Logo
image

কাজিৰঙাৰ অৰ্ধেক জলমগ্ন

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১৮জুলাই ঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈ পৰিছে জলমগ্ন৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰ্ধেক বনাঞ্চল প্লাৱিত কৰাত গঁড়, হাতী, পহুকে ধৰি বন্যপ্ৰাণীৰ লগতে বনকৰ্মীৰ কিছু সমস্যাৰ সৃষ্টি হৈছে৷ ইফালে ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি হৈ থকাৰ বাবে প্ৰতিদিন ৰাষ্ট্ৰীয় উদ্যানখনৰ ন ন বন শিবিৰ প্লাৱিত হৈ আছে৷ বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ ২২৩টা বন শিবিৰ আছে৷ ইয়াৰে এতিয়ালৈকে ৬৩টা বন শিবিৰৰ তলত  পানী সোমাইছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ যোগদান কৰা বন সংমণ্ডল বিষয়া অৰুণ বিগণেশে জানিবলৈ দিয়া মতে অগৰাতলি বনাঞ্চলত ২০ টা, কহঁৰাত ২০ টা, বাগৰিত ১০ টা, বুঢ়াপাহাৰত ৪ টা,  আৰু বোকাখাত বনাঞ্চলৰ অধীনত ৩টা বন শিবিৰৰ তলত পানী সোমাইছে৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ বন সংমণ্ডলৰ মুঠ ৩০টা বন শিবিৰৰ ভিতৰত ৬টা বন শিবিৰৰ তলত পানী সোমাইছে৷ ৰাষ্ট্ৰীয় উদ্যানৰ কিছু বন শিবিৰৰ তলত ছফুটৰ পৰা দুফুটপৰ্যন্ত পানী সোমাইছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ খাতিৰত থকা অধিকসংখ্যক বন শিবিৰ চাং হোৱাৰ বাবে বনকৰ্মীৰ বিশেষ কোনো অসুবিধা হোৱা নাই৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত বনকৰ্মীয়ে টহল দি থকা পথ ঠায়ে ঠায়ে পানীত বুৰ যোৱাত গাড়ীৰে নিৰীক্ষণ কৰাত সমস্যা হোৱাৰ বাবে বৰ্তমান বনকৰ্মীয়ে নাৱেৰে পেট্ৰ’লিং কৰি আছে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বনকৰ্মীৰ ৰেচন অৰ্থাৎ খাদ্যৰ যাতে কোনো সমস্যা নহয় তাৰ বাবে উদ্যান কতৃৰ্পক্ষই বন শিবিৰবোৰত খাদ্যৰ যোগান ধৰি আছে বুলি বন বিষয়াই জানিবলৈ দিয়ে৷ আনহাতে, নিৰাপত্তাৰ খাতিৰত উদ্যানৰ অটব্য অৰণ্যৰ মাজত নিয়োগ কৰা বন বিভাগৰ পোহনীয়া হাতীবোৰক ইতিমধ্যে কহঁৰাৰ পিলখানা আৰু কাৰ্বি পাহাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ এটা গুৰুত্বপূৰ্ণ কথা যে বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে চলিত বানত এতিয়ালৈকে দুটা পহুকে ধৰি এটা অজগৰকলৈ মুঠ তিনিটা বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিছে৷ মৃত্যু হোৱা দুটা পহু নিৰাপত্তা বিচাৰি আশ্ৰয় ল’বলৈ আহোঁতে উদ্ধাৰ কৰি কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হৈছিল যদিও চিকিৎসা কৰি থকা অৱস্থাত মৃত্যু হয়৷ আনহাতে, ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত হালধিবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি থাকোঁতে গাড়ীৰ চেপাত এটা অজগৰ মৃত্যুমুখত পৰে৷ ইফালে অগৰাতলি বনাঞ্চলৰ অধীনত ৰজাগাঁৱৰ ৰাইজে দুটা পহুক উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়ে৷ ৰাইজে উদ্ধাৰ কৰা পহু দুটাক বন বিভাগৰ লোকে পুনৰ নিৰাপদ ঠাইত মুকলি কৰি দিয়ে বুলি বনাঞ্চলিক বিষয়া বিদ্য়ুত বিকাশ বৰাই জানিবলৈ দিয়ে৷ পানী বৃদ্ধি হোৱালৈ চাই ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীবোৰ যিকোনো সময়ত নিৰাপদ আশ্ৰয় বিচাৰি ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে৷ গঁড়, হাতী, পহু, ম’হ আদি বন্যপ্ৰাণীবোৰে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনিত আশ্ৰয় লোৱাৰ বাবে কাৰ্বি আংলং জিলাৰ বন বিভাগৰ লোকক সষ্টম কৰি ৰখা হৈছে৷ কাৰ্বি আংলং জিলাৰ বনকৰ্মীয়ে বন্যপ্ৰাণী আশ্ৰয় লোৱা এলেকাবোৰত টহল দিয়াৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত আশ্ৰয় ল’বলৈ অহা বন্যপ্ৰাণীক এচাম চোৰাং চিকাৰীয়ে সুবিধা বুজি নিধন কৰে৷ বিগত বৰ্ষবোৰত চোৰাং চিকাৰীয়ে গঁড়কে ধৰি বন্যপ্ৰাণী নিধন কৰালৈ চাই এইবাৰ বিশেষকৈ কাৰ্বি আংলং আৰু এনিমেল কৰিড’ৰ এলেকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলি বিভাগীয় সূত্ৰে প্ৰকাশ৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত গঁড়, পহু, হাতী, গাহৰি, ম’হ আদি বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথত অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ নামনি চাহ বাগিচাত আশ্ৰয় লয়৷ আৰু সেই সময়ত বাগিচাত কৰ্তব্য কৰিবলৈ যোৱা শ্ৰমিক বন্যপ্ৰাণীৰ আক্ৰমণৰ বলি হ’বলগা হোৱাৰ বাবে এইবাৰ শ্ৰমিকসকলক সজাগ হ’বলৈ আহ্বান জনাইছে বাগিচা কতৃৰ্পক্ষই৷ আনহাতে, প্ৰয়োজন হ’লে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কাজিৰঙাৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কাৰণে যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ টাইম কাৰ্ড দিয়াৰ সকলো ব্যৱস্থা কৰা হৈছে বুলিও সহকাৰী বন সংৰক্ষক নয়ণজ্যোতি ৰাজবংশীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