Logo
image

নগাঁৱত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ কৰ্মচাৰী

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ৰূপহীহাটৰ প্ৰতিবেদক, ১৮ জুলাইঃ  নগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে শিক্ষা বিভাগৰ এজন ঘোচখোৰ কৰ্মচাৰী৷ উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত হাত দাঙিব লগা হয় নগাঁও শিক্ষা বিভাগৰ কৰ্মচাৰীজনে৷ এই ঘটনাত এজন শিক্ষকৰ পৰা পাঁচ হাজাৰ টকা উৎকোচ লওতে লাওখোৱা শিক্ষা খণ্ডৰ নিম্ন বৰ্গৰ সহায়ক বিপুল মেঁচক আটক কৰে দুৰ্নীতি নিবাৰক শাখাই৷ নগাঁও চহৰৰ জয়শ্ৰী হল চাৰিআলিত হাতে লোটে আটক হয় কৰ্মচাৰীজন৷ ইয়াৰ লগে লগে নগাঁও জিলাৰ শিক্ষা বিভাগত লাগিছে হাহাকাৰ৷ জানিব পৰা মতে ধৃত কৰ্মচাৰীজনে লাওখোৱা শিক্ষা খণ্ডত ধন ঘটাৰ বেহা মেলিছিল৷ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গ্ৰন্থম শইকীয়াৰ অতি ঘনিষ্ঠ বুলি পৰিচিত মেঁচৰ শেহতীয়াকৈ দৌৰাত্ম বৃদ্ধি পাইছিল৷ বহু শিক্ষকে বিপুল মেঁচৰ দৌৰাত্মৰ বাবে চকুৰে সৰিয়হৰ ফুল দেখিবলৈ বাধ্য হৈছে৷ ধৃত বিপুল মেঁচক জেৰা কৰিলেই শিক্ষা খণ্ডটোত অব্যাহত থকা দুনীৰ্তিৰ বৃহৎ বজাৰখন আঁৰৰ পৰা কোনজন বিষয়াই নিয়ন্ত্ৰণ কৰি আছে, সেয়া পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