Logo
image

"মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাই প্ৰস্তুত কৰিছে সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰা": সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচীত জাতি সন্মিলিত মঞ্চ

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'সমষ্টি পুনঃ নিৰ্ধাৰণৰ খচৰাই বিপন্ন কৰিব ভূমিপুত্ৰ অনুসুচিত জাতিৰ অস্তিত্ব'-এইদৰে কয়, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ উপদেষ্টা পৰমানন্দ দাসে। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচীত জাতি সন্মিলিত মঞ্চৰ উদ্যোগত মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন  সংবাদ মেলত তেওঁ লগতে কয়- বাংলাদেশৰ নমসূদ্ৰ লোকসকলৰ প্ৰব্ৰজনে শেহতীয়াকৈ অসমৰ জন গাঁথনি ব্যাপক ৰূপত সলনি কৰিছে। বাংলাদেশৰ নমসূদ্ৰ লোক সকলক ৰক্ষণাবেক্ষণ দিবৰ বাবে সমষ্টি পুনঃনিৰ্ধাৰণৰ এই খচৰা প্ৰস্তুত কৰা হৈছে। হিন্দু বাংলাদেশীৰ জন প্ৰব্ৰজনে অনুসূচিত জাতিৰ লগতে অসমৰ ভূমি পুত্ৰলৈ ভাবুকি আনিছে। সমষ্টি পুনঃনিৰ্ধাৰণৰ এই খচৰাই তাকেই প্ৰমাণ কৰে।  মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাই প্ৰস্তুত কৰিছে সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰা ।

২০ লাখ অনুসূচিত অসমৰ নাগৰিকৰ মূৰত কোঠাৰ মাৰিছে পীয়ূষ হাজৰিকাই। ৯ টা নহয় ১৪ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ লাগে। হিমন্ত বিশ্ব শর্মাৰ এই খচৰাৰ জৰিয়তে বাংলাদেশী মূলৰ লোকক মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পথ মোকোলাই দিলে এই খচৰাখনক লৈয়ে আছুৱে চৰকাৰক সমৰ্থন জনাইছে। বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ স্ক্ৰীপ মতে কাম কৰিছে সদৌ অসম ছাত্ৰ-সন্থাই। এই খচৰাই অধিক সংৰক্ষণ প্ৰদান কৰিব প্ৰবজিত লোকক। ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা অসমৰ লোকসভা আসন আৰু বিধানসভা আসনৰ পুনঃনির্ধাৰণৰ বাবে যি খচৰা প্ৰস্তুত কৰা হৈছে, এই খচৰাই খিলঞ্জীয়া অনুসূচিত জাতিৰ বাবে সংকট কঢ়িয়াই আনিব। অনুসূচিত জাতিৰ ভূমিপুত্র কৈৱৰ্ত, বণিয়া, হীৰা, সূত্ৰধৰ আদি সম্প্রদায় সমূহৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি এই খচৰাই অ- খিলঞ্জীয়া প্রব্রজিত অনুসূচিত জাতিৰ লোককহে সুৰক্ষা প্ৰদান কৰিব। সংৰক্ষণৰ ক্ষেত্ৰত কেতবোৰ সংশোধনী অনুসূচিত জাতিৰ সংগঠনৰ ফালৰ পৰা বিচৰা হৈছে।

বৰাক উপত্যকাৰ শিলচৰ লোকসভা সমষ্টিৰ পৰিৱৰ্তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ নগাঁও লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰক। তথ্যগতভাৱে দেখা যায় যে শিলচৰ লোকসভা সমষ্টিতকৈ নগাঁও লোকসভা সমষ্টি অনুসূচিত বাবে সংৰক্ষিত কৰাৰ অধিক যুক্তিযুক্ততা আছে। শিলচৰ লোকসভা সমষ্টিয়ে অসমৰ কাছাৰ জিলা সাঙুৰি লৈছে। তথ্যমতে কাছাৰ জিলাৰ অনুসূচিত জাতিৰ জনসংখ্যা ২,৬৪,৮৯৭ জন আৰু নগাঁও জিলাৰ অনুসূচিত জাতিৰ সংখ্যা ২,৬৬,৩৫০ জন। অর্থাৎ কাছাৰ জিলাত নগাঁও জিলাতকৈ অনুসূচিত জাতিৰ জনসংখ্যা কম। নগাঁও জিলা অনুসূচিত জাতিৰ জনসংখ্যাৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে শীর্ষ স্থানত আছে। সেয়ে নগাঁও লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰাতো সংখ্যাগত ভাবে অধিক গুৰুত্বপূর্ণ।

