক ক’লা অধ্যায়ৰ আৰম্ভণি হ’ব পাৰে নেকি? এই সমগ্ৰ বিষয়বোৰৰ ওপৰত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ বিচৰাৰ লগতে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ নিজাববীয়া তদন্ত  কামনা কৰিছে বিশ্ববিদ্যালয়খনৰ সচেতন শিক্ষক-কৰ্মচাৰীসকলৰ লগতে অসমৰ বৌদ্ধিক সমাজে৷