Logo
image

অসম চৰকাৰৰ ৩২ হাজাৰ নতুন চাকৰি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুলাইঃ ৰাজ্যৰ যুৱক-যুৱতীক ৰ লাখ নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছিল, সেই প্ৰতিশ্ৰুতিৰ অংশ হিচাপে শীঘ্ৰে প্ৰকাশ পাব ৩২ হাজাৰ নতুন পদৰ বিজ্ঞাপন৷ ১০ ছেপ্টেম্বৰৰ ভিতৰত গৃহ, স্বাস্থ্য, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগত এই ৩২ হাজাৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে এই সিদ্ধান্ত সদৰী কৰে৷ তথ্য অনুসৰি তৃতীয় বৰ্গৰ ৭,০৭৩টা আৰু চতুৰ্থ বৰ্গৰ  ৪,৯৩৯টা পদ পূৰণৰ বাবেও বিজ্ঞাপন দিয়া হ’ব৷ আনহাতে, গৃহ বিভাগৰ ৪,০৯৭টা, স্বাস্থ্য বিভাগত ৫,১০৫টা, শিক্ষা বিভাগত ১০,২৯৯টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১,১৭৬টা পদত নিযুক্তি দিব চৰকাৰে৷ সৰ্বমুঠ ৩২,৬৮৯টা পদত নিযুক্তিৰ বাবে ১০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰিব৷