Logo
image

মুখ্যমন্ত্ৰী আৰু আজমলৰ বিৰুদ্ধে ঠায়ে ঠায়ে গোচৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ জুলাইঃ মিঞা আৰু অসমীয়া বিতৰ্কই ৰাজ্য উত্তাল হৈ থকাৰ মাজতে এইবাৰ বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল৷ সাম্প্ৰদায়িক মন্তব্যৰে ঘৃণা বিয়পোৱাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই বিভিন্নজনে দাখিল কৰিছে এজাহাৰ৷ মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ ল’ৰা ওলাই আহিলে এবছৰৰ ভিতৰত মিঞাক ক্লীন কৰি দিম বুলি কৰা সাম্প্ৰদায়িক মন্তব্যক লৈ দেওবাৰে প্ৰথমবাৰলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যক লৈ সোমবাৰে সাংসদ অজিত ভূঞা, তৃণমূল কংগ্ৰেছ, চিপিআই [এম]কে ধৰি বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে এজাহাৰ দাখিল কৰে৷ সোমবাৰে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই৷ এজাহাৰ দাখিলৰ পাছতেই মুখ্যমন্ত্ৰীয়ে সাংসদজনৰ সন্দৰ্ভত কৰা পূৰ্বৰ কিছু মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে অজিত কুমাৰ ভূঞাই৷ এই সন্দৰ্ভত সাংসদ  ভূঞাই সংবাদ মাধ্যমৰ আগত কয়– ‘ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী আছিলো মই৷ যদি তেওঁ মোক  সহায় কৰিছিলে তেতিয়া হ’লে আজিয়ে তেওঁক দল বিৰোধী কাৰ্যত দলৰ পৰা বহিষ্কাৰ কৰিব লাগে৷ যেনেদৰে কংগ্ৰেছক ছুৰী মাৰি আহিলে, সৰ্বানন্দ সোণোৱালক যেনেদৰে ছুৰী মাৰি আহিলে ঠিক তেনেদৰে আৰু যে নহ’ব তাৰ নি(য়তা দিব নোৱাৰে৷ অজিত ভূঞাক পৰাজিত কৰিবলৈ হিমন্তই ২০০ কোটি টকা বিচাৰিছিল বিজেপিৰ শীৰ্ষ নেতাৰ পৰা৷ আটাইতকৈ অসমীয়া সমাজৰ বৰ ক্ষতিকাৰক এজন মানুহ মুখ্যমন্ত্ৰী হ’ল৷ তেওঁ মিছা কোৱাত ৰ নম্বৰ৷ হিমন্ত বিশ্ব মিছা কথাৰ ভাণ্ডাৰ৷’ আনহাতে সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই কিয় এটা নিৰ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে বুলি প্ৰশ্ন কৰে সাংসদ ভূঞাই৷ ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যৰে অসমত ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি চি পি আই এমৰ ৰাজ্যিক কমিটীয়ে সোমবাৰে গুৱাহাটীৰ লতাশিল আৰক্ষী থানাত মুখ্যমন্ত্ৰী আৰু সাংসদজনৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰে৷ চি পি আই এমৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত এখন সংবাদমেলত ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যৰে অসমত ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ এনে ঘৃণা বিয়পোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ মুখ্যমন্ত্ৰী শৰ্মাই অসমীয়া যুৱকসকল উঠি আহিলে গুৱাহাটী মহানগৰীৰ পৰা এবছৰৰ ভিতৰত মিঞাসকলক সম্পূৰ্ণৰূপে চাফাই কৰিব বুলি কৈছে৷  শৰ্মাই লগতে মিঞাসকলে বাছ, অ’লা, উবেৰ, টেক্সী