Logo
image

এনডিএৰ বেনাৰত পুনৰ দিল্লী দখলৰ কচৰৎ মোদী-শ্বাহৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ জুলাইঃ দেশৰ ৰাজনীতিত বিজেপি বিৰোধী তৎপৰতা বৃদ্ধি পোৱাৰ সময়ত আৰু বিৰোধী ৰাজনৈতিক দলসমূহে বেংগালুৰুত দুদিনীয়াকৈ বৈঠক অনুষ্ঠিত কৰাৰ দিনটোতে সমান্তৰালভাৱে মঙলবাৰে নতুন দিল্লীত বিজেপিৰ নেতৃত্বত এন ডি এৰ বৈঠক অনুষ্ঠিত হ’ব৷ অহা বছৰ হ’বলগীয়া লোকসভাৰ নিৰ্বাচন আৰু তাৰ পূৰ্বে হ’বলগীয়া পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি চকু ৰাখি এন ডি এৰ দলসমূহৰ মাজত প্ৰাণসঞ্চাৰ কৰাৰ বাবে বিজেপিৰ নেতৃত্বত মঙলবাৰে এই বৈঠকখনৰ আহ্বান জনোৱা হৈছে৷ এনডিএৰ বেনাৰত পুনৰ দিল্লী দখলৰ কচৰৎ চলাইছে মোদী, অমিত শ্বাহে৷ তাৎপৰ্যপূৰ্ণভাৱে এন ডি এৰ দলসমূহৰ মাজত সম্পৰ্ক ঘনিষ্ঠ কৰি তোলাৰ বাবে আৰু আস্থা অৰ্জনৰ লক্ষ্যৰে কাইলৈৰ বৈঠকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ৷ এই বৈঠকত বিজেপিৰ দুয়োজন শীৰ্ষ নেতাই ভাষণ প্ৰদান কৰিব৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই প্ৰকাশ কৰা অনুসৰি এন ডি এৰ পৰা আঁতৰি যোৱা কেইবাটাও ৰাজনৈতিক দলে এই বৈঠকত যোগদান কৰি পুনৰ এন ডি এৰ কাষ চাপি আহিব৷ ন-পুৰণি মিলি এন ডি এৰ এই বৈঠকত দেশৰ ৩৮টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিব বুলি জে পি নড্ডাই সোমবাৰে প্ৰকাশ কৰিছে৷ বিগত সময়ত এন ডি এ ত্যাগ কৰা শিৰোমণি আকালি দল, চিৰাগ পাছোৱানৰ এল জে পি, চন্দ্ৰবাবু নাইডুৰ তেলুগু দেশম পাৰ্টী, নীতিশ কুমাৰৰ সংগ ত্যাগ কৰা হিন্দুস্তান আৱাম মৰ্চাৰ  জিতনৰাম মাঝিয়ে মঙলবাৰৰ বৈঠকত পুনৰ এন ডি এৰ সংগ ল’ব৷ তদুপৰি শিৱসেনাৰ বিক্ষুব্ধ গোষ্ঠী তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিৱসেনা, সদ্যহতে এন চি পি ত্যাগ কৰি সিন্দে চৰকাৰত যোগদান কৰা অজিত পাৱাৰ নেতৃত্বাধীন বিদ্ৰোহী এন চি পিয়েও এই বৈঠকত যোগদান কৰাৰ কথা৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ৩৮টা ৰাজনৈতিক দলৰ সমাৱেশ ঘটিব বুলি সোমবাৰে প্ৰকাশ কৰিলেও ইয়াৰে গৰিষ্ঠসংখ্যক দল হৈছে তেনেই নগণ্য৷ তাৰে সৰহসংখ্যক দলৰ কোনো সাংসদো নাই৷ অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেলৰ আপনা দলৰ উপৰি পশুপতি পাৰশৰ ৰাষ্ট্ৰীয় লোক জনশক্তিৰ দৰে দল, উপেন্দ্ৰ কুশৱালাহাৰ ৰাষ্ট্ৰীয় লোক জনতা দল, ওমপ্ৰকাশ ৰাজভৰৰ সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টী আদিৰ দৰে কোনো কাহানিও নাম নুশুনা ৰাজনৈতিক দলো মঙলবাৰৰ বৈঠকত উপস্থিত