ভৌগলিক, ভাষিক আৰু ৰাজনৈতিকভাৱে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকাৰ পৰা একেবাৰে পৃথক। দেখা যায় যে ভৌগলিকভাৱে ক্ষুদ্র বৰাক উপত্যকাৰ জনপ্রতিনিধিয়ে বিশাল ব্রহ্মপুত্র উপত্যকাৰ জনগনক ৰাজনৈতিকভাৱে প্রতিনিধিত্ব কৰাটো সম্ভৱ নহয়। তথ্যমতে দেখা যায় যে বৰাক উপত্যকাত অসমৰ মুঠ অনুসূচিত জাতিৰ ২২ শতাংশ অনুসূচিত জাতিৰ লোক আছে। কিন্তু ব্ৰহ্মপুত্র উপত্যকাত ৭৭.৮৮ শতাংশ অনুসূচিত জাতিৰ লোক আছে। ব্রহ্মপুত্র উপত্যকাৰ গৰিষ্ঠ সংখ্যক অনুসূচিত জাতিৰ লোকক এজন ভাৰতীয় সংসদৰ প্ৰতিনিধিৰ পৰা বঞ্চিত কৰি কেৱল বৰাক উপত্যকাৰ ২২ শতাংশ লোকৰ বাবে সংসদ প্ৰতিনিধিৰ প্ৰেৰণৰ সুবিধা দি গৰিষ্ঠ সংখ্যক লোকক বঞ্চিত কৰা হৈছে। সেয়ে লোকসভা সমষ্টি ব্ৰহ্মপুত্র উপত্যকাত সংৰক্ষিত কৰিব লাগে। দেশে স্বাধীনতা লাভ কৰাৰ পৰা আজিকোপতি অনুসূচিত জাতিৰ লোকসভা সমষ্টিটো বৰাক উপত্যকাতে বৈ গ'ল। যাৰ পৰিণতিত বিগত ৭৫ বছৰে গৰিষ্ঠ সংখ্যক অনুসূচিত জাতিৰ লোক বাস কৰা বহ্মপুত্ৰ উপত্যকাৰ পৰা এজনো অনুসূচিত জাতিৰ প্ৰতিনিধি দেশৰ সংসদলৈ প্ৰতিনিধি হৈ যাব পৰা নাই। যিটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ ২০ লাখৰো অধিক অনুসূচিত জাতিৰ বাবে এক দুখলগা কথা। সেয়েহে এইবাৰ ৰাজ্যখনৰ একমাত্ৰ অনুসূচিত জাতির সংৰক্ষিত সমষ্টিটো ব্ৰহ্মপুত্ৰ উপত্যকাত দিবৰ বাবে দাবী জনালো তাৰু এই সংৰক্ষিত সমষ্টিটো নগাঁও লোকসভা সমষ্টি হ'ব লাগে বুলি দৃঢ়তাৰে দাবী জনালোঁ । 

অনুসূচিত জাতিৰ জনসংখ্য দ্রুত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মুঠ সংৰক্ষিত বিধান সভা সমষ্টি ৯ টা পৰিৱৰ্তে ১৪ টা দিবৰ বাবে দাবী জনালোঁ। অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত বিধান সভাৰ সমষ্টিৰ ৯ টাৰ ভিতৰত ৬ টা সমষ্টিতে অ-খিলঞ্জীয়া অনুসূচিত জাতিৰ সংখ্যাগৰিষ্ঠতা দেখা যায়। যাৰ ফলত এই সংৰক্ষিত সমষ্টিৰ পৰা অ- খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰহে সুৰক্ষিত হোৱাটো নিশ্চিত হৈছে। গতিকে আমি স্পষ্টভাবে কওঁ যে এই খচৰাৰ দ্বাৰা খিলঞ্জীয়া অনুসূচিত জাতিৰ লোক ৰাজনৈতিক ভাৱে সুৰক্ষিত হোৱাৰ সম্ভাৱনা কম। পূর্বতে খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকৰ সংখ্যাগৰিষ্ঠতা থকা দেৰগাঁও আৰু মঙ্গলদৈ বিধানসভা সমষ্টিৰ সংৰক্ষণ উঠাই দি খিলঞ্জীয়া সকলক ৰাজনৈতিক ভাৱে অ-সুৰক্ষিত কৰা হৈছে। সেয়ে খিলঞ্জীয়া তথা ভূমি পুত্ৰ লোকৰ ৰাজনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি দেৰগাঁও আৰু মঙ্গলদৈ বিধানসভা সমষ্টি পুনৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিবলৈ দাবী জনালোঁ। অনুসূচিত জাতিৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশ ভূমিপুত্র লোক উজনি অসমৰ দক্ষিণ পাৰত বাস কৰে। কলিয়াবৰৰ পৰা শদিয়া লৈকে এই বিশাল অঞ্চলৰ ভূমি পুত্ৰ অনুসূচিত জাতিৰ কৈৱৰ্ত সকলৰ বাবে এটাও সমষ্টি সংৰক্ষণ নকৰাটো ভূমি পুত্ৰ সকলৰ বাবে এক তাৱহেলা। অসমৰ আদিম ভূমি পুত্ৰ আৰু অসমীয়া ভাষা সংস্কৃতিৰ মূল ধাৰক আৰু বাহক এই কৈৱৰ্ত সকলক মূল পৃষ্ঠভূমিতে ৰাজনৈতিক সংৰক্ষণ প্রদান নকৰি ৰাজনৈতিক ভাৱে হত্যা কৰা হৈছে। উজনি অসমৰ দক্ষিণ পাৰত দেৰগাঁও বিধান সভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল যদিও এই খচৰাত দেৰগাঁও সমষ্টিৰ সংৰক্ষণ উঠাই দিয়া হৈছে। যিটো ভূমি পুত্ৰ কৈৱৰ্ত সকলৰ বাবে এক ভীষণ অন্যায়। সেয়েহে উজনি অসমৰ দক্ষিণ পাৰত দেৰগাঁও সমষ্টিৰ লগতে দুটা বিধান সভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিবলৈ দাবী জনালোঁ।আমি লগতে নগাঁও লোকসভা সমষ্টি সংৰক্ষণৰ দাবী জনালোঁ।'

সংবাদ মেলত সদৌ অসম অনুসুচিত জাতি ছাত্র সন্থাৰ সভাপতি থানেশ্বৰ দাস, কাৰ্যনিৰ্বাহক সদস্য প্ৰহ্লাদ দাস, কৈৱৰ্ত সন্মিলনী অসমৰ ৰাজ্যিক সম্পাদক মনোৰঞ্জন দাস,  অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক নিত্যানন্দ দাস আদি উপস্থিত থাকে।