চালক, ৰিক্সাচালক, শাক-পাচলিৰ ব্যৱসায় সকলোতে দখল কৰা বুলিও উচটনিমূলক আৰু অগণতান্ত্ৰিক মন্তব্য দিছে৷ দেখদেখকৈ এয়া সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্য৷ এই মন্তব্যই মিঞা আৰু অসমীয়াৰ মাজত সাম্প্ৰদায়িক বিদ্বেষৰ ভাৱ সৃষ্টি কৰি সংঘৰ্ষৰ সূচনা পৰ্যন্ত হোৱাৰ সম্ভাৱনা জাগ্ৰত কৰিব৷ এয়া গৰিহণাৰ যোগ্য, অযুক্তিকৰ তথা সংবিধান বিৰোধী৷ আনহাতে, উচ্ছতম ন্যায়ালয়ৰ এক ৰায় অনুসৰি ঘৃণা বিয়পোৱা মন্তব্য দিয়া ব্যক্তিৰ বিৰুদ্ধে কোনো এজাহাৰ দাখিল নহ’লেও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে৷ কিন্তু বক্তব্য প্ৰদানৰ প্ত দিন উকলি যোৱাৰ পাছতো অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এয়া খুবেই দুৰ্ভাগ্যজনক৷’ সংবাদমেলত চি পি আই এমৰ কেন্দ্ৰীয় কমিটীৰ সদস্য ইছফাকুৰ ৰহমান, চি পি আই এমৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য নিৰংকুশ নাথ উপস্থিত থাকে৷ ইফালে  হিমন্ত বিশ্ব শৰ্মাই মিঞা আৰু অসমীয়াক লৈ কৰা সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে আগবঢ়োৱা মন্তব্যই সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা৷ মুখ্যমন্ত্ৰী এই মন্তব্যৰ সন্দৰ্ভত সোমবাৰে এখন সংবাদ মেলত  ৰিপুন বৰাই কয় যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই দেশৰ লগতে আন্তৰ্জাতিক পৰ্যায়ত তোলপাৰ লগাইছে৷ উচ্ছতম ন্যায়ালয়ৰ ৰায় অনুসৰি ভাৰতীয় দণ্ডবিধিৰ ১৫৩ A ক অমান্য কৰিছে মুখ্যমন্ত্ৰীয়ে৷ তেওঁৰ এনে বক্তব্যই দুই সম্প্ৰদায়ৰ মাজত ঘৃণা আৰু শত্ৰুতাৰ মনোভাৱ বৃদ্ধি কৰিছে৷ সাম্প্ৰদায়িক বিষপাষ্প বিয়পোৱা যিকোনো ধৰণৰ মন্তব্য দিলে ন্যায়ালয়ে লগে লগে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিল৷  অসম আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আজি এই সন্দৰ্ভত আইন অনুযায়ী পদক্ষেপ লোৱাৰ অনুৰোধ জনাই ই-মেইলযোগে ভাৰতৰ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা সংবাদমেলত সদৰি কৰে৷ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে দিছপুৰ থানাত সোমবাৰে এজন অধিবক্তায়ো এজাহাৰ দাখিল কৰিছে৷

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে কোক্‌ৰাঝাৰ কংগ্ৰেছে

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰ বিশেষ প্ৰতিনিধিঃ মুখ্যমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ স্থানত থকা এজন ব্যক্তিয়ে যদি উজনিৰ যুৱকসকল ওলাই আহে তেন্তে আমি এবছৰৰ ভিতৰতে মিঞাসকলক চাফা কৰিব পাৰিম বুলি অসাংবিধানিক উগ্ৰ মন্তব্য কৰাটো অসমবাসীৰ বাবে ই কেৱল দুখজনকেই নহয় লজ্জাজনক৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ অন্যতম সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ গৰ্জন মুছাহাৰীৰ৷ উল্লেখ্য, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মিঞাক ছাফাই কৰিম বোলা বিতৰ্কিত মন্তব্যৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি কংগ্ৰেছ নেতাজনে উক্ত মন্তব্য কৰি মুখ্যমন্ত্ৰীক তীক্ষ্ণভাষাৰে সমালোচনা কৰি আক্ৰমণাত্মক হৈ পৰে৷ উল্লেখ্য, আজি কোক্‌ৰাঝাৰ চহৰস্থিত কোক্‌ৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰণেন্দ্ৰ ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি মুছাহাৰীয়ে মুখ্যমন্ত্ৰী শৰ্মাই আজি মিঞাসকল, কালি বড়োসকল, পৰহি আদিবাসীসকল বুলি এনেদৰে বিভাজন কৰি থাকে তেন্তে অসমখন অসম হৈ থাকিব নেকি বুলি প্ৰশ্নৰ উত্থাপন কৰে৷ সেয়েহে মুখ্যমন্ত্ৰী শৰ্মাৰ এনেকুৱা স্পৰ্শকাতৰ তথা অসাংবিধানিক মন্তব্যৰ জৰিয়তে অসমত এক অস্থিৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা বাবে তেওঁৰ বিৰুদ্ধে আজি কোক্‌ৰাঝাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ব্লকৰ প্ৰছিডেণ্ট আৰু বুথৰ প্ৰছিডেণ্টসহ তিনিজনে এখন এজাহাৰ দাখিল কৰিছে৷ সংবাদ মেলখনত মুছাহাৰীয়ে কয় যে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান স্বাভাৱিক অৱস্থাত নাই৷ মুখ্যমন্ত্ৰীৰ আসনত বহি নিজকে ৰজা বুলি ভাবিলে নহ’ব তেওঁক ৰাইজেহে নিৰ্বাচন কৰি মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছে বুলি সোঁৱৰাই দিয়ে৷ কংগ্ৰেছ নেতাজনে লগতে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ পাহৰি গৈছে বুলি অভিযোগ কৰি তেওঁ শাক-পাচলিৰ মূল্যবৃদ্ধিৰ বাবে মিঞাসকলক দায়ী কৰিলে নহ’ব বুলি উনুকিয়াই দিয়ে৷ সমগ্ৰ দেশত দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা হৈছে কৰ, বৃদ্ধি কৰা হৈছে তাৰ উত্তৰ দিব পাৰিব নেকি প্ৰশ্ন উত্থাপন কৰি মুছলমানসকল এই দেশৰ নাগৰিক বুলি দাবী কৰে৷ মুছলমানসকলৰ মাদ্ৰাছা বন্ধ কৰি দিয়া মুখ্যমন্ত্ৰীয়ে আজমলৰ ছুপাৰ ফিফটিত মুছলমান ছাত্ৰ-ছাত্ৰীৰ জয়-জয়কাৰত হিংসা লাগিছে বুলি অভিহিত কৰে৷ গতিকে এনেকুৱা ঠেক মানসিকতাৰ মানুহ এজন মুখ্যমন্ত্ৰীৰ দৰে পদত থকাৰ মৰ্যাদাখিনি হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰি মিঞাসকল অসমীয়া নহয়, বড়োসকল অসমীয়া নহয়, আদিবাসীসকলো অসমীয়া নহয় তেন্তে আপোনাৰ দৃষ্টিত অসমীয়া কোন হয় বুলি প্ৰশ্ন তুলি আজিৰ দিনত মুখ্যমন্ত্ৰী শৰ্মাই খেতি-বাতি, পঢ়াই-শুনাই আগবাঢ়ি যোৱা বাবে ঈৰ্ষান্বিত হৈছে বুলি কৈ অকল মিঞা কিয়, কাইলৈ বড়ো, আদিবাসী, ৰাভাসকলকো খেদিব পাৰে৷  কাৰণ খেলা-ধূলাৰ দিশত বড়ো ল’ৰা-ছোৱালী যথেষ্ট আগবঢ়া৷ এইবোৰ কাৰণতেই মেঘালয়, নাগালেণ্ড, মেঘালয়, মিজোৰাম অসমৰ পৰা আঁতৰি গ’ল বুলিও কংগ্ৰেছ নেতাজনে অভিযোগ উত্থাপিত কৰে৷  তদুপৰি, এনেকৈ খেদি থাকিলেতো বড়োসকলে বড়োলেণ্ড. মিঞাবিলাকে মিঞালেণ্ড বিচাৰিবই বুলিও কয় জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে৷