থাকিব৷ ইপিনে তিনিবছৰ আগলৈকে কংগ্ৰেছৰ সৈতে জোঁট বান্ধি কৰ্ণাটকত চৰকাৰ গঠন কৰা এইছ ডি কুমাৰাস্বামী- দেৱেগৌড়াৰ জে ডি [এছ] দলেও এই বৈঠকত ভাগ লোৱাৰ কথা৷ বিগত কৃষক আন্দোলনত চৰকাৰ ত্যাগ কৰি এন ডি এৰ পৰা আঁতৰি যোৱা শিৰোমণি আকালি দলৰ দৰে এন ডি এ ত্যাগ কৰি চাৰিবছৰ পূৰ্বে আঁতৰি গৈ বিৰোধী ঐক্যৰ বাবে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰা তেলুগু দেশমৰ চন্দ্ৰবাবু নাইডুৰ প্ৰত্যাৱৰ্তন তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা হৈছে৷ 

বিৰোধী শিবিৰৰ সাম্প্ৰতিক তৎপৰতাৰ সময়ত এন ডি এৰ এই উদ্যোগ গুৰুত্বপূৰ্ণ বুলি দেশৰ ৰাজনীতিত বিচাৰ কৰা হৈছে৷ উল্লেখ্য, ২০১৯ চনত বিজেপিয়ে এককভাৱে সাধাৰণ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত এন ডি এৰ সহযোগী দলসমূহক গেৰুৱা দলটোৱে গুৰুত্ব নিদিয়া হৈছিল৷ এন ডি এত গুৰুত্বহীন হৈ পৰিয়েই বহু সংগীদল বিগত চাৰিবছৰত আঁতৰি গৈছিল৷ যোৱা চাৰি বছৰত এন ডি এৰ কোনো বৈঠকেই অনুষ্ঠিত হোৱা নাছিল৷ এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিৰ ওচৰত বিগত চাৰি বছৰত এন ডি এৰ সংগী সৰু-বৰ কোনো দলৰ স্বৰূপাৰ্থতে গুৰুত্ব নাছিল৷ কিন্তু বিগত কৰ্ণাটক বিধানসভা নিৰ্বাচনত পূৰ্ণ শক্তি প্ৰয়োগ কৰিও কংগ্ৰেছৰ ওচৰত পযুৰ্দস্ত হোৱাৰ পাছত স্বয়ং বিজেপিয়ে এন ডি এৰ সকলো দল একগোট কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ কিয়নো কৰ্ণাটকত বিজেপিক কংগ্ৰেছে অকলেই পৰাস্ত কৰাৰ পাছত বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহ একগোট হৈছে৷ যদিহে সমগ্ৰ দেশৰ সকলো বিৰোধী ৰাজনৈতিক দল একগোট হয় তেন্তে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন বিজেপিৰ বাবে বিগত সাধাৰণ নিৰ্বাচনৰ দৰে সহজ নহ’ব৷ সেই ৰাজনৈতিক সমীকৰণ উপলব্ধি কৰিয়েই বিজেপিয়ে এইবাৰ  আগন্তুক সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সৰু-বৰ সকলো দলকে এন ডি এত একগোট কৰিবলৈ প্ৰচেষ্টা চলাইছে৷ কিয়নো জোঁট শক্তিৰ বিচাৰৰ পৰা আৰু নিৰ্দিষ্টভাৱে প্ৰত্যেকখন ৰাজ্যত থকা বিৰোধী ৰাজনৈতিক দলৰ ঐক্যবদ্ধতাই বিজেপিক প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি নিব পাৰে৷ সেয়ে পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন আৰু অহা বছৰৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এন ডি এৰ সম্প্ৰসাৰণ আৰু শক্তি বৃদ্ধিৰ বাবে উদ্যোগী হৈ পৰিছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু জে পি নড্ডা৷